নলবাৰী জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia

নলবাৰী জিলা
Remove ads

নলবাৰী (ইংৰাজী: Nalbari) অসমৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে কামৰূপ জিলাৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়।

ক্ষিপ্ৰ তথ্য নলবাৰী জিলা, দেশ ...
Remove ads

ভৌগোলিক বিৱৰণ

জিলাখনৰ মাটিকালি হৈছে ৯৯৯.৯০ বৰ্গ কিঃমিঃ।[1] ২০০১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১৩৮১৮৪ জন।[1][2] বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%। সমুদ্ৰপৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ১০০০ ফুট।

চাৰিসীমা
নৈ-উপনৈ

জিলাখনৰ দক্ষিণ দিশেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। আনকেইখন প্ৰধান নৈ হ'ল পাগলদিয়া, নোনা, বৰলীয়া, বুঢ়াদিয়া, টিহু।[2]

Remove ads

ইতিহাস

পোন প্ৰথমতে নলবাৰী কামৰূপ জিলাৰ এক মহকুমা আছিল। ১৯৬৭ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে নলবাৰীক মহকুমা ৰূপে প্ৰশাসনিক দয়িত্ব প্ৰদান কৰে। ১৯৮৫ চনৰ ১৪ আগষ্টৰ পৰা নলবাৰীক জিলা হিচাপে ঘোষণা কৰা হয়। নলবাৰী নামটোৰ উদ্ভৱ সন্দৰ্ভত বহুতো জনশ্ৰুতি আছে-

  • বিদৰ্ভ ৰাজ 'নল'ৰ বাৰী হিচাপে জিলাখনৰ নাম নলবাৰী হোৱা বুলি কোৱা হয়।
  • যথেষ্ট পৰিমাণে নল-খাগৰি থকা বাবে ইয়াৰ নাম নলবাৰী হয়।
  • ১৮৯৭ চনৰ ভূমিকম্পত লুপ্ত হোৱা ন নামৰ নদীখনৰ পৰা নলবাৰী নামটো হোৱা বুলি কোৱা হয়।
  • ন নদীৰ পাৰত বাস কৰা কৈৱৰ্ত্ত মানুহ এচামে উঠি আহি নতুনকৈ ন নদীৰ উত্তৰে বসতি স্থাপন কৰা কাৰণে নলবাৰী হোৱা বুলি কোৱা হয়।
Remove ads

জন গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাৰ জনসংখ্যা ৭৬৯,৯১৯ জন; ইয়াৰে পুৰুষ ৩৯৫,৮০৪ জন আৰু মহিলা ৩৭৪,১১৫ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৫ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৭৬৩ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৭৪%। শিক্ষিতৰ হাৰ ৭৩.৮৫%।

প্ৰশাসনিক গাঁথনি

নলবাৰী জিলা মাথোঁ এটা মহকুমাৰে গঠিত। সদৰ নলবাৰী। জিলাখনৰ উন্নয়ন খণ্ডসমূহ হ'লঃ বড়িগোগ বনভাগ, পূব নলবাৰী, বৰভাগ, বৰক্ষেত্ৰী, পশ্চিম নলবাৰী, মধুপুৰ, টিহু, টিহু বৰমা। জিলাখনত তিনিটা বিধানসভাৰ সমষ্টি আছে আৰু তিনিওটা সমষ্টি তিনিটা সুকীয়া সুকীয়া সংসদীয় সমষ্টিৰ অন্তৰ্গত।

  • ৫৯, নলবাৰী (৮, মঙলদৈ সংসদীয় সমষ্টিৰ অন্তৰ্গত)
  • ৬০, বৰক্ষেত্ৰী (৭, গুৱাহাটী সংসদীয় সমষ্টিৰ অন্তৰ্গত)
  • ৬১, ধৰ্মপুৰ (৬, বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্গত)
Remove ads

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads