নামবৰ অভয়াৰণ্য

From Wikipedia, the free encyclopedia

নামবৰ অভয়াৰণ্যmap
Remove ads

নামবৰ অভয়াৰণ্য (ইংৰাজী: Nambor Wildlife Sanctuary) অসমগোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো[2] ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।[3][4]

ক্ষিপ্ৰ তথ্য নামবৰ অভয়াৰণ্য, অৱস্থান ...
Remove ads

ইতিহাস

১৮৭২ চনৰ ৯ আগষ্টত গোলাঘাট মহকুমাৰ ১,৮১,৩৬৪ হেক্টৰ বনভূমিক ’নামবৰ সংৰক্ষিত বনাঞ্চল’ হিচাপে ঘোষণা কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ সৰ্বপ্ৰথম সংৰক্ষিত বনাঞ্চল বুলি জনা যায়।[5] ১৯২৬ চনত বনাঞ্চলখনৰ কিছু অংশ ৰে’লপথ আৰু স্থলপথৰ বাবে মুকলি কৰাত মাটিকালি কমি ৭২,৪৮৬ হেক্টৰ হয়গৈ।

১৯৫২ চনৰ ১০ জুলাইত নামবৰ সংৰক্ষিত বনাঞ্চলৰ ৬.৫ বৰ্গ কিলোমিটাৰ অংশক ’গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য’ হিচাপে ঘোষণা কৰা হয়। ১৯৬৫-৬৬ চনত নামবৰক উত্তৰ নামবৰ আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল ৰূপে দুটা ভাগত বিভক্ত কৰা হয়।[5]

২০০৩ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ নামবৰৰ ৫,৪৯২ হেক্টৰ বনভূমি আৰু উজনি-নামনি দৈগ্ৰোং সংৰক্ষিত বনাঞ্চলৰ ৯৭.১৫ বৰ্গ কিলোমিটাৰ সামৰি ’নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য’ গঠন কৰা হয়।[5]

Remove ads

জৈৱ বৈচিত্ৰ্য

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ নামবৰ সংৰক্ষিত বনাঞ্চল গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত।

উদ্ভিদ

নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য গছ-গছনিৰ বাবেও বিখ্যাত। ইয়াত শাল, চেগুন, বনচোম, তিতাচঁপা, গমাৰি, হলখ আদি মূল্যৱান গছ থকাৰ লগতে লেতেকু, পনিয়ল, সুমথিৰা, বগীটেঙা আদি ফল-মূলৰ গছে আছে। প্ৰায় ৫০বিধ বিৰল প্ৰজাতিৰ অৰ্কিডেৰে বনাঞ্চলখন ভৰপূৰ। এই বনাঞ্চলত পোৱা আদাজাতীয় কৰ্মূল তামোলৰ লগত খোৱাৰ উপৰি সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়।

ভেলু, গমাৰী, আজাৰ, নাহৰ, পমা, বনচোম, উৰিয়াম (Udiyam) ইত্যাদি।[3] তদুপৰি ইয়াত প্ৰায় ৫১ বিধ অৰ্কিডৰ প্ৰজাতিও পোৱা যায়।

জীৱ-জন্তু

নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱজন্তু আৰু গছ-গছনি আছে। হাতীৰ বাবে বিখ্যাত এই বনাঞ্চলত ধেকীয়াপতীয়া বাঘ, ঘোং, কেমটাই পহু, মেঠোন, হলৌ বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, শৰপহু, ভালুক, সুগৰী পহু, জহামাল, অজগৰ, ফেঁটীসাপ, গুঁই আদি বন্যপ্ৰাণী আছে।

স্তন্যপায়ী প্ৰাণী
হাতী, হলৌ বান্দৰ, ঘোং,মেথোন, সেন্দূৰী বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, লাজুকী বান্দৰ, অসমীয়া বান্দৰ, মলুৱা বান্দৰ, নাহৰফুটুকী বাঘ, লতামাকৰী বাঘ, মেচেকা, খটীয়া পহু, শৰপহু, শৰ পহু, সুগৰী পহু, কেঁটেলা পহু বনৰীয়া গাহৰি ইত্যাদি।[5]
Remove ads

পক্ষী

কেতেকী, কুলি, বনকুকুৰা,মণিয়ৰি, শামুকভঙা, মাছোৰোকা, কাও ধনেশ,গলমণিকা,ৰাজ ভাটৌ,বতা চৰাই,কলীমূৰী হাঁহ, হেটুলুকা, পাহাৰী ময়না,পৰঘুমা,হাইঠা,ঘিলা হাঁহ,পানী কাউৰী,বৰ বগ, গো-বগ, ভীমৰাজ, তিল কপৌ, হাৰুৱা কপৌ, দেওহাঁহ, ফেঁচা, টেকটেকী, তেলীয়াহাৰেং, মইনা, হাইঠা, শগুন, মৌপিয়া, ডাউক, ডঁৰিক,দেওডঁৰিক, কাম চৰাই, ইত্যাদি।[3][5]
সৰীসৃপ
অজগৰ, ফেঁটী, বৰকাছ, উলূকাছ, দুৰাকাছ, খতৌকাছ আদি।[5]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads