নামেৰি ৰাষ্ট্ৰীয় উদ্যান
অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান From Wikipedia, the free encyclopedia
Remove ads
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে। কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ পিছতে নামেৰি, অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল।

Remove ads
- ১৭-১০-১৯৭৮ : নামেৰিক সংৰক্ষিত বনাঞ্চল (Reserved Forest) ঘোষণা
- ১৮-০৯-১৯৮৫ : অভয়াৰণ্য (Sanctuary) ৰূপে স্বীকৃতি প্ৰদান (১৩৭ বৰ্গ কি:মি:)
- ২৭-০২-১৯৯৭ : নামেৰি(২১২ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ প্ৰাৰম্ভিক অনুজ্ঞা প্ৰদান
- ০৯-০৯-১৯৯৮ : নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান[1]
- ০১-০৩-২০০০ : নামেৰি (৩৪৪ বৰ্গ কিলোমিটাৰ)ক ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা। (Core area: ২০০ বৰ্গকিলোমিটাৰ, Buffer area: ১৪৪ বৰ্গকিলোমিটাৰ)

Remove ads
নামৰ উৎস (etymology)
উদ্যানখনক ১৯৭৮ চনৰ ১৭ অক্টোবৰত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত ন - দুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে ১৩৭ বৰ্গ কিলোমিটাৰ এলেকাৰ সৈতে ইয়াক নামেৰী অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। তেতিয়ালৈকে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন লগিংৰ বাবে যথেষ্ট ব্যৱহাৰ কৰা হৈছিল। ১৯৯৮ চনৰ ১৫ নৱেম্বৰত যেতিয়া ইয়াক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া আৰু ৭৫ কিলোমিটাৰ যোগ কৰা হৈছিল।
অসমৰ জীয়া-ভৰলী নদী ব্ৰিটিছৰ সময়ৰ পৰাই সোণালী মাহচীৰ এংলিঙৰ বাবে বিখ্যাত আছিল। ২০১১ চনৰ পৰা এই টাইগাৰ ৰিজাৰ্ভত এংলিং আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰা হৈছিল।
Remove ads
ভৌগোলিক অৱস্থান
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পূবে অৰুণাচল প্ৰদেশৰ পাকে সংৰক্ষিত বনাঞ্চল (Pakhui Wildlife Sanctuary) তথা পাকে ব্যাঘ্ৰ প্ৰকল্প (Pakke Tiger Reserve)। এই অঞ্চলৰ মাজেদি ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী জীয়াভৰলী বৈ গৈছে। তদুপৰি জীয়াভৰলীৰ উপনৈ দিজি (Diji), দিনাই (Dinai),দইগুৰুং (Doigurung), নামেৰি (Nameri), দিকৰাই (Dikorai) ইত্যাদিও এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি বৈ গৈছে। তেজপুৰৰ শালনি বিমানবন্দৰৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব ৩৪ কিঃমিঃ। তেজপুৰ চহৰ, গুৱাহাটী, যোৰহাট তথা নগাঁৱৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্বয়ে ৪০, ২২০, ২১৫ আৰু ১১০ কিলোমিটাৰ।
জলবায়ু
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বনাঞ্চলৰ প্ৰকাৰ
নামেৰীৰ বনাঞ্চল মূলত: ক্ৰান্তীয় চিৰসেউজীয়া আৰু সেমেকা পৰ্ণপাতী বনাঞ্চল। তদুপৰি উদ্যানখনৰ প্ৰায় ১% ঘাঁহনিৰে পৰিপূৰ্ণ।[2] অন্যান্য বনাঞ্চলৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হৈছে-
- Assam Valley Tropical Evergreen Forests – IR/C 2b Mesua Sub type.
- Assam Alluvial Plains semi Evergreen Forests- 2B/C I. A.
- Sub Himalayan light Alluvial Semi- Evergreen Forests 2B/I.S.IMekahi Sub Type.
- Eastern Alluvial Secondary Semi Evergreen Forests- 2B/2.S.
- Cane Brakes- 2B/E.I.
- Wet Bamboo Brakes 2B/K.2.
- Northern Secondary Moist Mixed, Deciduous Forests – 3C/ 2.S.I.
- Low Alluvial savanna Wood Land- 3/ I.S.I.
- Eastern Hollock Forests –3/I.S.2b.
4.D/SSI
- Eastern Seasonal Swamp Forests.
- Eastern Dillenia Swamp Forests- 4D / SS Dillenia Altingia Association.
- Eastern wet Alluvial Grass land- 4.D / 2.5.2
Remove ads
প্ৰাণীকুল



নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়। ইয়াত দেখা পোৱা বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণীসমূহ তলত উল্লেখ কৰা হৈছে-
|
|
তদুপৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যানত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি দেখিবলৈ পোৱা যায়।[3]
উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ বন সংমণ্ডল বিষয়া শ্ৰীযুত পঙ্কজ শৰ্মা আৰু চৰাই পৰ্যবেক্ষক শ্ৰীযুত মান বৰুৱাই ২০০৫ চনতে নামেৰীত ৩৭৪টা প্ৰজাতিৰ চৰাই বিজ্ঞানসন্মতভাৱে গণনা কৰি থৈ গৈছে[4]। উল্লেখ্য যে শ্ৰীযুত পঙ্কজ শৰ্মা অসম বন সেৱাৰ ১৯৮৪ চনৰ বিষয়া লগতে অসমৰ এজন বিশিষ্ট পক্ষীবিদ।
ইয়াৰে উল্লেখযোগ্য চৰাইৰ প্ৰজাতিসমূহ হ'ল-
|
|
|
তদুপৰি এই ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰজাতিৰ সৰীসৃপ যেনে, ৰজা ফেঁটী, ফেঁটী সাপ, Pit Viper, Russels Viper, গোৱালা সাপ, অজগৰ, মছোৱা গোম, Assam Roof Turtle, Malayan Box Turtle, Keeled Box turtle, Asian Leaf Turtle, Narrow Headed soft Shelled Turtle, Indian soft Shelled Turtle আদি প্ৰাণীও দেখিবলৈ পোৱা যায়।
Remove ads
উদ্ভিদকুল

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়। ইয়াৰে উল্লেখযোগ্য প্ৰজাতিসমূহ হ'ল- গমাৰী, তিতাচপা, আমাৰি, বগীপমা, লালীপমা, আজাৰ, উৰিয়াম, ভেলৌ, ভেলকৰ, ৰুদ্ৰাক্ষ, বনজলকীয়া, হাতীপয়লা, খকন, নাহৰ, এপিঠিয়া, পানী ভেৰ, বান্দৰডিমা Terminalia myriocarpa আদি। তদুপৰি ইয়াত বিভিন্ন ৰং-বিৰঙী অৰ্কিড যেনে Dendrobium, Cymbidium, Cypripedium reginae আদি পোৱা যায়।[5]

Remove ads
প্ৰশাসন
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ক'ৰ এলেকাৰ প্ৰশাসন অসম বন আৰু পৰিৱেশ বিভাগৰ 'পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ ওপৰত' ন্যস্ত। এই বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াজনেই হ'ল নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক। ইয়াৰ দুটা ক'ৰ এলেকা ক্ৰমে নামেৰী ৰাষ্ট্ৰীয় উদ্যান (২০০ বৰ্গ কি: মি:) আৰু ছেটেলাইট ক'ৰ সোণাই- ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য (১২০ বৰ্গ কি:মি:) নামেৰী ৱাইল্ডলাইফ ৰেঞ্জ আৰু কালামাটি বন্যপ্ৰাণী ৰেঞ্জৰ নিয়ন্ত্ৰণাধীন। নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ দুটাকৈ বাফাৰ এলেকা ক্ৰমে বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ ৬৪ বৰ্গ কি:মি:আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ৮০ বৰ্গ কি:মি: ৰ প্ৰশাসন ন্যস্ত আছে ক্ৰমে পশ্চিম শোণিতপুৰ বন সংমণ্ডল আৰু পূব শোণিতপুৰ বন সংমণ্ডলৰ অধীনত।
Remove ads
সংৰক্ষণ ব্যৱস্থা
নামেৰীৰ জীৱকূলৰ সুৰক্ষাৰ কাৰণে অৰণ্যখনৰ বিস্তৃত এলেকা জুৰি কেইবাটাও বন- শিবিৰ আছে। সেই বন শিবিৰ সমূহৰ বনকৰ্মী সকলে দিনটোৰ চৌবিছ ঘণ্টাই পহৰাদাৰী বা টহলদাৰী কৰি অৰণ্যখনৰ চোৰাংচিকাৰী আৰু দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ চেষ্টা কৰি আহিছে।
পৰ্যটকৰ বাবে কৰ্ম
পৰ্যটকসকলে namerinptr.in ৰ জৰিয়তে আগতীয়াকৈ বা পোটাশালীস্থিত নামেৰী ৰেঞ্জ অফিচলৈ আহি কাউণ্টাৰ টিকট বুকিং কৰিব পাৰে।
- ৰাফটিং

ৰাফটিং নামেৰিৰ অন্য এক আকৰ্ষণ। জীয়াভৰলীৰ দক্ষিণ-পূব অংশত উত্তাল ঢৌ ফালি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ অভিজ্ঞতাৰ বাবেও পৰ্য্যটকৰ দল গোট খায়। এই ৰাফটিং প্ৰায় ১৩ কি:মি পৰ্যন্ত কৰিব পৰা যায়।
- ট্ৰেকিং তথা চৰাই নিৰীক্ষণ
এই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ট্ৰেকিং কৰাৰ অভিজ্ঞতাও উল্লেখযোগ্য আকৰ্ষণ। দেশী- বিদেশী বহু পৰ্যটক নামেৰীলৈ চৰাই চাবলৈ আহে। ইয়াত ৩৭৪ বিধ চৰাই পোৱা যায়।[6]
- এংলিঙ
জীয়াভৰলী তথা ইয়াৰ উপনৈ সমূহেৰে পূৰ্ণ বাবে এই ৰাষ্ট্ৰীয় উদ্যানত এংলিঙ এসময়ত খু্বেই জনপ্ৰিয় আছিল। ইয়াত পোৱা Golden Masheer (জোঙা পিঠিয়া) নামৰ ৩-৯ ফুট দৈৰ্ঘ্যৰ মাছৰ প্ৰজাতিয়েও এংলিঙৰ বাবে বহুতো পৰ্য্যটকক আকৰ্ষিত কৰিছিল। ২০১১ চনৰ পৰা ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
Remove ads
সমস্যা
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মূল সমস্যা হৈছে দাঁতিকাষৰিয়া অঞ্চলৰ বেদখলকাৰী তথা কিছুমান গাঁৱৰ মানুহে অৰণ্যৰ ভিতৰচৰাত অবৈধভাৱে চোৰাং চিকাৰৰ লক্ষ্যৰে প্ৰৱেশ কৰি জীৱ- জন্তুসমূহৰ ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰে। তদুপৰি এই অঞ্চলৰ বাফাৰ এলেকাত কিছুমান দুষ্কৃতিকাৰীয়ে শিল- বালি আদি অবৈধভাৱে সংগ্ৰহ কৰি বন্যজীৱ কূলৰ বাসভূমিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। এইক্ষেত্ৰত এই অৰণ্যখন সুৰক্ষা দিয়াত চৰকাৰে অসমৰ আন আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে নামেৰীকো উন্নত সা- সুবিধা প্ৰদান কৰি এনেধৰণৰ কাৰ্য- কলাপ প্ৰতিহত কৰিবলৈ ব্যৱস্থা ল'ব পাৰে। লগতে বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত জন্তু আৰু মানুহৰ সংঘাত, বেদখল আদি এই ৰাষ্ট্ৰীয় উদ্যানৰ আন কিছুমান সমস্যা। [7]
ভ্ৰমণৰ উপযুক্ত সময়ঃ
বছৰটোৰ অক্টোবৰ মাহৰপৰা এপ্ৰিল মাহলৈকে উদ্যান খনৰ ভ্ৰমণৰ উপযুক্ত সময়।
ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে যোগাযোগৰ ঠিকনা—
i. Divisional Forest Officer, Western Assam Division, Dolabari, Tezpur .
ii. Tourist Information Officer, Tezpur
iii. Range Forest Officer, Nameri Wildlife Rangae, Potasali
Remove ads
তথ্য-সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads