বুঢ়ীগোঁসানী দেৱালয়
যোৰহাটত অৱস্থিত ঐতিহাসিক দুৰ্গা মন্দিৰ From Wikipedia, the free encyclopedia
Remove ads
বুঢ়ীগোঁসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোঁসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।[1] মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোঁসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।

Remove ads
ইতিহাস
১৭০৮ চনত জয়ন্তীয়া ৰজা ৰামসিংহই কছাৰী ৰজা তাম্ৰধ্বজক হৰুৱাই আহোম ৰজাৰ বশ্যতা অস্বীকাৰ কৰে। তেতিয়া আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক আক্ৰমণ কৰি পৰাস্ত কৰে। জয়ন্তীয়া ৰাজ্য দমন কৰোঁতে সেই ৰাজ্যৰ আন আন উপঢৌকনৰ লগতে বুঢ়ী গোঁসানীৰ মূৰ্তি আৰু যোনিকো স্বৰ্গদেৱে গড়গাঁৱলৈ আনিবলৈ ইচ্ছা কৰে। তেতিয়া জয়ন্তীয়া ৰাজ-পৰিয়াল শাক্ত আছিল আৰু জয়ন্তীয়া গোঁসানী জাগ্ৰত বুলি সৰ্বসাধাৰণে বিশ্বাস কৰিছিল। জয়ন্তেশ্বৰী দেৱীক আহোম ৰাজ্যলৈ আনিবলৈ খোজাত আহোম সেনাৰ মাজত হেনো নানা ৰোগে দেখা দিলে। তাৰপিছত আহোম সেনাপতিক দেৱীয়ে সপোনত দেখা দি কয় যে তেওঁ সেই দেশ এৰি নাযায় আৰু আহোমসকলে মূৰ্তি নিব খুজিলে বুঢ়ী নৈৰ কানত থকা গোঁসানীৰ মূৰ্তি আৰু যোনি নিব পাৰে। এই সপোনৰ পিছত আহোম সেনাপতিয়ে বুঢ়ী নৈৰ কানৰ পৰা দেৱীৰ মূৰ্তি আনি স্বৰ্গদেউক দিয়েহি। বুঢ়ী নৈৰ কানৰ পৰা অনা বাবেই এইজনা মূৰ্তিক "বুঢ়ীগোঁসানী" বুলি কয় বুলি অনুমান কৰা হয়।[1]
জয়ন্তীয়াৰ পৰা গোঁসানীক আনোতে লগতে পূজাৰী সনাতনক অনা হৈছিল। বৰ্তমানৰ পূজাৰীসকল সেই সনাতনৰেই সতি-সন্ততি। স্বৰ্গদেৱে তেওঁলোকক "পূজাঘৰীয়া বৰুৱা" উপাধিৰে সন্মানিত কৰিছিল।[1] স্বৰ্গদেউ ৰাজনগৰৰ পৰা কিবা কাৰণত বাহিৰলৈ গ'লে পূজাৰীয়ে গোঁসানীকো লগত লৈ গৈছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী তুলি আনোতে বুঢ়ী গোঁসানীকো যোৰহাটলৈ লৈ অনা হয়। এই দেৱালয় বৰ্তমান যোৰহাট নগৰৰ গড় আলিৰ পূবে দেৱালয় পথত স্থাপিত।
দেৱালয়ত থকা সোণৰূপৰ ছত্ৰ, ফুল, কোষা-অৰ্ঘা, তামি, বলিকটা দা আদিত ওজন আৰু কোনে সেয়া গঢ়াই দিছিল সকলো স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ নামেৰে লিখি থোৱা হৈছিল। যোৰহাটলৈ ৰাজধানী অনাৰ পিছত মৰাণ আৰু মানৰ উপদ্ৰৱত আহোমসকলে বুঢ়ী গোঁসানীৰ দ'ল সজাব নোৱাৰিলে। কালক্ৰমত দেৱালয়ৰ মাটি-বাৰী আৰু সেৱায়তৰ তামৰ ফলিখনো হেৰাল। সেইবাবেই ব্ৰিটিছৰ দিনত এই দেৱালয়ে একো সাহায্য নাপালে। পুৰন্দৰ সিংহই বৰ্তমানৰ দেৱালয় থকা ঠাইতে খেৰৰ ঘৰ সাজি পূজাৰ ব্যৱস্থা কৰি দিছিল। ৰায় বাহাদুৰ ৰাধাকান্ত সিংহই চৰকাৰলৈ লিখা-মেলা কৰি মাটিখিনি দিয়ালে আৰু কৰ ৰেহাই দিয়ালে। ৰাইজৰ বৰঙণিৰে সজা টিনৰ ঘৰটো বৰভুঁইকপত নষ্ট হোৱাত পিছত বৰ্তমানৰ ঘৰটো সজা হয়।[1]
Remove ads
পূজা-অৰ্চনা

পূজাৰীসকলৰ মতে মূৰ্তিজনা দেৱী দুৰ্গাৰ। গোঁসানীক দৈনিক পূজা-পাতল কৰা হয়। দেৱীক আৱাহন আৰু স্নানৰ সময়ত পূজাঘৰত কাকো সোমাবলৈ দিয়া নহয়। আহোম ৰাজ্য গ'লত ৰাইজে দৈনিক পূজাৰ নৈবদ্য আদি আগবঢ়াইছিল। আজিকালিও ৰাইজৰ বৰঙণিৰে পূজাৰ ব্যৱস্থা কৰা হয়।
পুৰণি দিনতো গোঁসানীক দৈনিক পূজা কৰি পূজাৰ নিৰ্মালি আৰু হোমৰ ফোঁট পূজাৰীয়ে স্বৰ্গদেউক দিব লাগিছিল। নিৰ্মালিৰ লগতে পূজাৰীয়ে ডাঙৰ শৰাই এখনত বলিকটা ছাগলীও প্ৰসাদ স্বৰূপে দিছিল।
মন্দিৰটোত প্ৰতিবছৰে দুৰ্গা পূজা আৰু শিৱ পূজা ধুমধামেৰে আয়োজন কৰা হয়॥
Remove ads
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads