শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
সাংস্কৃতিক ভৱন From Wikipedia, the free encyclopedia
Remove ads
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ (ইংৰাজী: Srimanta Sankaradeva Kalakshetra) বা চমুলৈ কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰখা হৈছে[2]। অসমীয়া সংস্কৃতিৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। অসমৰ সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি ভূপেন হাজৰিকাদেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে[3]।
Remove ads
ইতিহাস
১৯৮৬ চনৰ ৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এখন সভাত সাংস্কৃতিক পৰামৰ্শদাতা কমিটীখনে দিয়া পৰামৰ্শ মতে অসমৰ জনগণৰ সাংস্কৃতিক ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণৰ অৰ্থে আৰু নৃত্য, নাটক, সংগীত, চাৰু কলা, সাহিত্যৰ ক্ষেত্ৰত এক কৰ্ম কেন্দ্ৰ হিচাপে এটা প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ স্থিৰ কৰা হৈছিল। ইয়াৰ বাবে সেই বছৰতেই পৰীক্ষামূলক ভাৱে আঁচনি প্ৰস্তুত কৰি সাংস্কৃতিক প্ৰকল্পটোৰ নাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বুলি নামকৰণ কৰা হয়। ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল মহামান্য শ্ৰীভীষ্ম নাৰায়ণ সিং দেৱে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক প্ৰকল্পৰ সজ্জা ৰূপায়ণৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। অসম চৰকাৰে ১৯৯০ চনত কলাক্ষেত্ৰ আঁচনিখন অসম চুক্তিৰ ক্লজ-৬ৰ(যিটোত উল্লেখ আছিল যে অসমীয়া মানুহৰ সাংবিধানিক, বিধান পৰিষদীয় আৰু প্ৰশাসনীয় সুৰক্ষা, যিটো সঠিক, তাক সাংস্কৃতিক, সামাজিক, ভাষিক স্বকীয়তা আৰু ঐতিহ্যৰ সুৰক্ষা দিয়া হব) অন্তৰ্গত কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰ চাপে। ইয়াৰ পিছত ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ননে এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে।[1][4]
Remove ads
পৰিধি
- অসমৰ সাংস্কৃতিক সংগ্ৰহালয় / পূৰ্বজ্যোতি সংগ্ৰহালয় : যাদুঘৰটোত প্ৰায় ৪০০০টা শিল্প কলা আছে, যিবিলাক প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। তাৰ ভিতৰত থকা শিল্প কলাসমূহ হ'ল সত্ৰীয়া মুখা, সংগীত বাদ্য, টেৰাকোট্টা আৰু বোকাৰে বনোৱা শিল্প (মৃণ্ময় শিল্প), বয়ন শিল্প আৰু পোছাক, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কূটিৰ শিল্প, খৰাহি আৰু কাঠৰ পৰা উৎপন্ন বস্তু, কাঁহ আৰু পিতলৰ বস্তু, শংকৰী কৃষ্টিৰ বস্তু আদি।[5]
- উন্মূক্ত প্ৰেক্ষাগৃহ (open-air theater)
- ললিত কলা ভৱন:ললিত কলা ভৱনত বাতানুকূল কলা বীথিকা, এটা গ্ৰাফিক ষ্টুডিঅ, এখন কৰ্মশালা আৰু এটা প্ৰেক্ষাগৃহ আছে। শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা শাখাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শনী আৰু চিত্ৰশিল্প, ড্ৰইং, গ্ৰাফিক, ভাস্কৰ্য্য, কাঠ শিল্প আৰু ফটোগ্ৰাফ আৰু আন বিষয়ৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিত কৰে। লগতে হস্ততাঁত, বস্ত্ৰ শিল্প আৰু এই অঞ্চলৰ পৰম্পৰাগত শিল্প সামগ্ৰীসমূহৰ প্ৰদৰ্শনী পাতে।[6]
- ভূপেন হাজৰিকা সংগ্ৰহালয়[2]
- শিশু উদ্যান বা শিশু বন, এই উদ্যানখন ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত উত্সৰ্গ কৰা হৈছে, এই উদ্যান প্ৰায় ১২ বিঘা মাটিকালি জুৰি আছে য’ত এটা শিশু পুথিভঁৰাল, পেট্ৰকেমিকেল গেলেৰী, ছ’লাৰ হাট (solar hut), পুতলা সংগ্ৰাহলয় আদি আছে[1]।
Remove ads
চিত্ৰভঁৰাল
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক দৃশ্য
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চেৰেণ্ডা বাদ্য বজাই থকা এক প্ৰতিমূৰ্ত্তি
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সংগ্ৰাহলয়ৰ সন্মুখত থকা এটা বৃহত আকাৰৰ জাপি
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰভাগত থকা এক খেৰৰ ঘৰ
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত থকা ভূপেন হাজৰিকা সংগ্ৰহালয়
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সংগ্ৰাহলয়ত থকা মনিকূট
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উন্মূক্ত ৰঙ্গমঞ্চ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads