ৰমেন বৰুৱা
অসমীয়া সঙ্গীত পৰিচালক From Wikipedia, the free encyclopedia
Remove ads
ৰমেন বৰুৱা (ইংৰাজী: Ramen Baruah) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ঊনৈশ বছৰ বয়সত তেওঁ জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাত তেওঁ প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন ছুপাৰহিট হোৱাৰ অন্যতম কাৰণ আছিল। তেওঁ মুঠতে ২৭খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতি আৰু হাতীৰ বাংলা ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেওঁ প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত স্মৃতিৰ পৰশ। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ তেওঁ আকাশবাণীৰ মিউজিক কম্পোজাৰ হয়। কেশৱ মহন্ত, অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস, ভূপেন ডেকা আদি বহুতো নবীন-প্ৰবীণ গীতিকাৰৰ গীতত তেওঁ সুৰ দিছে। পিছলৈ সুপ্ৰতিষ্ঠিত হোৱা অণিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুণ ফুকন আদি কণ্ঠশিল্পীক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। তেওঁৰ হাইস্কুলৰ সময়ৰ পৰাই সংগীতত ৰাপ আছিল। কৈশোৰ অৱস্থাতে তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰিছিল।[1][2][3]
Remove ads
চমু জীবনী
জন্ম
ৰমেন বৰুৱাৰ জন্ম হৈছিল গুৱাহাটী লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেওঁ দশম পুত্ৰ সন্তান। তেওঁৰ তিনিজন ককায়েক ব্ৰজেন বৰুৱা, নিপ বৰুৱা আৰু দ্বিবন বৰুৱা পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।
শিক্ষা
ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পাছলৈ বি.বৰুৱা কলেজৰ পৰা বি.এ. পাছ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।[4]
Remove ads
চলচ্চিত্ৰপঞ্জী[2]
সংগীত পৰিচালনা
কণ্ঠশিল্পী
Remove ads
লগতে চাওক
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads