From Wikipedia, the free encyclopedia
আজেৰবাইজান (ইংৰাজী: Azerbaijan; i/ˌæzərbaɪˈdʒɑːn/ az-ər-by-jahn; Azerbaijani: Azərbaycan), চৰকাৰী নান প্ৰজাতন্ত্ৰী আজেৰবাইজান (Azerbaijani: Azərbaycan Respublikası), হৈছে দক্ষিণ কাউকাছাছ অঞ্চলৰ এখন ৰাষ্ট্ৰ। ই দক্ষিণ পশ্চিম এছিয়া আৰু দক্ষিণ পূৱ ইউৰোপৰ সন্ধিস্থলত অৱস্থিত।[2] ইয়াৰ পূৱত কাস্পিয়ান সাগৰ, উত্তৰে ৰাছিয়া, দক্ষিণ-পশ্চিমত জাৰ্জিয়া, পশ্চিমে আৰ্মেনিয়া আৰু দক্ষিণ সীমান্তত ইৰাণ আছে। নাখচিভান বহিক্ষেত্ৰৰ উত্তৰ আৰু পূৱ দিশত আৰ্মেনিয়া, দক্ষিণ আৰু পশ্চিম দিশত ইৰাণ, আৰু উত্তৰ-পশ্চিমৰ এটা সৰু অঞ্চলৰ সীমাত তুৰস্ক আছে।
প্ৰজাতন্ত্ৰী আজেৰবাইজান Azərbaycan Respublikası (Azerbaijani)
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত Azərbaycan marşı "আজেৰবাইজানৰ সমদল" |
||||||
আজেৰবাইজানৰ অৱস্থান (সেউজীয়া) আৰু নাগ'ৰ্ণো কাৰাবাখ (পাতল সেউজীয়া)।
|
||||||
ৰাজধানী | বাকো 40°25′N 49°50′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আজেৰবাইজানী | |||||
জাতীয়তাসূচক বিশেষণ | আজেৰবাইজানী | |||||
চৰকাৰ | ইউনিটেৰী ডমিনেণ্ট-পাৰ্টী ছেমি-প্ৰেছিডেণছিয়েল প্ৰজাতন্ত্ৰী | |||||
- | ৰাষ্ট্ৰপতি | ইলহাম আলিয়েভ | ||||
- | প্ৰধান মন্ত্ৰী | আৰ্টোৰ ৰেছিজাড | ||||
গঠন | ||||||
- | গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ | ২৮ মে ১৯১৮ | ||||
- | ছোভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰ | ২৮ এপ্ৰিল ১৯২০ | ||||
- | ছোভিয়েট সংঘৰ পৰা স্বাধীনতা লাভ | ৩০ আগষ্ট ১৯৯১ (ঘোষণা) ১৮ অক্টোবৰ ১৯৯১ (স্বাধীনতা) ২৫ ডিচেম্বৰ ১৯৯১ (সম্পূৰ্ণ) |
||||
- | সংবিধান প্ৰণয়ন | ১২ নৱেম্বৰ ১৯৯৫ | ||||
মাটিকালি | ||||||
- | মুঠ | ৮৬,৬০০ বৰ্গ কিমি (১১৪তম) ৩৩,৪৩৬ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ১.৬ (১,৩৮৬ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১৬ আনুমানিক | ৯৭,৫৪,৮৩০'"`UNIQ--ref-০০০০০০০০-QINU`"' (৮৯তম) | ||||
জিডিপি (পিপিপি) | ২০১৫ আনুমানিক | |||||
- | মুঠ | $১৬৮.৪ শ কোটি[1] | ||||
- | জনমুৰি | $১৭,৫০০[1] | ||||
জিডিপি (নামমাত্ৰ) | ২০১৫ আনুমানিক | |||||
- | মুঠ | $৬,৩৯৮.৩ কোটি[1] | ||||
- | জনমুৰি | $৬,৭৯৪[1] | ||||
জিনি সহগ? (২০০৮) | ৩৩.৭ | |||||
মানৱ উন্নয়ন সূচক (২০১৩) | ০.৭৫১ (৭৬তম) | |||||
মুদ্ৰা | মনট (₼) (AZN ) |
|||||
সময় অঞ্চল | AZT (ইউটিচি+০৪) | |||||
গাড়ী চলোৱা হয় | সোঁ | |||||
ইণ্টাৰনেট টিএলডি | .az | |||||
কলিং ক'ড | +৯৯৪ |
আজেৰবাইজানৰ ৰাজনীতিৰ ভিত্তি এক ৰাষ্ট্ৰপতিশাসিত প্ৰজাতন্ত্ৰ, যত আজেৰবাইজানৰ ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰপ্ৰধান, আৰু প্ৰধানমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান। নিৰ্বাহী ক্ষমতা চৰকাৰৰ হাতত, আইন প্ৰণয়ন ক্ষমতা চৰকাৰ আৰু সংসদ উভয়ৰ হাতত ন্যস্ত। বিচাৰ বিভাগ স্বাধীন।
আজেৰবাইজান ১০ টা অৰ্থনৈতিক অঞ্চলত বিভক্ত; ৬৬ টা ৰিয়ান (ৰিয়ানোলাৰ, একক ৰিয়ান) ৭৭ খন চহৰত বিভক্ত, ইয়াৰে ১২ খন চহৰ বিপাব্লিকৰ প্ৰত্যক্ষ অধিকাৰিত্বত আছে। ইয়াৰোপৰি আজেৰবাইজানত নাখচিভান স্বায়ত্বশাসিত ৰিপাব্লিকো আছে। আজেৰবাইজানৰ ৰাষ্ট্ৰপতিয়ে এই বিভাগসমূহৰ ৰাজ্যপালক নিযুক্ত কৰে, আনহাতে নাখচিভানৰ চৰকাৰ নাখচিভান স্বায়ত্বশাসিত ৰিপাব্লিকে নিৰ্বাচিত আৰু মনোনিত কৰে।
আজেৰবাইজান ইউৰেছিয়াৰ ককেছাছ অঞ্চলত অৱস্থিত। এই দেশৰ ভূগোলত তিনিটা মূল বৈশিষ্ট্য লক্ষণীয়: কাস্পিয়ান সাগৰ, যাৰ অক্ষৰেখা দেশখনৰ পূৱে এক প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে। উত্তৰে বৃহত্তৰ ককেছাছ পৰ্বতমালা। দেশৰ কেন্দ্ৰভাগ বিস্তীৰ্ণ সমতলভূমি। আজেৰবাইজানৰ কালি পৰ্তুগাল বা মাৰ্কিন মূল অংগৰাজ্যৰ প্ৰায় সমান। দেশখনৰ কালি প্ৰায় ৮৬,৬০০ বৰ্গকিলোমিটাৰ।
আজেৰবাইজানৰ অৰ্থনীতি বৰ্তমান এক সন্ধিক্ষণত বিদ্যমান, য'ত চৰকাৰে এতিয়াও এক প্ৰভাৱশালী ভূমিকা পালন কৰে। আজেৰবাইজানত আছে গুৰুত্বপূৰ্ণ খনিজ তেলৰ ভাণ্ডাৰ। বৈচিত্ৰ্যময় জলবায়ু অঞ্চলৰ উপস্থিতিৰ কাৰণে দেশৰ কৃষি ক্ষেত্ৰৰ উন্নতিৰ সম্ভাবনাও প্ৰচুৰ। ১৯৯০ দশকৰ শেষৰ ফালে আন্তৰ্জাতিক অৰ্থ তহবিলৰ সহযোগিতাত আজেৰবাইজানে এক সফল অৰ্থনৈতিক সুস্থিতিকৰণ প্ৰকল্প হাতত লয়, যাৰ ফলশ্ৰুতিত ২০০০ চনৰ পৰা দেশখনৰ অৰ্থনীতি ১০% হাৰত প্ৰবৃদ্ধি লাভ কৰে। ২০০৭ চনত আজেৰবাইজানৰ স্থূল অভ্যন্তৰীণ উৎপাদন প্ৰায় ২৫% বৃদ্ধি পায়। মূলত তেল খাতেই এই প্ৰবৃদ্ধিৰ মূল চালিকাশক্তি। ২০০৭ চনৰ স্থূল অভ্যন্তৰীণ উৎপাদনৰ (GDP) ৫২.৮% খনিজ তেল খাতৰ পৰা আহৰণ কৰা হয়। আজেৰবাইজানৰ মুদ্ৰাৰ নাম মানাত।
আজেবাইজানত প্ৰায় ৯৬ লাখ লোকে বাস কৰে। ইয়াৰ ভিতৰত ৯৫% লোক জাতিগতভাৱে আজেৰবাইজানী। অন্যান্য সংখ্যালঘু জাতিৰ লোকৰ ভিতৰত লেজগীয়, ৰুছী, আৰ্মেনীয় আৰু তালিছ জাতিৰ লোক প্ৰধান। ইছলাম ধৰ্ম (মূলতঃ ছিয়া) আজেৰবাইজানী সকলৰ প্ৰধান ধৰ্ম। জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৬৬%।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.