![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2d/Ahmed_Nadeem_Qasmi_%2528cropped%2529.jpg/640px-Ahmed_Nadeem_Qasmi_%2528cropped%2529.jpg&w=640&q=50)
আহমদ নাদিম কাচ্মি
From Wikipedia, the free encyclopedia
আহমদ নাদিম কাচ্মি (ইংৰাজী: Ahmad Nadeem Qasmi; ২০ নৱেম্বৰ ১৯১৬ - ১০ জুলাই ২০০৬; জন্ম নাম:আহমদ শ্বাহ আৱান) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী কবি, সাংবাদিক, সাহিত্য সমালোচক, নাট্যকাৰ আৰু চুটি গল্প ৰচয়িতা আছিল। তেওঁ কবিতা, কল্প-কাহিনী, সমালোচনা, সাংবাদিকতা আৰু কলাৰ ওপৰত প্ৰায় ৫০ খন কিতাপ লিখিছিল। তেওঁ সমসাময়িক উৰ্দু সাহিত্যৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি।[1][3] তেওঁৰ কবিতাসমূহ মানৱতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল[3] আৰু তেওঁৰ অফছানা অৰ্থাৎ উৰ্দু চুটি গল্পসমূহত গ্ৰাম্য সংস্কৃতিৰ বৰ্ণিত হৈছে। তেওঁ প্ৰায় অৰ্ধ শতিকা ধৰি সাহিত্য আলোচনী ফানুনৰ সম্পাদক আৰু প্ৰকাশক আছিল। তেওঁ তেওঁৰ সাহিত্যকৰ্মৰ বাবে ১৯৬৮ চনত প্ৰাইড অফ পাৰ্ফমেঞ্চ আৰু ১৯৮০ চনত চিতাৰা-এ-ইমতিয়াজ বঁটা লাভ কৰিছিল।[4]
আহমদ নাদিম কাচ্মি احمد ندیم قاسمی | |
---|---|
![]() এটি অনুষ্ঠানত কাচ্মি | |
জন্ম | আহমদ শ্বাহ আৱান ২০ নৱেম্বৰ, ১৯১৬ অংগা, খুশাব জিলা, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১০ জুলাই, ২০০৬ (৮৯ বছৰ)[1] লাহোৰ, পাকিস্তান |
ছদ্মনাম | নাদিম |
পেচা | উৰ্দু কবি, সাংবাদিক, লেখক, পণ্ডিত[1] |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
নাগৰিকত্ব | পাকিস্তান |
শিক্ষা | পাঞ্জাৱ বিশ্ববিদ্যালয়, লাহোৰ, পাকিস্তানৰপৰা স্নাতক |
মাতৃশিক্ষায়তন | গভৰ্ণমেণ্ট চাদিক এগাৰ্টন কলেজ, বাহাৱলপুৰ |
ধৰণ | কবিতা, উৰ্দু সাহিত্য, অফছানা |
সাহিত্যিক বিপ্লৱ | প্ৰগতিশীল লেখক আন্দোলন প্ৰগতিশীল লেখক এছ’চিয়েচনৰ সদস্য[1] |
উল্লেখযোগ্য বঁটা | প্ৰাইড অৱ পাৰ্ফমেঞ্চ (১৯৬৮)[2] চিতাৰা-এ-ইমতিয়াজ (১৯৮০)[2] |
সন্তান | ড° নাহিদ কাচ্মি |
স্বাক্ষৰ | ![]() |
আধুনিক ভাৰতৰ অন্যতম প্ৰভাৱশালী লেখক গুলজাৰে তেওঁক তেওঁৰ পৰামৰ্শদাতা আৰু গুৰু বুলি অভিহিত কৰিছিল।[5]