From Wikipedia, the free encyclopedia
আৰা (তিব্বতী আৰু ডোংখা : ཨ་རག་) ভূটানত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ইয়াক আৰাগ নামেৰেও জনা যায়। আৰা থলুৱা যৱ, চাউল, গোমধান, বাজৰা বা ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক দুই ধৰণেৰে, অৰ্থাৎ কিম্বন কৰি বা ডিষ্টিলড কৰি প্ৰস্তুত কৰা হ'ব পাৰে। সাধাৰণতে এই পানীয়বিধ ফটফটীয়া (স্বচ্ছ), মাখন বা বগা ৰঙৰ হ'ব পাৰে।[1]
আৰা বেছিকৈ ঘৰুৱাভাৱে বা ফাৰ্মত চাউল বা গোমধানৰ পৰা তৈয়াৰ কৰা হয়।। ইয়াক কিম্বন বা ডিষ্টিল প্ৰক্ৰিয়াৰ মাজেৰে প্ৰস্তুত কৰা হ'ব পাৰে।[2] ভূটানত ইয়াক কেৱল ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা হয়। আৰা উৎপাদন পদ্ধতি আৰু গুণগত মান দুয়োটা দিশতে নিয়ন্ত্ৰণহীন আৰু ভূটানত ইয়াৰ বিক্ৰীতো নিষেধাজ্ঞা আছে। পূৰ্বে নিষেধাজ্ঞাৰ মাজতো মানুহে ব্যক্তিগতভাৱে দোকানীসকলৰ জৰিয়তে আৰা বিক্ৰী কৰিছিল। ইয়াৰ বাবে তেওঁলোকে কঠোৰ চৰকাৰী দমন নীতিৰো সন্মুখীন হৈছিল। কিন্তু আৰাই অন্য প্ৰকাৰৰ কৃষি কাৰ্যতকৈ বহু বেছি পৰিমাণে লাভ দিয়াৰ বাবে ভূটানৰ বহু কৃষকে এইক্ষেত্ৰত আইনী সংস্কাৰৰ বাবে হেঁচা প্ৰয়োগ কৰিছে আৰু ইয়াৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল কৰাৰ বাবে প্ৰস্তাৱ দিছে।[3] ইয়াৰ বিপৰীতে ভূটান চৰকাৰে অত্যধিক মদ্যপান, অপব্যৱহাৰ, আৰু ইয়াৰ লগত জড়িত ৰোগসমূহক কৰ আৰু নিয়ন্ত্ৰণৰ জৰিয়তে নিৰুৎসাহিত কৰাৰ উদ্যোগ লৈছে।[4][5]
ব্যক্তিগতভাৱে সেৱনৰ বাদেও আৰা ধৰ্মীয় কাৰ্যৰ বাবেও উৎপাদন কৰা হয়। বিশেষকৈ পূব ভূটানত ইয়াক কিছুমান শুভ দিনত লাছোৱেল প্ৰসাদ হিচাপে আগবঢ়োৱা হয়।[6][7] আৰাই ৰাসায়নিকভাৱে সাপক দূৰত ৰাখে বুলিও বিশ্বাস কৰা হয়। কেতিয়াবা শিশুৱেও সুৰক্ষাৰ বাবে আৰা কঢ়িয়াই লৈ ফুৰে।[8]
ভূটানৰ পূব অঞ্চলত আৰা উৎপাদন আৰু ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে চৰকাৰী প্ৰচেষ্টা লোৱা হৈছে। স্থানীয় লোকসকলে এই কথা স্বীকাৰ কৰে যে ভূটানৰ পূব অঞ্চলৰ অত্যাধিক মদ্যপানৰ পৰম্পৰাক ৰোধ কৰিবলৈ কোনো এক ব্যৱস্থা হাতত লোৱা উচিত। আৰাৰ ব্যৱহাৰ নাইকিয়া নোহোৱালৈকে ক্ৰমান্বয়ে আৰা উৎপাদন আৰু ব্যৱহাৰ হ্ৰাস কৰা চৰকাৰৰ এক কৌশল। বিশেষকৈ স্থানীয় পৰ্যায়ত মদ্যপান আৰু আৰা উৎপাদন ভূটানৰ ৰাজনৈতিক আলোচনাৰ এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হৈ আহিছে।[9]
আৰা সাধাৰণতে গৰমে গৰমেই পৰিৱেশন কৰা হয়। ইয়াক দুই ধৰণে পৰিৱেশন কৰা হয়: মাখন আৰু নাহৰফুলীয়াকৈ ভজা কণীৰ সৈতে, বা কণীৰ গুড়ি ভজা আৰু ভাত আদিৰ সৈতে।[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.