আৰ্টিমিচ
From Wikipedia, the free encyclopedia
আৰ্টিমিচ (ইংৰাজী: Artemis (/ˈɑrtɪmɪs/) হৈছে চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ গ্ৰীক দেৱী। তেওঁ ৰোমানসকলৰ দেৱী ডায়েনাৰ সমকক্ষ। আৰ্টিমিচ জ্যুচ আৰু লেট'ৰ জীয়ৰী তথা এপ'ল'ৰ যমজ ভগ্নী। তেওঁ বালিকাসকলৰ ৰক্ষক। আৰ্টিমিচক নাৰীসকলৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ হোতা হিচাপে গণ্য কৰা হয়। সন্তান জন্ম আৰু ধাত্ৰীবিদ্যাৰ এক অন্যতম প্ৰধান দেৱী হিচাপে এইলেথিয়াৰ উপৰিও আৰ্টিমিচৰ উপাসনা কৰা হয়। এথেনা আৰু হেষ্টিয়াৰ দৰে আৰ্টিমিচেও বিবাহপাশত আৱদ্ধ নহৈ চিৰকুমাৰী হৈ থকাৰ পণ লয়।
আৰ্টিমিচ Artemis | |
---|---|
চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ দেৱী | |
নিবাস | অলিম্পাচ পৰ্বত |
অস্ত্ৰ | ধনু-কাঁড় |
প্ৰাণী | হৰিণ |
প্ৰতীক | ধনু, কাঁড়, তূণ, চিকাৰ কৰা ডেগাৰ, চন্দ্ৰ, হৰিণ, চাইপ্ৰেছ গছ |
পিতৃ-মাতৃ | জ্যুচ আৰু লেট' |
সহোদৰ | এপ'ল', এথেনা, এফ্ৰোডাইটি, এৰিচ আদি |
ৰোমান সমাৰ্থক | ডায়েনা |
গ্ৰীকসকলৰ সৰ্বাধিক সন্মান লাভ কৰা দেৱ-দেৱীসমূহৰ ভিতৰত আৰ্টিমিচ অন্যতম আৰু ইফেচাছত থকা তেওঁৰ মন্দিৰ পৌৰাণিক বিশ্বৰ সপ্তম আশ্চৰ্যসমূহৰে এটা। ধনু-কাঁড়, তূণ আৰু চিকাৰ কৰা ডেগাৰৰ চিহ্নই আৰ্টিমিচক সূচোৱাৰ লগতে হৰিণ আৰু চাইপ্ৰেছ গছ তেওঁৰ বাবে পবিত্ৰ। আৰ্টিমিচৰ ৰোমান ৰূপ ডায়েনাক ৰোমৰ এভেনাইন পাহাৰত বিশেষভাৱে অৰ্চনা কৰা হয়।[1]