From Wikipedia, the free encyclopedia
ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ (ইংৰাজী: European Union) মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ।[4][5] ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি। কেইখনমান অভ্যন্তৰীণ বহুজাতিক সংগঠন আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ চৰকাৰী পক্ষসমূহৰ পৰস্পৰ বুজাপৰাৰ মাধ্যমেৰে ইউৰোপিয়ান ইউনিয়নৰ পৰিচালনা কৰা হয়।[6][7] এই বহুজাতিক সংগঠনকেইটা হৈছে: ইউৰোপিয়ান সদন, ইউৰোপিয়ান কাউঞ্চিল, কাউঞ্চিল অফ দ্য ইউৰোপিয়ান ইউনিয়ন, ইউৰোপিয়ান ইউনিয়নৰ ন্যায়িক আদালত, ইউৰোপিয়ান কেন্দ্ৰীয় বেংক আৰু ইউৰোপিয়ান ক'ৰ্ট অফ অ'ডিটৰছ। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সংঘৰ নাগৰিকসকলে ইউৰোপিয়ান সদনক নিৰ্বাচিত কৰে।
ইউৰোপিয়ান ইউনিয়ন
|
||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
নীতিবাক্য "United in diversity"[1] |
||||||||||||||||||||||||||||||||||||||||||||||||
সঙ্গীত "Ode to Joy" (orchestral) |
||||||||||||||||||||||||||||||||||||||||||||||||
ৰাজধানী | ব্ৰুজেলছ (de facto)[2] 50°51′N 4°21′E | |||||||||||||||||||||||||||||||||||||||||||||||
বৃহত্তম মহানগৰ | লণ্ডন আৰু পেৰিছ | |||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰভাষা (সমূহ) | ||||||||||||||||||||||||||||||||||||||||||||||||
জাতীয়তাসূচক বিশেষণ | ইউৰোপিয়ান | |||||||||||||||||||||||||||||||||||||||||||||||
ধৰণ | ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ | |||||||||||||||||||||||||||||||||||||||||||||||
সদস্য ৰাষ্ট্ৰসমূহ | ||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰনেতা (বৃন্দ) | ||||||||||||||||||||||||||||||||||||||||||||||||
- | ইউৰোপিয়ান কমিচনৰ সভাপতি | জিন-ক্ল'ড জাংকাৰ | ||||||||||||||||||||||||||||||||||||||||||||||
- | ইউৰোপিয়ান কাউঞ্চিলৰ সভাপতি | ড'নাল্ড টাস্ক | ||||||||||||||||||||||||||||||||||||||||||||||
Formation[3] | ||||||||||||||||||||||||||||||||||||||||||||||||
- | ৰোমৰ সন্ধি | ১ জানুৱাৰী ১৯৫৮ | ||||||||||||||||||||||||||||||||||||||||||||||
- | Treaty of Maastricht | 1 November 1993 | ||||||||||||||||||||||||||||||||||||||||||||||
মাটিকালি | ||||||||||||||||||||||||||||||||||||||||||||||||
- | মুঠ | ৪৩,২৪,৭৮২ বৰ্গ কিমি (7tha) সাঁচ:Convert/LoffAoffDnumberSoff বৰ্গ মাইল |
||||||||||||||||||||||||||||||||||||||||||||||
- | জলভাগ (%) | ৩.০৮ (১,৩৩,২০৩ বৰ্গ কিমি) | ||||||||||||||||||||||||||||||||||||||||||||||
জনসংখ্যা | ||||||||||||||||||||||||||||||||||||||||||||||||
- | 2015 আনুমানিক | ৫০,৮১,৯১,১১৬'"`UNIQ--ref-০০০০০০০৫-QINU`"' (৩rda) | ||||||||||||||||||||||||||||||||||||||||||||||
জিডিপি (পিপিপি) | 2015 আনুমানিক | |||||||||||||||||||||||||||||||||||||||||||||||
- | মুঠ | $19.035 trillion (1sta) | ||||||||||||||||||||||||||||||||||||||||||||||
- | জনমুৰি | $37,607 (19tha) | ||||||||||||||||||||||||||||||||||||||||||||||
জিডিপি (নামমাত্ৰ) | 2015 আনুমানিক | |||||||||||||||||||||||||||||||||||||||||||||||
- | মুঠ | $16.449 trillion (2nda) | ||||||||||||||||||||||||||||||||||||||||||||||
- | জনমুৰি | $32,498 (16tha) | ||||||||||||||||||||||||||||||||||||||||||||||
জিনি সহগ? (2010) | 30.4 | |||||||||||||||||||||||||||||||||||||||||||||||
মানৱ উন্নয়ন সূচক (2011) | 0.876 (13th / 25tha) | |||||||||||||||||||||||||||||||||||||||||||||||
মুদ্ৰা |
|
|||||||||||||||||||||||||||||||||||||||||||||||
সময় অঞ্চল | WET (UTC)[lower-alpha 1] CET (UTC+1) EET (UTC+2) |
|||||||||||||||||||||||||||||||||||||||||||||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | WEST (UTC+1) CEST (UTC+2) EEST (ইউটিচি+3) |
||||||||||||||||||||||||||||||||||||||||||||||
ইণ্টাৰনেট টিএলডি | .eu[lower-alpha 2] | |||||||||||||||||||||||||||||||||||||||||||||||
ৱেবচাইট europa |
ইউনিয়নে বিশেষ আইনী ব্যৱস্থাৰ যোগেদি প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এক অভ্যন্তৰীণ বা একক বজাৰৰ বিকাশ ঘটাইছে। স্কেনজেন এলেকাৰ ভিতৰত পাছপ'ৰ্ট নিয়ন্ত্ৰণ ব্যৱস্থাও উঠাই লোৱা হৈছে।[8] বিভিন্ন নীতিৰ জৰিয়তে ইউনিয়নে বনুৱা, সামগ্ৰী, সেৱা আৰু মূলধনৰ অবাধ বিচৰণ বা স্থানান্তৰৰ লগতে[9] ন্যায়িক আৰু গৃহ বিষয়ত আইন প্ৰনয়ণ তথা বেপাৰ-বাণিজ্য,[10] কৃষি, মৎস্য পালন[11] আৰু আঞ্চলিক উন্নয়নৰ[12] ক্ষেত্ৰত উমৈহতীয়া নীতি গ্ৰহণ সুনিশ্চিত কৰে। ১৯৯৯ চনত সংঘৰ দেশসমূহে মুদ্ৰা সংঘ বা মানিটেৰী ইউনিয়ন গঠন কৰে আৰু ২০০২ চনৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। বৰ্তমান ইউৰোপিয়ান ইউনিয়নৰ ১৯খন দেশে ইউৰোৰ ব্যৱহাৰ কৰে।
ইনাৰ চিক্স অৰ্থাৎ ইউনিয়নৰ প্ৰতিষ্ঠাপক ছয়খন দেশে (বেলজিয়াম, ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ড) গঠন কৰা ইউৰোপিয় কয়লা আৰু তীখা সমাজ (১৯৫১) আৰু ইউৰোপিয় অৰ্থনৈতিক সমাজৰ (১৯৫৮) পৰাই ইউৰোপিয় সংঘৰ আৰম্ভণি ঘটে। মাষ্ট্ৰিচ সন্ধিৰ লগে লগে ১৯৯৩ চনত বৰ্তমানৰ নামেৰে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিষ্ঠা হয় আৰু ইউৰোপিয়ান নাগৰিকত্তৰো প্ৰৱৰ্তন কৰা হয়।[13]
২০১২ চনত ইউৰোপিয়ান ইউনিয়নক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.