From Wikipedia, the free encyclopedia
ইন্দোনেছিয়াৰ চিত্ৰকলা(ইংৰাজী: Indonesian Painting)ৰ পৰম্পৰা আৰু ইতিহাস বহু পুৰণি। ইয়াৰ ইতিহাস অতি দীঘলীয়া যদিও প্ৰতিকূল জলবায়ুৰ বাবে প্ৰাচীন চিত্ৰকলাৰ কম সংখ্যক নিদৰ্শনহে বৰ্তি আছে। বিশ্বৰ কিছুমান পুৰণি চিত্ৰকলাৰ আদিস্থান আছিল ইন্দোনেছিয়া। ইন্দোনেছিয়াৰ চিত্ৰসমূহ আছিল, প্ৰাক্-ঐতিহাসিক যুগৰ শিলত কটা চিত্ৰ, যেনে: দেশখনৰ চুলাৱেছিৰ মাৰোছ জিলাৰ গুহাৰ দৰে ঠাইত পোৱা পেট্ৰ’গ্লিফ। মাৰোছ গুহাত পোৱা প্ৰস্তৰ যুগৰ শৈলচিত্ৰসমূহ প্ৰায় ৪০ হাজাৰ বছৰ পুৰণি আৰু ইয়াক বিশ্বৰ অন্যতম পুৰণি চিত্ৰ হিচাপে তালিকাভূক্ত কৰা হৈছে। কিন্তু, বিজ্ঞানীসকলে ২০১৮ চনৰ নৱেম্বৰ মাহত বাতৰি দিছিল যে, ইন্দোনেছিয়াৰ বৰ্নিও দ্বীপৰ লুবাং জেৰিজি ছালেহৰ গুহাত এটা অচিনাক্ত জন্তুৰ ৪০ হাজাৰ বছৰতৈও অধিক পুৰণি (সম্ভৱতঃ ৫২ হাজাৰ বছৰ) ৰূপক চিত্ৰশিল্প আৱিষ্কাৰ কৰা হৈছিল।[1][2] ২০১৯ চনৰ ডিচেম্বৰ মাহত চুলাৱেছিৰ মাৰোছ-পাংকেপ কাৰ্ষ্টত গাহৰি চিকাৰ কৰা ৰূপক গুহা চিত্ৰকলা অধিক পুৰণি, কমেও ৪৩ হাজাৰ ৯ শ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে। এই তথ্যক “সাধুকথাৰ আটাইতকৈ পুৰণি চিত্ৰকলা আৰু বিশ্বৰ আটাইতকৈ পুৰণি ৰূপক শিল্পকৰ্ম’’ বুলি উল্লেখ কৰা হৈছিল।[3][4] আৰু শেহতীয়াকৈ, ২০২১ চনত ইন্দোনেছিয়াৰ এটা এটা দ্বীপত পোৱা গাহৰিৰ “গুহাশিল্প’’ক ৪৫ হাজাৰ ৫শ বছৰ পুৰণি বুলি বাতৰি প্ৰকাশ হৈছে।[5]
Lukisan orang Indonesia | |
৪০ হাজাৰতৈয়ো পুৰণি ৰূপক চিত্ৰ [1][2] | |
অঞ্চল | ইন্দোনেছিয়ান দ্বীপপুঞ্জ |
---|---|
ইতিহাস | |
সময়সীমা | প্ৰস্তৰ যুগ |
প্ৰাক্-ঐতিহাসিক যুগত চিত্ৰকলাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। প্ৰতিখন চিত্ৰৰ নিৰ্দিষ্ট অৰ্থ আৰু গুৰুত্ব আছিল। সেই সময়ত গুহাৰ দেৱাল আৰু শিলৰ গাত চিত্ৰ অঁকা হৈছিল। গুহাৰ দেৱালত ৰং কৰিবলৈ গুহাৰ মানুহে ব্যৱহাৰ কৰা এটা কৌশল হ’ল, গুহাৰ দেৱালত হাত থৈ তাৰপিছত যিকোনো গছৰ পাত চোৱাই খাই তাৰ ৰস আৰু যিকোনো খনিজ শিলৰ গুড়ি ছটিয়াই দিয়া। এই স্প্ৰে কৰা কৌশলটোক এৰ’গ্ৰাফ বুলি জনা যায়। চিত্ৰ নিৰ্মাণৰ ব্যৱহাৰ কৰা আন এটা মাধ্যম হ’ল, বোকামাটি। চিত্ৰত ব্যৱহৃত ৰংবোৰ প্ৰাকৃতিক উপাদান, যেনে, খনিজ পদাৰ্থ আৰু জন্তুৰ চৰ্বিৰ পৰা উপলভ্য হয়। সাধাৰণতে এই চিত্ৰসমূহ অঁকাৰ বাবে বাছি লোৱা বিষয়বস্তু আৰু উদ্দেশ্য আছিল যাদুকৰী। প্ৰাক্-ঐতিহাসিক চিত্ৰকলাৰ উদাহৰণ দক্ষিণ চুলাৱেছিৰ মাৰোছৰ লিয়াং পাটাকেৰে গুহাত দেখা যায়।[6] ছবিখনত এটা চিকাৰৰ দৃশ্য চিত্ৰিত কৰা হৈছে। তদুপৰি, নিউগিনি দ্বীপৰ পশ্চিম পাপুৱাৰ দক্ষিণ উপকূলৰ গুহাৰ দেৱালতো চিত্ৰ অংকন কৰা আছে। এই ঠাইবোৰৰ চিত্ৰত পূৰ্বপুৰুষৰ চিত্ৰ অংকন কৰা হৈছে। এই বিশাল অঞ্চলত সিঁচৰতি হৈ থকা চিত্ৰসমূহে এটা কথালৈ দৃষ্টি আকৰ্ষণ কৰে যে, সকলোবোৰ চিত্ৰতে হাতৰ প্ৰান্তছাঁয়া দেখিবলৈ পোৱা গৈছিল। এই হাতৰ ছাপ দক্ষিণ চুলাৱেছিত, ছেলাম দ্বীপৰ উপসাগৰৰ শৈল চিত্ৰত পাপুৱাৰ বেৰাউ উপসাগৰীয় অঞ্চলত[7] আৰু আৰ্গুনি দ্বীপ আৰু কাঈ দ্বীপতো পোৱা যায়। হাতৰ ছাঁৰ প্ৰসংগৰ বাহিৰেও মানৱ অৱয়ব, নাও, সূৰ্য, চন্দ্ৰ, চৰাই, মাছ, কাছ,,মানুহ, জেঠী, ভৰি আৰু বৰা গাহৰি আদিও দেখা যায়।[8]
প্ৰাক্-ঐতিহাসিক যুগৰ অন্ত পৰাৰ পিছত ইন্দোনেছিয়াৰ জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ পাৰদৰ্শিতা যেনে, ষ্টেপ পিৰামিডৰ আকাৰত ডাঙৰ শিল নিৰ্মাণ কৰা, ধাতু শিল্প, কৃষি সঁজুলি নিৰ্মাণ, ভাস্কৰ্য, কাপোৰত ৰং কৰা আদি হিন্দু সভ্যতাৰ উপাদানৰ সংমিশ্ৰণত লাভ কৰিছিল। এই সময়ছোৱাক ইন্দোনেছিয়াৰ সংস্কৃতিৰ সমন্বয়ৰ এক নতুন যুগ আৰু ঐতিহাসিক বুলি অভিহিত কৰিব পাৰি কাৰণ সেই কথাৰ লিখিত অৱশেষ পোৱা গৈছে। এয়া সম্ভৱ হৈছিল, কাৰণ পঞ্চম শতাব্দীত ইন্দোনেছিয়া ভাৰতীয় সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। এই সময়ত চিত্ৰকলাৰ সাধাৰণ বিষয়বস্তু আছিল ধৰ্ম, পৌৰাণিক কাহিনী, কিংবদন্তি, ঐতিহাসিক কাহিনী আদি। উদাৰহৰণস্বৰূপে, এখন চিত্ৰত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী সন্নিৱিষ্ট কৰা আছে। মাজাপহিত যুগৰ দেৱাল চিত্ৰত ব্যৱহৃত শৈলী হৈছে, আনুভূমিক সমতলৰ ঘন শৈলীৰ বায়াং চিত্ৰশৈলী। বায়াং শৈলী শব্দটোৱে বায়াং কুলিট কাহিনী আৰু ধ্ৰুপদী বালিন চিত্ৰকলাৰ চৰিত্ৰসমূহৰ শৈলীকৃত ৰূপত সাদৃশ্যৰ চিন দেখুৱাইছে। চিত্ৰত ৰং কৰা ৰঙৰ সামগ্ৰীসমূহৰ সীমাৱদ্ধতা আছিল, কাৰণ সেইবোৰ আহৰণ কৰিব পৰা গৈছিল বাকলি, পাত, মাটি, এলান্ধু আদিৰ পৰা। চিত্ৰখন স্পেন ফ্ৰেমৰ লগত সংলগ্ন নকৰাকৈ দীঘলীয়া কাপোৰত তৈয়াৰ কৰা হৈছিল, যাতে ইয়াক স্ক্ৰ’ল পেইণ্টিঙৰ দৰে ৰাখিব পৰা হয়। মন্দিৰৰ দেৱলত খোদিত আৰু লণ্টাৰ চিত্ৰৰ (তালপাতত অংকিত চিত্ৰ) লগতে ধ্ৰুপদী বালিন চিত্ৰকলাৰ উদ্দেশ্য আছিল হিন্দু সভ্যতাৰ জীৱন দৰ্শনৰ ভিত্তিত ধৰ্মীয় শিক্ষা দিয়া আৰু শিক্ষাৰ মাধ্যম কৰা। বালিত চিত্ৰকলা আৰম্ভ হওঁতেই পূব জাভাৰ হিন্দু সংস্কৃতি ইছলামিক সংস্কৃতিৰ চাপত সোমাই পৰিছিল। হিন্দু সংস্কৃতিৰ মিশ্ৰণত আৰু সংস্কৃতিকৰণত কৰা বালিৰ চিত্ৰকলাৰ অস্তিত্ব অনন্য বুলি বৰ্তমানলৈকে বিভিন্ন দেশে মান্যতা প্ৰদান কৰিছে। হিন্দু-বালিনি চিত্ৰকলাৰ বিকাশক তিনিটা ভাগত বৰ্ণনা কৰিব পাৰি, কামাসন চিত্ৰকলা, পিতামহ চিত্ৰকলা আৰু যুৱ-শিল্পীৰ চিত্ৰকলা।[9]
হিন্দু যুগৰ দৰেই ইন্দোনেছিয়াত ইছলামিক কলাই ক্ৰেট’ন বা ৰাজপ্ৰসাদত কেন্দ্ৰীভূত হৈছিল। এজন শিল্পীৰ কাম কেৱল শিল্পকৰ্ম সৃষ্টি কৰাই নহয়, তেওঁ বিভিন্ন বিজ্ঞান আৰু দৰ্শনৰ বিশেষজ্ঞ, তদুপৰি তেওঁ শিল্পৰ অন্যান্য শাখাসমূহৰ বিষয়েও অৱগত। ইছলামিক শিল্পত জীৱৰ চিত্ৰৰূপ কৰাত ধৰ্মীয় বাধা-নিষেধ আছে। ইন্দোনেছিয়াৰ ইছলামিক কলাৰ শিল্পীসকলে পূৰ্বৰ সংস্কৃতিৰ সৈতে আপোচ কৰাৰ চেষ্টা কৰিছিল। এইক্ষেত্ৰত ইছলামিক সহনশীলতাই পূৰ্বৰ সূক্ষ্ম শিল্প পৰম্পৰাৰ ধাৰাবহিকতা সমৰ্থন কৰিলেও, নতুন কৰ্মৰ সৈতে সামঞ্জস্য বৰ্তাই ৰাখিছিল, যেনে, আৰবী আখৰৰ সৈতে সংযুক্ত অংকিত প্ৰাণী আৰু মানুহৰ প্ৰসংগ, দুয়োটাকে মছজিদৰ নান্দনিক কাৰ্যৰূপে প্ৰয়োগ, হস্ত শিল্পকলাৰ সৃষ্টি, চিত্ৰকলা বা কেলিওগ্ৰাফী আদিত। প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা ক’বলৈ গ’লে, তেওঁলোকে ইমান সূক্ষ্মভাবে নিৰ্মাণ কৰিছিল যে, দেখিলে এনে লাগে যেন প্ৰতিমূৰ্তিটো কেৱল পাত বা উদ্ভিদৰ সজ্জাহে। সাধাৰণতে, চন্দ্ৰ চাংকালৰ ৱায়াং বা প্ৰাণী চিত্ৰত চৰিত্ৰৰ কাহিনী আৰু নবীৰ ইতিহাসৰ বিষয়ে চিত্ৰিত কৰা শৈলী হিচাপে চিত্ৰ নিৰ্মাণ কৰা হৈছে। চিত্ৰসমূহৰ গঠন চিৰেবনৰ পৰা উৎপত্তি হোৱা কাঁচৰ চিত্ৰকলাৰ দৰে।[10]
সাধাৰণ শিল্পৰ দৰেই ইন্দোনেছিয়াত বিকশিত হোৱা নতুন ইন্দোনেছিয়ান চিত্ৰকলাক ইন্দোনেছিয়াৰ সমাজ আৰু সংস্কৃতিৰ সামগ্ৰিক পৰিকাঠামোৰ ভিতৰত স্থান নিদিয়াকৈ সম্পূৰ্ণৰূপে বুজি পাব নোৱাৰি। ইন্দোনেছিয়াৰ চিত্ৰকলাৰ বিকাশত ঐতিহাসিক শক্তিৰ প্ৰবল প্ৰভাৱ পৰিছিল। ইন্দোনেছিয়াৰ চিত্ৰকলাৰ প্ৰকৃত বিকাশ ইছলামিক চিত্ৰকলাৰ যুগৰ পিছতহে হৈছিল। এই সময়ছোৱাত চিত্ৰকলাৰ দ্ৰুত বিকাশৰ লগতে ইন্দোনেছিয়াৰ শিল্পৰো বিকাশ ঘটিছিল; য’ত ৰাডেন ছালেহ, আফাণ্ডি, বাছুকি, আব্দুল্লা আদিৰ দৰে আন আন ব্যক্তিত্ব দেখা গৈছিল।
ইন্দোনেছিয়াৰ আধুনিক চিত্ৰকলাৰ আৰম্ভণি ঘটিছিল, ডাচ্চ ঔপনিৱেশিকতাবাদৰ প্ৰৱেশৰ লগে লগে। সেই সময়ত পশ্চিম ইউৰোপীয় শিল্পৰ ৰোমাণ্টিকতাবাদৰ ধাৰাটোৱে বহু ইন্দোনেছিয়ান চিত্ৰশিল্পীক এই ধাৰাটোৰ বিকাশত অংশ ল’বলৈ প্ৰায় বাধ্য কৰাইছিল। ৰাডেন ছালেহ শ্বৰীফ বুষ্টামান হৈছে ইউৰোপীয় শৈলীৰ চিত্ৰকলা শিকিবলৈ সৌভাগ্য হোৱা এজন অন্যতম সহশিল্পী, যাক ডাচ্চ শিল্পীসকলে অনুশীলন কৰাইছিল। তাৰপিছত তেওঁ নেদাৰলেণ্ডত চিত্ৰকলাৰ অধ্যয়ন কৰিছিল, আৰু পৰৱৰ্তীকালত তেওঁ ইন্দোনেছিয়াৰ এজন সন্মানীয় চিত্ৰশিল্পী হিচাপে পৰিগণিত হৈছিল আৰু ইউৰোপৰ কেইবাখনো দেশত তেওঁ ৰাজশিল্পীৰ মৰ্যাদা পাইছিল। কিন্তু ইন্দোনেছিয়াৰ চিত্ৰকলা ইউৰোপৰ নৱ-জাগৰণৰ দৰে একেই গতিত বিকাশ লাভ কৰা নাছিল, সেয়ে ইয়াৰ বিকাশো সমান পৰ্যায়ত নাছিল। ইন্দোনেছিয়াৰ বিপ্ৰৱৰ যুগে বহু ইন্দোনেছিয়ান চিত্ৰশিল্পীক ৰোমাণ্টিছিজমৰ পৰা আঁতৰাই “জনপ্ৰিয়তাবাদী ধাৰা’’লৈলে আহিছিল। প্ৰকৃতিৰ সৈতে জড়িত বিষয়বস্তুবোৰক ইন্দোনেছিয়াৰ জাতিয়ে উপেক্ষা কৰা বিষয় হিচাপে ধৰা হৈছিল, কাৰণ সেইবোৰক সেইসময়ৰ সম্যবাদৰ জনপ্ৰিয় মতাদৰ্শৰ শত্ৰু পুঁজিপতিসকলৰ ওপৰত অভিশাপ বুলি গণ্য কৰা হৈছিল। তদুপৰি, ৰং আৰু কেনভাছৰ দৰে চিত্ৰকলাৰ প্ৰয়োজনীয় সঁজুলি বিচাৰি পোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰা বিষয়টোৱে ইন্দোনেছিয়ান চিত্ৰকলাত এক সহজ ৰূপ লোৱাৰ প্ৰৱণতাই গা কৰি উঠিছিল।
কমিউনিষ্ট মতাদৰ্শৰ জোৰ-জবৰদস্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে ইন্দোনেছিয়াৰ “সাংস্কৃতিক ইস্তাহাৰ আন্দোলনে’’ ১৯৫০ চনৰ পৰা চিত্ৰশিল্পীসকলক নিজৰ শিল্পকৰ্মক ৰাজনৈতিক স্বাৰ্থৰ পৰা মুক্ত ৰাখিবলৈ উদ্বুদ্ধ কৰিছিল, যাৰ ফলত মুক্ত প্ৰকাশভংগীৰ যুগ আৰম্ভ হৈছিল। চিত্ৰক এতিয়া দূত আৰু অপপ্ৰচাৰৰ আহিলা হিচাপে গণ্য কৰা নহয়। আ, ছালেহৰ সন্মানজনক কামৰ পৰা বিংশ শতাব্দীৰ আৰম্ভণিলৈকে ইন্দোনেছিয়ান চিত্ৰকলাৰ যাত্ৰাপথ এতিয়াও বিভিন্ন সংঘৰ্ষৰ দ্বাৰা বাধাপ্ৰাপ্ত হৈ আহিছে।
প্ৰতিষ্ঠিত ইন্দোনেছীয়ান চিত্ৰকলা, যি এতিয়াও সফলতাৰ শীৰ্ষত উপনীত হ’ব পৰা নাই; আধুনিকতাবাদৰ ধাৰণটোৱে তাক বিধ্বস্তপ্ৰায় কৰি তুলিছে। তাৰ ফলত সৃষ্টি হৈছে, বিকল্প বা সমসাময়িক শিল্পৰ। ব্যক্তিৰ ধাৰণাগত শিল্পৰ উত্থান হৈছে, যেনে, ইনষ্টলেচন আৰ্ট, পাৰফৰ্মেন্স আৰ্ট; যিবোৰ ১৯৯৩-১৯৯৬ চনৰ আশে-পাশে আৰ্ট কলেজসমূহত ভেঁকুৰৰ দৰে হৈ পৰিছে। তাৰপিছত বহু বিকল্প আহিল, যেনে ১৯৯৬-৯৭ চনত ফেশ্বনৰ দৰে আহিল “সহযোগিতা’’। তাৰ লগতে বিভিন্ন শৈলীৰ গতানুগতিক চিত্ৰকলাই “আৰ্ট গেলেৰী’’বোৰত ভিৰ কৰিলেহি, যি এতিয়া সমাজৰ বাবে প্ৰশংসাৰ বিষয় নহয়; বৰঞ্চ বিকল্প বিনিয়োগৰ ব্যৱসায়হে।
ইন্দোনেছীয়ান কলা শব্দটো ইউৰোপীয়ান কলা ধাৰাৰ পৰা পৃথক কৰিব নোৱাৰি। ইন্দোনেছীয়ান শিল্প আৰু আধুনিক শিল্পৰ মাজৰ সম্পৰ্ক বহুদিনীয়া আৰু গভীৰ আছিল। যাতে ই প্ৰত্যক্ষ বা পৰোক্ষভাবে সাংস্কৃতিক সম্পৰ্ক বা যোগাযোগ সৃষ্টি কৰিব পাৰে।
ইউৰোপত আধুনিক শিল্পক পোষ্ট-ইম্প্ৰেছনিজমৰ আৱিৰ্ভাবৰ পৰাই অৰ্থাৎ (১৮ শতিকাৰ আৰম্ভণিৰ পৰাই) ঘোষণা কৰা হৈছে। সেইসময়ত ব্যক্তিবাদী মনোভাব বৃদ্ধিৰ পৰাই শিল্পকৰ্ম সৃষ্টিৰ ক্ষেত্ৰখন যথেষ্ট মুকলি হোৱা আৰম্ভ হৈছিল। শিল্পীসকলৰ অবাধ পৰীক্ষা-নীৰিক্ষাৰ স্বাধীনতাৰ লগে লগে চিত্ৰকলাত ব্যক্তিবাদী মনোভাব শক্তিশালী হৈ উঠিল, সামগ্ৰী, কৌশল আৰু শিল্পৰ প্ৰকাশ সকলোতে। ইন্দোনেছীয়ালৈ অহা ইউৰোপীয় চিত্ৰকৰৰ দ্বাৰাই ইন্দোনেছিয়াৰ সামূহিক শিল্পই আৰু ইউৰোপীয় আধুনিক শিল্পৰ সংস্পৰ্শ লাভ কৰিছিল। এই সংস্পৰ্শই লাহে লাহে কিন্তু নিশ্চিতভাবে কিছু ব্যক্তিক শিল্পৰ নতুন দিশ অৰ্থাৎ নতুন শৈলীৰ শিল্পকলা গঢ়িবলৈ অনুপ্ৰাণিত কৰিছে। এই নতুন শিল্পযাত্ৰাই তলত দিয়াধৰণে কেইবাটাও নতুন দিশ উন্মোচন কৰিছিল।[11]
১৯ শতিকাৰ মাজভাগত ইন্দোনেছিয়াৰ শিল্পীসকলৰ চিত্ৰকলা বা অংকনশিল্পৰ জগতখনে এতিয়াও অঞ্চলসমূহত বিকশিত হোৱা পৰম্পৰাগত শৈলীসমূহৰ কথা প্ৰতীয়মান কৰে। এই শিল্পকৰ্মসমূহৰ অধিকাংশই আলংকাৰিক সম্ভাৱনা ৰাখে। যেনে, বালি আৰু জাভাৰ চিত্ৰকলা আৰু তোৰাজা আৰু কালিমন্তনৰ অলংকাৰ।
কিছুমান বিশেষজ্ঞই ৰাডেন ছালেহ শ্বৰিফ বুস্তামান(১৮০৭-১৮৮০)ক আধুনিক ইন্দোনেছিয়ান চিত্ৰকলাৰ পথ প্ৰদৰ্শক হিচাপে বিবেচনা কৰে। এই ধাৰণাটো অতিৰঞ্জিত নহয়৷ কাৰণ দেখা যায় যে ৰাডেন ছালেহ আছিল প্ৰথমজন ইন্দোনেছিয়ান যিয়ে ইণ্ডোনেছিয়াত বাস কৰা বেলজিয়াম বংশৰ প্ৰকৃতিবাদী আৰু বাস্তৱবাদী শৈলীৰ চিত্ৰকৰৰ পৰা বিশেষ চিত্ৰকলাৰ নিৰ্দেশনা লাভ কৰিছিল, যেনে, এ.এ.জে. পায়েন। পায়েনৰ পৰামৰ্শ আৰু চি ৰেইনৱাৰ্টৰ সমৰ্থনত ৰাডেন ছালেহে ইউৰোপত অধ্যয়নৰ সুযোগ লাভ কৰিছিল। সেই সময়ত ইউৰোপত পঢ়া-শুনা কৰাটো এতিয়াও বেছিভাগ ইন্দোনেছিয়ানৰ বাবে বিৰল আছিল। কিন্তু ৰাডেন ছালেহক মহান প্ৰতিভাশালী বুলি গণ্য কৰা হৈছিল আৰু একে সময়তে, সম্ভ্ৰান্ত বংশৰ আছিল বাবে ইউৰোপলৈ যোৱাটোত তেওঁক বাধা দিব পৰা নাছিল। তেওঁ বিদেশত সূক্ষ্ম কলা অধ্যয়ন কৰা প্ৰথমজন ইণ্ডোনেছিয়ান হিচাপে পৰিগণিত হয়। ইউৰোপত ৰাডেন ছালেহে আগশাৰীৰ প্ৰতিকৃতি চিত্ৰকৰ কৰ্নেলিয়াছ ক্ৰুজমেন আৰু প্ৰাকৃতিক প্ৰাকৃতিক দৃশ্য চিত্ৰকৰ আন্দ্ৰেয়াছ শ্বেফহাউটৰ পৰা নিৰ্দেশনা লাভ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.