ইব্ৰাহিম
From Wikipedia, the free encyclopedia
ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম (আঃ) (আৰবী: ابراهيم, হিব্ৰু: אַבְרָהָם) তোৰাহ অনুসৰি আব্ৰাহাম (ইংৰাজী: Abraham) (আনুমানিক জন্ম: ১৯০০ খৃষ্টপূৰ্বৰ পৰা ১৮৬১ খৃষ্ট পূৰ্বলৈ – মৃত্যু: ১৮১৪ খৃষ্টপূৰ্বৰ পৰা ১৭১৬ খৃষ্ট পূৰ্বলৈ), ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল।[1][2] কা'বুল আহবাৰৰ মতে তেখেত ১৯৫ বছৰ জীৱিত[3] আছিল। সৃষ্টিকৰ্তাৰ প্ৰতি তেখেতৰ দৃঢ় বিশ্বাসৰ ফলত সৃষ্টিকৰ্তাই তেখেতক সৰ্ৱকালৰ সকলো জাতিৰ নেতা বনোৱাৰ প্ৰতিজ্ঞা কৰিছে।[4] ইছলামত তেখেতৰ কাৰ্যক্ৰমক স্মৰণ কৰি ঈদুল আজহা পালিত হয়। ইব্ৰাহিম আৰু তেখেতৰ শিশুপুত্ৰ ইছমাইলে ইছলামত কোৰবাণী[5], হজ্জ প্ৰতিষ্ঠা কৰে যিটো বৰ্তমানৰ মুছলিমৰ দ্বাৰাও পালিত হয়। উল্লেখ্য যে কোৰবাণী প্ৰথা আদম (আঃ) সময়ৰ পৰাই আৰম্ভ হৈছে বুলি মুছলিম সকলে বিশ্বাস কৰে।
ক্ষিপ্ৰ তথ্য ইব্ৰাহিম আলাইহিছ ছালাম ( عليه السلام ), স্থানীয় নাম ...
ইব্ৰাহিম আলাইহিছ ছালাম ( عليه السلام ) | |
---|---|
![]() ইব্ৰাহিম নাম ইছলামিক লিপিবিদ্যাত লিখা | |
স্থানীয় নাম | ইব্ৰাহিম - إبراهيم |
জন্ম | ২৫১০ হিজৰী ইউআৰ, ইৰাক |
মৃত্যু | ২৩২৯ হিজৰী (আনুমানিক ১৭৫ বছৰ বয়সী) হেবৰঢ, পশ্চিম তীৰ |
মৃত্যুৰ কাৰণ | বাৰ্ধক্য |
সমাধিস্থল | ইব্ৰাহামী মছজিদ |
ধৰ্ম | ইছলাম |
দাম্পত্যসঙ্গী | হাজেৰা, ছাৰাহ |
সন্তান | ইছমাইল, ইছহাক |
বন্ধ কৰক