ইয়াণ্ডাবু সন্ধি
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজৰ শান্তি চুক্তি / From Wikipedia, the free encyclopedia
ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা 'ছাৰ আৰ্চিবল্ড কেম্পবেল' আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল 'মহা মিন লা কিয়' টিন'-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল। ব্ৰিটিছ বাহিনী ৰাজধানী 'আভা'ৰপৰা মাত্ৰ পঞ্চাছ মাইলমান আঁতৰত থকা ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত উপস্থিত হোৱাত ব্ৰিটিছ বাহিনীয়ে আগবঢ়োৱা চৰ্তমতেই সন্ধি স্বাক্ষৰ কৰিবলৈ মানসকল বাধ্য হৈছিল।[1]
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজৰ শান্তি চুক্তি | |
---|---|
স্বাক্ষৰ | ২৪ ফেব্ৰুৱাৰী, ১৮২৬ |
অৱস্থিতি | ইয়াণ্ডাবু, ম্যানমাৰ |
স্বাক্ষৰকাৰীসকল | আভাৰ ৰজা |
ভাষাসমূহ | ইংৰাজী, বাৰ্মীয় |
এই সন্ধি অনুসৰি, মানসকলে নিম্নোক্ত চৰ্তসমূহ মানি লৈছিল: (১) অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমকে ধৰি ছেলৱিন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়া হ'ব। (২) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰা, (৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ১ নিযুত ব্ৰিটিছ পাউণ্ড চাৰিটা কিস্তিত ব্ৰিটিছক দিয়া, (৪) আভা আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখা, আৰু (৫) ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা।[1][2]
এই সন্ধিয়ে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰচী যুদ্ধখন শেষ কৰে। এংলো-বাৰ্মা যুদ্ধত ১৫০০০ ইংৰাজ আৰু ভাৰতীয় সৈন্য নিধন হৈছিল আৰু তাতকৈ বেছি সংখ্যক (সঠিক অংক জনা নাযায়) মান সৈন্য নিহত হৈছিল। এই যুদ্ধত ব্ৰিটিছৰ খৰচ হৈছিল পাঁচ নিযুত পাউণ্ড ষ্টাৰলিংৰপৰা (২০০৬ চনৰ আমেৰিকাৰ ডলাৰৰ হিচাপত : ১৮.৫ বিলিয়ন)[3] ১৩ নিযুত পাউণ্ড ষ্টাৰলিঙৰ ভিতৰত। এই খৰচে ১৮৩৩ চনত ব্ৰিটিছ শাসনক তীব্ৰ অৰ্থনৈতিক সংকটলৈ নিক্ষেপ কৰিছিল।[4]
এই সন্ধিৰ লগতে ব্ৰহ্মদেশৰ মানসকলৰ স্বাধীনতাৰ অৱসান হ'বলৈ আৰম্ভ কৰে। সেই সময়ৰ ব্ৰিটিছৰ তীব্ৰ প্ৰতিদ্বন্দ্ব্বী তৃতীয় মান সাম্ৰাজ্যৰ কঁকাল এই সন্ধিয়ে ভাঙি পেলাইছিল।[5] সন্ধিমতে দিবলগীয়া ১ নিযুত ক্ষতিপূৰণে মান সাম্ৰাজ্যত তীব্ৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিছিল।[2] ইয়াৰ পাছত ব্ৰিটিছে আৰু দুবাৰ ব্ৰহ্মদেশৰ লগত যুদ্ধৰ লিপ্ত হয় আৰু ১৮৮৫ চনত সমগ্ৰ ব্ৰহ্মদেশ নিজৰ অধীনলৈ আনে।