From Wikipedia, the free encyclopedia
এ টি এম ইংৰাজীত সম্পূৰ্ণ নাম Automated Teller M achine ,সংক্ষেপে এ টি এম (ATM) বুলি কোৱা আৰু লিখা হয়। এ টি এম হ'ল বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠানে কম্পিউটাৰ-দূৰসংযোগ ব্যৱস্থাৰ জৰিয়তে কোনো কৰ্মচাৰী নোহোৱাকৈ ৰাজহুৱা স্থানত তেওঁলোকৰ গ্ৰাহকক ধন পৰিশোধ কৰাৰ এটা পদ্ধতি তথা যন্ত্ৰ। এ টি এমে সম্প্ৰতি সমগ্ৰ বেংকিং ব্যৱস্থাটোতে বৈপ্লৱিক পৰিবৰ্তন আনিছে। সঠিক হিচাপত টকা আগবঢ়াই দিব পৰা যান্ত্ৰিক পদ্ধতি আৱিষ্কাৰ কৰিছিল লুথাৰ জৰ্জ ছিমজিয়ানে। ১৯৩৯ চনত ছিটি বেংক অৱ নিউয়ৰ্কে নিউয়ৰ্কত এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ লয়। কিন্তু গ্ৰাহকে গ্ৰহণ নকৰাৰ বাবে ছমাহৰ পাছত সেই পদ্ধতি উঠাই দিবলগীয়া হয়। [1]
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
২৫ বছৰ মানৰ পাছত ডিলাৰু নামৰ এজন প্ৰযুক্তিবিদে প্ৰথম ইলেকট্ৰনিক এ টি এমটো সাজি উলিয়ায়। ১৯৬৭ চনৰ ২৭ জুনত বাৰ্কলেছ বেংকে উত্তৰ লণ্ডনত আকৌ ইলেকট্ৰনিক এ টি এম ব্যৱহাৰ কৰিবলৈ লয়। ব্ৰিটিছ অভিনেতা ৰেগ ভাৰ্নিয়ে প্ৰথম এ টি এম ব্যৱহাৰ কৰিছিল।
প্ৰথমতে এ টি এমত এবাৰেই ব্যৱহাৰ কৰিব পৰা 'টোকেন' বা ভাউচাৰ ব্যৱহাৰ কৰা হৈছিল। ১৯৬৫ চনত কাৰ্ডত 'পাৰ্ছনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ' ব্যৱহাৰ কৰি ব্ৰিটিছ অভিযন্তা জেমছ গুডফেলোৱে এই ব্যৱস্থাটোক আৰু এখোজ আগবঢ়াই দিলে। ইয়াৰ ফলত নিৰাপদভাৱে একেখন এ টি এম কাৰ্ডকে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা হ'ল।[1]
এই ব্যৱস্থাত প্ৰতিজন গ্ৰাহকক প্লাষ্টিকেৰে নিৰ্মিত এখন বিশেষ ধৰণৰ এ টি এম কাৰ্ড দিয়া হয়। কাৰ্ডখনৰ এটা চুম্বকীয় ষ্ট্ৰিপত এখন চিপ থাকে। তাত প্ৰতিজন গ্ৰাহকৰ বাবে একোটা নম্বৰ (PIN: Personal Identification Number) আৰু আন নিৰাপত্তা সম্পৰ্কীয় তথ্য কিছুমান লিখা থাকে। [1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.