মণিপুৰৰ দ্বাদশ মুখ্যমন্ত্ৰী From Wikipedia, the free encyclopedia
নংথমবাম বিৰেন সিং (ইংৰাজী: Nongthombam Biren Singh;জন্ম ১ জানুৱাৰী, ১৯৬১[1]) হ'ল এজন ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সাংবাদিক। বিৰেন সিং বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী।[2] বিৰেন সিঙে ফুটবল খেলুৱৈ হিচাপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু ঘৰুৱা প্ৰতিযোগিতাসমূহত বিএছএফ দলৰ হকে খেলিবলৈ তেওঁ বিএচএফত ভৰ্তি হৈছিল। পাছলৈ তেওঁ বিএচএফৰ পৰা পদত্যাগ কৰি সাংবাদিকতা কৰিবলৈ লৈছিল। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ তথা অভিজ্ঞতা নথকা সত্বেও তেখেতে ১৯৯২ চনত Naharolgi Thoudang নামৰ এখন স্বদেশী দৈনিক আৰম্ভ কৰিছিল আৰু ২০০১ চন পৰ্যন্ত সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।[1] ২০০২ চনত ৰাজনীতিত অংশগ্ৰহণ কৰিয়েই বিৰেন সিঙে ডেম'ক্ৰেটিক ৰিভ'লিউচনাৰী পিপিলচ্ পাৰ্টিত যোগ দিয়ে আৰু হেইগংৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হয়। ২০০৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পাছত তেখেতে কংগ্ৰেছ দলৰ টিকটেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২০০৭ চনত নিজৰ আসন বজায় ৰাখে। যুৱ কল্যাণ তথা ক্ৰীড়া মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি, ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগতে তেখেতে ২০১৬ চনত কংগ্ৰেছ দল ত্যাগ কৰে। ২০১৭ চনত তেখেত মণিপুৰৰ মুখ্যমন্ত্ৰী হয়।[3]
নংথমবাম বিৰেন সিং | |
---|---|
মণিপুৰৰ দ্বাদশ মুখ্যমন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৫ মাৰ্চ ২০১৭ | |
ৰাজ্যপাল | নাজমা হেপতুল্লা |
পূৰ্বসূৰী | অ'ক্ৰাম ইববি সিং |
ব্যক্তিগত তথ্য | |
জন্ম | ১ জানুৱাৰী, ১৯৬১ (৬৩ বছৰ) লুৱাংছাংবাম মামাং লেইকাই, ইম্ফল পূৱ, মণিপুৰ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (২০১৬–বৰ্তমানলৈ) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (২০০৩–১৬) ডেম'ক্ৰেটিক ৰিভ'লিউচনাৰী পিপিলচ্ পাৰ্টি (২০০২–০৩) |
দাম্পত্যসঙ্গী | হেইয়াইনু দেৱী |
সন্তান | ৩ |
শিক্ষানুষ্ঠান | মণিপুৰ বিশ্ববিদ্যালয় |
সামৰিক সেৱা | |
আনুগত্য | ভাৰত |
সেৱা/শাখা | সীমা সুৰক্ষা বল (BSF) |
চাকৰিৰ কাৰ্যকাল | ১৯৭৯–১৯৯৩ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.