কটন বিশ্ববিদ্যালয়
অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান / From Wikipedia, the free encyclopedia
কটন বিশ্ববিদ্যালয় (ইংৰাজী: Cotton University; পূৰ্বতে কটন কলেজ বুলি জনাজাত) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ'ল।
ক্ষিপ্ৰ তথ্য কটন বিশ্ববিদ্যালয়, মূলমন্ত্ৰ ...
কটন বিশ্ববিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | অপ্ৰমত্তেন বেদ্ধ্য়ৱ্য়ম্ |
স্থাপিত | ১৯০১
(কটন কলেজ) ২০১১ (কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়) ২০১৭ (কটন বিশ্ববিদ্যালয়) |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী |
স্থান | গুৱাহাটী, অসম,, ভাৰত 26.1868°N 91.7476°E / 26.1868; 91.7476 |
ৱেবছাইট | cottonuniversity |
বন্ধ কৰক
২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ল।[1]
কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।