From Wikipedia, the free encyclopedia
কলকাতা নাইট ৰাইডাৰ্ছ (ইংৰাজী: Kolkata Knight Riders, সংক্ষেপে KKR) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতাক প্ৰতিনিধিত্ব কৰা এটা ক্ৰিকেট ফ্ৰেন্সাইজি। এই ফ্ৰেন্সাইজিৰ স্বত্বাধিকাৰী হ'ল বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট, অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ মেহতা গ্ৰুপ। গৌতম গম্ভীৰ বৰ্তমান এই দলৰ অধিনায়ক আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ট্ৰেভৰ বে'লিছ এই দলৰ প্ৰশিক্ষক। ৱাছিম আক্ৰাম দলটোৰ বলিং কনছালটেণ্ট আৰু মেণ্টৰ। সৌৰভ গাংগুলী প্ৰথম তিনিটা বৰ্ষৰ কাৰণে দলটোৰ আইকন খেলুৱৈ আছিল আৰু প্ৰথম আৰু তৃতীয় বৰ্ষত দলটোৰ নেতৃত্ব দিছিল। দ্বিতীয় বৰ্ষত নেতৃত্বৰ দায়িত্বত আছিল ব্ৰেণ্ডন মেককুলাম। ২০১২ চনত চেন্নাইত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত হৰুৱাই দলটোৱে প্ৰথমবাৰ আই পি এলৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।[2] ২০১৪ চনত দ্বিতীয়বাৰৰ বাবে আই পি এল চেম্পিয়ন হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ২০২৪ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰিছিল।
কলকাতা নাইট ৰাইডাৰ্ছ | |||
অধিনায়ক: | গৌতম গম্ভীৰ | ||
---|---|---|---|
প্ৰশিক্ষক: | ট্ৰে'ভৰ বে'লিছ | ||
বলিং প্ৰশিক্ষক: | ব্ৰেট লী | ||
চহৰ: | কলকাতা, পশ্চিমবংগ | ||
ৰং: | |||
স্বত্বাধিকাৰী: | শ্বাহৰুখ খান (ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট) জুহি চাওলা জয় মেহতা (মেহতা গ্ৰুপ). |
||
প্ৰতিষ্ঠা: | ২০০৮ | ||
ঘৰুৱা খেলপথাৰ: | ইডেন গাৰ্ডেন (সামৰ্থ্য: ৯০,০০০)[1] জে এছ চি এ ইণ্টাৰ নেচনেল ক্ৰিকেট ষ্টেডিয়াম (সামৰ্থ্য: ৩৫,০০০) | ||
আই পি এল বিজয়: | ১ (২০১২) | ||
চি এল টি২০ বিজয়: | ০ (কোৱালিফাই- ২০১১, ২০১২) | ||
অফিচিয়েল ৱেবছাইট: | KKR.IN |
দলটোৰ অফিচিয়েল থীমটো হ'ল কৰবো, লৰবো, জিতবো ৰে (কৰিম, যুঁজিম, জিকিম) আৰু অফিচিয়েল ৰং হ'ল পাৰ্প'ল আৰু সোণালী। ২০১১ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ ব্ৰাণ্ড মূল্য আছিল $৫৭.৫ নিযুত আৰু ই সকলো দলৰ ভিতৰত তৃতীয় স্থানত আছিল।[3] চেলিব্ৰিটীৰ অধীনৰ দল হিচাপে দলটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা সত্বেও দলটোৱে ইতিমধ্যে বহু বিতৰ্কৰ সন্মুখীন সন্মুখীন হৈছে আৰু প্ৰথম তিনিটা বৰ্ষত দলটোৱে শোচনীয় প্ৰদৰ্শন আগবঢ়ায়।[3] চতুৰ্থ বৰ্ষত অৱশ্যে দলটোৱে নিজৰ প্ৰদৰ্শন উন্নীত কৰি আই পি এল প্লে' অফ পৰ্যায় আৰু ২০১১ চেম্পিয়ন্ছ লীগ টুৱেণ্টি২০লৈ যোগ্যতা অৰ্জন কৰে। ২০১২ চনত তেওঁলোকে আই পি এলৰ বিজয়ীৰ সন্মান লাভ কৰে।[2]
দলটোৰ সৰ্বাধিক ৰাণ কৰোঁতা হ'ল গৌতম গম্ভীৰ,[4] আৰু সৰ্বাধিক ৱিকেট লওঁতা হ'ল লক্ষ্মীপতি বালাজি।[5] এছিয়াৰ বৃহত্তম ষ্টেডিয়ামবিলাকৰ মাজৰ এখন তথা ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়াম ইডেন গাৰ্ডেন, ছল্ট লে'ক ষ্টেডিয়াম আৰু ৰুংৰাডু মে' ডে' ষ্টেডিয়াম হৈছে দলটোৰ ঘৰুৱা খেলপথাৰ।[6]
২০০৮ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ নামেৰে এখন টুৱেণ্টী২০ ক্ৰিকেট প্ৰতিযোগিতাৰ সৃষ্টি কৰে।[7] সেই বছৰৰে এপ্ৰিলৰপৰা জুনলৈকে চলা প্ৰাৰম্ভিক বৰ্ষৰ আই পি এলত আঠটা দলৰ অংশগ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। ২০ ফেব্ৰুৱাৰীত মুম্বাইত আঠখন ভিন্ন চহৰক প্ৰতিনিধিত্ব কৰা আঠটা দলৰ নিলাম অনুস্থিত হয়। বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্টে অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ লগ লাগি $৭৫.০৯ নিযুত (₹৩৫৭ কোটি) মূল্যত কলকাতাক প্ৰতিনিধিত্ব কৰিবলগা দলটো ক্ৰয় কৰে।[8] ভাৰতৰ জাতীয় দলৰ প্ৰাক্তন অধিনায়ক, পশ্চিমবংগ নিবাসী, দ্য বেংগল টাইগাৰ, দাদা, দ্য প্ৰিন্স অব কলকাতা আদি বিভিন্ন উপনামেৰে সন্মানিত সৌৰভ গাংগুলীক দলটোৰ আইকন খেলুৱৈ ঘোষণা কৰা হয়। তেওঁক দলটোৰ অধিনায়ক হিচাপেও মনোনীত কৰা হয়।
প্ৰথম বৰ্ষৰ আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ আৰু ডেক্কান চাৰজাৰ্ছৰ বিৰুদ্ধে নিজৰ প্ৰথম দুইখন খেলতে বিজয় সাব্যস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছে সুন্দৰ আৰম্ভণি কৰে। উদ্বোধনী খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰাৰম্ভিক বেট্ছমেন ব্ৰেণ্ডন মেক্কুলামে ১৫৮ ৰাণৰ এটা ইনিংছ খেলে আৰু ইয়ে বৰ্তমানলৈ কোনো টুৱেণ্টি২০ খেলত কোনো বেট্ছমেনে সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ।[9] অৱশ্যে দলটোৱে ইয়াৰ পাছৰ চাৰিখন খেলত একেলেথাৰিয়ে পৰাজয়বৰণ কৰে। সৌৰভ গাংগুলী আৰু শ্বোৱেইব আখটাৰৰ সুন্দৰ প্ৰদৰ্শনেৰে দলটোৱে ইয়াৰ পাছৰ তিনিখন খেলত জয়লাভ কৰে যদিও দলটোৱে পুনৰ নিম্ন প্ৰদৰ্শন আগবঢ়াই তাৰ পিছৰ তিনিখন খেলত পৰাজিত হয়। ইয়াৰে এখন খেলত দলটো মুম্বাই ইণ্ডিয়ান্ছৰ বিৰুদ্ধে ৬৭ ৰাণত অল আউট হয় আৰু ২০০৮ বৰ্ষৰ আই পি এলৰ ই সৰ্বনিম্ন স্ক'ৰ। [10] দিল্লী ডেৰডেভিল্ছৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে বাতিল হোৱাত দলটোৰ ছেমিফাইনেল খেলাৰ আশা নিৰ্বাপিত হয়।[11] নিজৰ অন্তিমখন খেলত দলটোৱে কিংছ XI পঞ্জাবৰ বিৰুদ্ধে জয়লাভ কৰে।
দল গঠন, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত গাংগুলীৱে টছত জিকি লোৱা বেটিঙৰ সিদ্ধান্ত, ইডেন গাৰ্ডেনত অনুস্থিত খেলসমূহত আমোদকৰ লগোৱা আদি ক্ষেত্ৰত দলটো বিতৰ্কৰ সন্মুখীন হয়।[12] আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই শ্বাহৰুখ খানক খেল চলি থকা সময়ত দলটোৰ ড্ৰেছিং ৰুমত সোমোৱাত বাধা আৰোপ কৰে। তেওঁ পিছত এই বুলি বক্তব্য দিয়ে যে আই পি এলৰ বিষয়ববীয়াই আচৰণবিধিসমূহৰ স্পষ্টীকৰণ নকৰালৈকে তেওঁ আই পি এলৰ বাকী থকা খেলকেইখনত উপস্থিত নাথাকে।[13]
এই বৰ্ষৰ আই পি এলত মুঠ ১৩ কোটি টকা লাভ কৰি কলকাতাই আৰ্থিকভাৱে সবাতোকৈ সফল আই পি এল ফ্ৰেন্সাইজি হিচাপে পৰিগণিত হয়।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.