From Wikipedia, the free encyclopedia
Memecylon cerasiforme | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Memecylon |
প্ৰজাতি: | M. cerasiforme |
দ্বৈৰাশিক নামকৰণ | |
Memecylon cerasiforme Kurz | |
কাকৈ-চেৰা (বৈজ্ঞানিক নাম:Memecylon cerasiforme; কাৰবি: নৰাকং; কছাৰী: পান্দাওজে) মেলাষ্টমেচি (Melastomacee) পৰিয়ালৰ অন্তৰ্ভুুক্ত অসমত দেখা পোৱা এবিধ সৰু আকাৰৰ বনৰীয়া গছ৷[1] ই ভাৰত (চিত্তাগং, উত্তৰ পূৱ ভাৰত), বাৰ্মা আৰু বাংলাদেশৰ থলুৱা উদ্ভিদ।[2][3]
কাকৈ-চেৰাৰ বাকলিৰ বৰণ মদৰুৱা৷ বাকলিৰ উপৰিভাগত দীঘল দীঘল ফাটৰ উৎপত্তি হোৱা দেখা যায়৷ ইয়াৰ পাতবোৰ কেতিয়াবা দীঘলীয়া আৰু কেতিয়াবা ডিম্বাকাৰ আৰু দুয়োমূৰ দীঘলনেজীয়া হয়৷ পাতবোৰ চামৰাৰ দৰে ডাঠ আৰু মিহি হোৱা দেখা যায়৷ পাতৰ বৰণ সেউজীয়া৷ কাকৈ-চেৰাৰ ফুল শেঁতাবৰণীয়া৷ ফুলবোৰ পুৰঠ হ’লে দীঘলীয়া আৰু জামুৰ দৰে মঙহাল ফল উৎপন্ন হয়৷ এই ফলবোৰ পকিলে ক’লা পৰে৷[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.