কাবা
From Wikipedia, the free encyclopedia
কাবা, কাবাঘৰ, কাবা শ্বৰীফ (الكعبة, আৰু যি নামেৰে পৰিচিত الكعبة المشرًّفة "The Primordial House"), অথবা (البيت الحرام "The Sacred House"), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো চৌদি আৰৱৰ মক্কা চহৰৰ মছজিদুল হাৰাম মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য কাবা, সাধাৰণ তথ্য ...
কাবা | |
---|---|
কাবা (মছজিদ আল হাৰামত) | |
সাধাৰণ তথ্য | |
স্থান | মক্কা, আল হেজাজ, চৌদি আৰৱ |
ভৌগোলিক স্থানাংক | 21.4225°N 39.8262°E / 21.4225; 39.8262 |
ধৰ্মীয় আনুগত্য | ইছলাম |
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
নিৰ্দিষ্টকৰণ | |
উচ্চতা (অধিক) | 13.1 মিটাৰ (43 ফুট) |
বন্ধ কৰক
ইছলাম ধৰ্ম মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে।[1] এইটো মুছলিম সকলৰ কিবলা, অৰ্থাৎ যি দিশে থিয় হৈ নামাজ পঢ়ে বা ছালাত আদায় কৰে, পৃথিৱীৰ যিকোনো স্থানৰ পৰা কাবা যি দিশে মুছলিম সকলে ঠিক সেই দিশে মুখ কৰি নামাজ পঢ়ে। হজ্জ আৰু উমৰা পালনৰ সময়ত মুছলিম সকলে কাবাক ঘেৰি তাওয়াফ বা প্ৰদক্ষিন কৰে।[1]