From Wikipedia, the free encyclopedia
কুকুৰা-ঠেঙীয়া গছ (বৈজ্ঞানিক নাম: Leea sambucina) এবিধ লেংলেঙীয়া বিধৰ জোপোহা গছ৷ উজনি অসমৰ চিৰসেউজীয়া বনভূমিবিলাকত এই গছ দেখিবলৈ পোৱা যায়৷[1]
কুকুৰা-ঠেঙীয়া গছৰ উচ্চতা ৩-৪ মিটাৰ মান হোৱা দেখা যায়৷ পাত ধাৰণ কৰা দীঘলীয়া ঠাৰিবোৰে কেতিয়াবা দুযোৰা আৰু কোনো কোনো ক্ষেত্ৰত তিনিযোৰা শাখা-পত ধাৰণ কৰে৷
পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগৰফালে জোঙা হয়৷ কেতিয়াবা ওভতাকৈ নাল লগোৱা চামুচৰ আকৃতি ধাৰণ কৰে৷ আগডোখৰ দীঘলীয়া নেজৰ নিচিনা হয়৷ পাতবিলাক অলপ ডাঠ আৰু মিহি হয়৷ মূলসিৰ দুয়োকাষে ৭ যোৰাৰ পৰা ১২ যোৰা পৰ্য্যন্ত শাখাসিৰ বিকশিত হয়৷ অগ্ৰভাগত শাখাসিৰ বিলাক দুডলীয়াকৈ বিভক্ত হোৱা দেখা যায়৷
ফুলবোৰ বগা চানেকীয়াকৈ সেউজ-বুলীয়া হয়৷ পাতৰ মূল ঠাৰিডালে একাধিক শাখাঠাৰি বহন কৰা আৰু প্ৰত্যেকডাল শাখাঠাৰিৰ অগ্ৰভাগে থোপাৰ আকাৰে কেবাপাহ ফুল ধাৰণ কৰে৷ কম-বেছি পৰিমাণে ঘুৰণীয়া আকৃতিৰ মঙহাল ফলবোৰ সমান্যভাৱে চেপেটা হয়৷
ফলৰ সোৱাদ মিঠা৷[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.