ফেডাৰেল টেৰিটৰী আৰু মালয়েছিয়াৰ ৰাজধানী চহৰ From Wikipedia, the free encyclopedia
কুৱালালামপুৰ (ইংৰাজী: Kuala Lumpur; /ˈkwɑːləˈlʊmpʊər/ বা /-pər/),[5] চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. (94 বৰ্গ মাইল) আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত।[6] ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কুয়ালা লামপুৰ হৈছে এক সামূহিক নগৰ। ২০১৩ চনত ইয়াৰ জনসংখ্যা আছিল ৭.২ নিযুত। জনসংখ্যা আৰু অৰ্থনৈতিক দিশৰ পৰা ই হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন দ্ৰুত বিকাশশীল মহানগৰীয় অঞ্চল।
কুৱালালামপুৰ | |
---|---|
ফেডাৰেল টেৰিটৰী আৰু নগৰ | |
ফেডাৰেল টেৰিটৰী অৱ কুৱালালামপুৰ ৱিলায়াহ পাৰ্ছেকুটুন কুৱালা লামপুৰ জাৱী: ولايه ڤرسكوتوان کوالا لومڤور | |
অন্যান্য লিপ্যন্তৰণ | |
• মালয় | কুৱালা লামপুৰ |
• জাৱী | کوالا لومڤور |
• চীনা | 吉隆坡 |
• তামিল | கோலாலம்பூர் |
উপনাম(সমূহ): কেএল, গাৰ্ডেন চিটি অৱ লাইটছ | |
মূলমন্ত্ৰ(সমূহ): | |
ৰাষ্ট্ৰ | মালয়েছিয়া |
প্ৰশাসনিক অঞ্চলসমূহ | তালিকা |
প্ৰতিস্থা | ১৮৫৯[1] |
নগৰ হিচাপে | ১ ফেব্ৰুৱাৰী ১৯৭২ |
ফেডাৰেল টেৰিটৰী হিচাপে | ১ ফেব্ৰুৱাৰী ১৯৭৪ |
চৰকাৰ | |
• মেয়ৰ (ডাটুক বান্দাৰ) | মঃ আমিন নুৰদিন আব্দুল আজিজ |
কালি | |
• ফেডাৰেল টেৰিটৰী আৰু নগৰ | 243 km2 (94 sq mi) |
• মেট্ৰ’ | 2,243.27 km2 (866.13 sq mi) |
উচ্চতা | 66 m (217 ft) |
জনসংখ্যা (২০১৫)[3] | |
• ফেডাৰেল টেৰিটৰী আৰু নগৰ | ১৭৬৮০০০ (প্ৰথম) |
• ঘনত্ব | 6,891/km2 (17,310/sq mi) |
• মেট্ৰ’ | ৭২০০০০০[4] |
• মেট্ৰ’ ঘনত্ব | 6,581/km2 (17,040/sq mi) |
• জাতীয়তা | কেএল-আইট /কুআলা লামপুৰিয়ান |
কুৱালালামপুৰ হৈছে মালয়েছিয়া সংসদৰ এক আসন। এসময়ত নগৰখন ফেডাৰেল চৰকাৰৰ কাৰ্যকৰী আৰু ন্যায়িক শাখা আছিল, কিন্তু ১৯৯৯ চনৰ আদিতে শাখাসমূহ পুত্ৰজয়লৈ স্থানান্তৰ কৰা হয়।[7] ৰাজধানী চহৰ কুৱালা লামপুৰত এতিয়াও কিছু উপবিভাগ আছে। মালয়েছিয়াৰ ৰজাৰ চৰকাৰী আৱাস, ইষ্টানা নেগাৰাও কুআলা লামপুৰতেই আছে। আলফা ৱৰ্ল্ড চিটি হিচাপে বিবেচিত কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু বিত্তীয় কেন্দ্ৰস্বৰূপ।
কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ তিনিখন ফেডাৰেল টেৰিটৰীৰ ভিতৰত এখন,[8] ইয়াৰ পৰিক্ষেত্ৰ মালয়েছিয়া উপদ্বীপৰ মধ্য পশ্চিম সমুদ্ৰতীৰত থকা ছেলাংগৰ ৰাষ্ট্ৰৰ ভিতৰত।[9] ১৯৯০ চনৰে পৰা নগৰখনত বহুতো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া, ৰাজনৈতিক আৰু সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হৈ আহিছে। ১৯৯৮ চনত কমনৱেলথ গেইমছ আৰু ফৰ্মূলা ৱান গ্ৰাণ্ড প্ৰিক্স ইয়াতেই অনুষ্ঠিত হৈছিল। ইয়াৰোপৰি মালয়েছিয়াৰ গৌৰৱ তথা উন্নয়নৰ প্ৰতীক, বিশ্বৰ আটাইতকৈ ওখ যমজ অট্টালিকা, দ্য পেট্ৰ'নাছ টুইন টাৱাৰছ ইয়াতেই আছে।
কুআলা লামপুৰ মানে "পংকিল সংগম"; কুআলা মানে সেই বিন্দু য'ত দুখন নদী লগ লাগে বা তিনিসোঁতী, আৰু লামপুৰ মানে "বোকা"।[10]
কোআলা লামপুৰ মালয়েছিয়াৰ বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপ আৰু অনুষ্ঠানৰ কেন্দ্ৰ স্বৰূপ। এনে কেন্দ্ৰসমূহৰ ভিতৰত মাহামেৰু ঘাইপথৰ কাষত অৱস্থিত নেচনেল মিউজিয়াম প্ৰধান। ইয়াত সংগ্ৰহিত বিভিন্ন কলাকৃতি আৰু পেইণ্টিংসমূহ জগত বিখ্যাত।[11] কোআলা লামপুৰৰ অন্য এটা প্ৰধান আকৰ্ষণ হৈছে ইছলামিক আৰ্ট মিউজিয়াম, ইয়াত প্ৰায় সাত সহস্ৰাধিক ইছলামিক কলাকৃতি তথা ইছলামিক সাংস্কৃতিক সমলৰ এটা পুথিভঁৰাল আছে।[12] এই সংগ্ৰহালয়ত কেৱল মধ্য পূৱৰ সমলেই সংগ্ৰহিত হৈ থকা নাই, ইয়াত চীন আৰু দক্ষিণ এছিয়াৰ দৰে এছিয়াৰ বিভিন্ন অঞ্চলৰ সমল সংগ্ৰহ কৰি ৰখা হৈছে। কোআলা লামপুৰত সংগ্ৰহালয়ৰ সৈতে সংলগ্ন এটা ক্ৰাফ্ট কমপ্লেক্স আছে, ইয়াত বিভিন্ন বয়ন শিল্প, ধাতৱ শিল্প আৰু থলুৱা উৎপাদ প্ৰদৰ্শিত কৰা হয়। সামগ্ৰীসমূহ উৎপাদনৰ সকলো তথ্য, পক্ৰিয়া ডায়োৰামা আৰ্হিত ঐতিহাসিক বিৱৰণ তথা কৌশল আৰু পৰম্পৰাগত নিৰ্মান সৰঞ্জামৰ সৈতে পুতলাৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। এনে পক্ৰিয়াসমূহৰ ভিতৰত কাঠৰ আচবাব নিৰ্মান, ৰূপৰ শাল, কাপোৰৰ কলা আৰু নাও নিৰ্মান আদি উল্লেখযোগ্য।[13]
পেট্ৰ'নাছ ফিলহাৰমনিক হল হৈছে কোআলা লামপুৰত অৱস্থিত প্ৰদৰ্শন কলাৰ এক মঞ্চ। ইয়াৰ স্থায়ী অৰ্কেষ্ট্ৰা হৈছে মালয়েছিয়ান ফিলহাৰমনিক অৰ্কেষ্ট্ৰা। এই অৰ্কেষ্ট্ৰাত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীত শিল্পীয়ে নিয়মীয়া কনচাৰ্ট, চেম্বাৰ কনচাৰ্ট আৰু পকম্পৰাগত সংগীত পৰিৱেশন কৰে।[14]
কোআলা লামপুৰত নেচনেল আৰ্ট গেলাৰী অৱ মালয়েছিয়া, দ্য নেচনেল থিয়েটাৰ (ইষ্টানা বুদায়া) আৰু নেচনেল লাইব্ৰেৰী আছে।
কোআলা লামপুৰত প্ৰত্যেক বছৰে ইণ্টাৰনেচনেল গৌৰমেণ্ট ফেষ্টিৱেল অনুষ্ঠিত কৰা হয়।[15] কোআলা লামপুৰত অনুষ্ঠিত অন্য এটা বাৰ্ষিক অনুষ্ঠান হৈছে কোআলা লামপুৰ ফেশ্বন ৱিক,[16] ইয়াত বহু স্থানীয় আৰু অন্তঃৰাষ্ট্ৰীয় ডিজাইনাৰ ব্ৰেণ্ডে অংশগ্ৰহণ কৰে।
কোআলা লামপুৰ বৰ্তমান এই অঞ্চলৰ এক আধুনিক কলা-সংস্কৃতি, উন্মোচন আৰু সৃষ্টিশীল উদ্যোগ বিকাশৰ কেন্দ্ৰলৈ পৰিণত হৈছে। ইয়াত আন্তঃৰাষ্ট্ৰীয় সৃষ্টিশীল উদ্যোগ অনুষ্ঠান, ক্ৰিয়েটিভ.এছিয়া (Kreative.Asia) অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত পৰিৱেশন কলা, সংস্কৃতি, সমল আদিৰ সৃষ্টি, বিকাশ আৰু যোগানধৰোতা স্থানীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পাৰদৰ্শী লোক সমবেত হয়। সংগীত, কলা, সংস্কৃতি আৰু যোগাযোগৰ বিনিময়ত কোআলা লামপুৰ বিশেষভাবে আগবঢ়া।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.