![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/02/Khmer_couple_wearing_krama.jpg/640px-Khmer_couple_wearing_krama.jpg&w=640&q=50)
ক্ৰমা
বস্ত্ৰ / From Wikipedia, the free encyclopedia
ক্ৰমা (ইংৰাজী: Krama) কম্বোডিয়াৰ এবিধ অতি মজবুত পৰম্পৰাগত কাপোৰ, যাক বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়; যেনে, মুখখন ঢাকিবলৈ স্কাৰ্ফ, ৰুমাল বা চৌখিন সজ্জাৰ বাবে আৰু শিশুক ওমলাবলৈ ঝুলনা হিচাপে ব্যৱহাৰ কৰা হয়।[1] বোকাটৰ যুঁজাৰুসকলে ক্ৰমা কঁকাল, মূৰ আৰু হাতৰ মুঠিত মেৰিয়াই লৈ ইয়াক ফাঁচ(garrote) লগাবলৈ ব্যৱহাৰ কৰে৷[2] ক্ৰমা পুৰুষ, মহিলা আৰু শিশু সকলোৱে পিন্ধে আৰু ই সাধাৰণতে ফুলতোলা হয়, যদিও বেছিভাগ ক্ৰমাতে যিকোনো ধৰণৰ জিনঘাম অৰ্থাৎ সৰু সৰু বৰ্গাক্ষেত্ৰাকাৰ আৰ্হি থাকে, আৰু ই পৰম্পৰাগতভাৱে ৰঙা বা নীলা ৰঙৰ হয়। ই কম্বোডিয়াৰ জাতীয় প্ৰতীক।
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, পদাৰ্থ ...
![]() খেমৰ(khmer) লোকৰ এটি যুটীয়ে ক্ৰমা পৰিধান কৰি নাচৰ বাবে সাজু হৈছে | |
প্ৰকাৰ | স্কাৰ্ফ |
---|---|
পদাৰ্থ | কপাহী বা চিল্ক |
উৎপত্তিৰ স্থান | ![]() |
বন্ধ কৰক