গান্ধী সংস্থা (ইংৰাজী: Gandhi Foundation) হৈছে যুক্তৰাজ্যত থকা এটি স্বেচ্ছাসেৱী সংগঠন৷ তেওঁলোকে মহাত্মা গান্ধীৰ কৰ্ম আৰু চিন্তা-দৰ্শনক কেতবোৰ শৈক্ষিক কাৰ্যসূচী আৰু কাৰ্যাৱলীৰ জৰিয়তে প্ৰসাৰ কৰাৰ প্ৰয়াস কৰি আহিছে৷

লক্ষ্য আৰু কাৰ্যপ্ৰণালী

অভিযানৰ অংশ হিচাপে গান্ধী সংস্থাই যুদ্ধ আৰু আগ্ৰাসনৰ পৰিৱৰ্তে অহিংসাৰ প্ৰচাৰত অগ্ৰাধিকাৰ দিছে৷ আত্মনিৰ্ভৰশীলতা, সহযোগিতা আৰু বিশ্বাসযোগ্যতা সংস্থাপিত কৰাটো তেওঁলোকৰ আন এটা লক্ষ্য৷ সংস্থাৰ মূল কাৰ্যাৱলীসমূহৰ ভিতৰত এখন ত্ৰৈমাসিক সংবাদপত্ৰিকা আৰু তিনিটা বাৰ্ষিক অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰিব পাৰি৷ এইকেইটা অনুষ্ঠান হৈছে- এটা বহুবিশ্বাসভাজনতা সেৱা (a Multifaith Service), এখন গ্ৰীষ্মকালীন বিদ্যালয় আৰু এটা বাৰ্ষিক বক্তৃতা৷ ১৯৮৫ চনৰ পৰা আৰম্ভ হৈ থকা বাৰ্ষিক বক্তৃতাৰ অনুষ্ঠানত ২০১৯ চনত মহাত্মা গান্ধীৰ নাতি গোপালকৃষ্ণ গান্ধীয়ে "Atonement in politics. Perspectives from Gandhi" শীৰ্ষক বক্তৃতা প্ৰদান কৰে৷ [1]তেওঁলোকৰ সংবাদপত্ৰিকাখনক "The Gandhi Way" (গান্ধীৰ পথেদি) বুলি কোৱা হয়৷[2]

২০০৮ চনত গান্ধী সংস্থাই অহিংসাৰ এক মহোৎসৱ আয়োজন কৰাত উদ্যোগ লৈছিল৷ মহোৎসৱৰ অংশ হিচাপে ব্ৰিটিছ পুথিভঁৰালে "দ্য লাইফ অৱ গান্ধী" নামেৰে এখন ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ (travelling exhibition)ৰ শুভাৰম্ভ কৰিছিল৷[3] ছটা পেনেলে গান্ধীজীৰ ছটাকৈ দিশত দৃষ্টিপাত কৰিছিল: অহিংসা আৰু জৈনধৰ্মৰ প্ৰভাৱ, দক্ষিণ আফ্ৰিকাৰ গান্ধীৰ কৰ্ম, গান্ধীৰ দৰ্শন, অসহযোগ, ভাৰত ত্যাগ আৰু ভাৰতৰ স্বাধীনতা আন্দোলন৷

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.