![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b4/Gayatri1.jpg/640px-Gayatri1.jpg&w=640&q=50)
গায়ত্ৰী
From Wikipedia, the free encyclopedia
গায়ত্ৰী (সংস্কৃত: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত[1] “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়।[2][3] স্কন্দ পুৰাণৰ দৰে কিছুমান গ্ৰন্থৰ মতে, গায়ত্ৰী হৈছে সৰস্বতী বা তেওঁৰ ৰূপৰেই অন্য এক নাম আৰু ভগৱান ব্ৰহ্মাৰ সহধৰ্মিনী।[4] আনহাতে, শৈৱ শাস্ত্ৰসমূহৰ মতে পাঁচটা মূৰ আৰু দহখন হাতৰ সৈতে সৰ্বোচ্চ ৰূপ ধাৰণ কৰা মহাগায়ত্ৰী হৈছে শিৱৰ সহধৰ্মিনী।[5][6]
ক্ষিপ্ৰ তথ্য গায়ত্ৰী, দেৱনাগৰী ...
গায়ত্ৰী | |
---|---|
বৈদিক স্তুতি আৰু সংগীত (Melodies)ৰ দেৱী, গায়ত্ৰী মন্ত্ৰৰ ব্যক্তিকৃত ৰূপ | |
![]() ৰাজা ৰবি বৰ্মাৰ তুলিকাত দেৱী গায়ত্ৰী | |
দেৱনাগৰী | गायत्री |
সংস্কৃত লিপ্যন্তৰ | gāyatrī |
সম্পৰ্ক | দেৱী, সৰস্বতী, মহাদেৱী, পাৰ্ৱতী, আদিশক্তি |
নিবাস | সত্যলোক, মণিদ্বীপ, কৈলাস |
মন্ত্ৰ | গায়ত্ৰী মন্ত্ৰ |
প্ৰতীক | বেদ |
সঙ্গী | ব্ৰহ্মা (পুৰাণৰ মতে), পৰঃশিৱ ৰূপত শিৱ, মহাতপ বা ভাৰ্গ (শৈৱ পুৰাণৰ মতে) |
আসন/বাহন | হংস |
উৎসৱ | গায়ত্ৰী জয়ন্তী, সৰস্বতী পূজা |
বন্ধ কৰক
গায়ত্ৰী দেৱীৰ সাধনাৰ বাবে গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰা হয়। গায়ত্ৰী মন্ত্ৰটো তলত দিয়া ধৰণৰ:
- ॐ भूर्भुवः स्वः।
- (ঔম ভূৰ্ভুবঃ স্বঃ। )
- तत्सवितुर्वरेण्यम्।
- (তৎসৱিতুৰ্বৰেণ্যম। )
- भर्गो देवस्य धीमही।
- (ভৰ্গো দেৱস্য ধীমহী। )
- धियो योनः प्रचोदयात्।
- (ধিয়ো য়োনঃ প্ৰসোদয়াত্। )