প্ৰাচীন ভাৰতীয় সাম্ৰাজ্য From Wikipedia, the free encyclopedia
গুপ্ত সাম্ৰাজ্য (সংস্কৃত: गुप्तसाम्राज्य , Gupta Sāmrājya) হৈছে প্ৰাচীন ভাৰতত মহাৰাজ শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা এক সাম্ৰাজ্য। এই সাম্ৰাজ্য ভাৰত উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল হৈছে ৩২০-ৰ পৰা ৫৫০ চন।[1] গুপ্তসকলৰ শাসনকালত বিৰাজমান শান্তি তথা সমৃদ্ধিৰ বাবে বৈজ্ঞানিক আৰু কলাত্মক চিন্তা-চৰ্চাসমূহৰ উদ্গতি ঘটিছিল।[2] সেয়ে এই কালছোৱা ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা হয়।[3] এই সময়ছোৱাতে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আভিযান্ত্ৰিক, কলা, ভাষা, সাহিত্য, তৰ্কবিজ্ঞান, গণিত, জ্যোতিৰ্বিদ্যা, ধৰ্ম আৰু দৰ্শনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটিত উপনীত হৈছিল আৰু এই উপাদনবোৰেই সমূহীয়াকৈ হিন্দু সংস্কৃতিৰ ৰূপ লৈছিল।[4] প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্ত আছিল গুপ্ত ৰাজবংশৰ সবাতোকৈ উল্লেখনীয় শাসনকৰ্ত্তা।[5] খ্ৰীষ্টিয় ৪ৰ্থ শতিকাৰ সংস্কৃত কবি কালিদাসে গুপ্তসকলে ভাৰতবৰ্ষৰ ভিতৰে বাহিৰে ২১খন ৰাজ্য জয় কৰাৰ কথা বৰ্ণনা কৰিছে। ইয়াৰ ভিতৰত আছে পৰসিক, হুন, কম্বোজ, পূব আৰু পশ্চিম অক্সাচ নদী উপত্যকাৰ জনজাতি, কিন্নৰ, কিৰাট ইত্যাদি।[6]
গুপ্ত সাম্ৰাজ্য Gupta Empire | |||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Capital | পাটলিপুত্ৰ | ||||||||||||||||||||
Common languages | সংস্কৃত (সাহিত্য আৰু শৈক্ষিক); প্ৰাকৃত (কথিত) | ||||||||||||||||||||
Religion | হিন্দু বৌদ্ধ জৈন | ||||||||||||||||||||
Government | একনায়কত্ববাদ | ||||||||||||||||||||
মহাৰাজধিৰাজ | |||||||||||||||||||||
• ২৪০–২৮০ চন |
মহাৰাজ শ্ৰীগুপ্ত | ||||||||||||||||||||
• ৩১৯–৩৩৫ চন |
চন্দ্ৰগুপ্ত | ||||||||||||||||||||
• ৫৪০–৫৫০ চন |
বিষ্ণুগুপ্ত | ||||||||||||||||||||
Historical era | প্ৰাচীন ভাৰত | ||||||||||||||||||||
• Established |
৩২০ চন | ||||||||||||||||||||
• Disestablished |
৫৫০ চন | ||||||||||||||||||||
Area | |||||||||||||||||||||
35,00,000 বৰ্গ কি.মি. (14,00,000 বৰ্গ মাইল) | |||||||||||||||||||||
| |||||||||||||||||||||
Today part of | ভাৰত পাকিস্তান বাংলাদেশ নেপাল |
নান্দনিক স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰসমূহ গুপ্ত যুগৰ সৃষ্টিশীলতাৰ চৰম নিদৰ্শন বুলিব পাৰি।[7] গুপ্ত যুগতে মহাকবি কালিদাস, আৰ্যভট্ট, বৰাহমিহিৰ, বিষ্ণু শৰ্মা আৰু বাৎসায়ন আদি বিভিন্ন ক্ষেত্ৰৰ পণ্ডিত মণিষীৰ জন্ম হৈছিল।[8][9] এই কালছোৱাত বিজ্ঞান আৰু ৰাজনৈতিক প্ৰশাসনে নতুন শিখৰ লাভ কৰিছিল।[10] শক্তিশালী বাণিজ্যিক সম্পৰ্কই অঞ্চলটোক এক সাংস্কৃতিক কেন্দ্ৰৰ ৰূপ দিছিল আৰু কাষৰীয়া বাৰ্মা, শ্ৰীলংকা আৰু দক্ষিণ-পূব এচিয়াক প্ৰভাৱিত কৰিব পৰাকৈ গঢ়ি তুলিছিল।[11] প্ৰাচীনতম ভাৰতীয় কাব্য যেনে পুৰাণসমূহ এই কালছোৱাতে লিখা বুলি অনুমান কৰা হয়।
গুপ্ত সাম্ৰাজ্যৰ পতনৰ কাৰণ হিচাপে উচ্চবৰ্গৰ লোকসকলৰ হাতত ক্ৰমাৎ হেৰুৱাই পেলোৱা ৰাজ্যৰ অংশ আৰু ক্ষমতা, মদ্য এচিয়াৰ হুনসকলৰ আগমণ আদি কাৰকক চিনাক্ত কৰা হয়।[12] ৬ষ্ঠ শতিকাত গুপ্ত সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতবৰ্ষ পুনৰ সৰু সৰু ৰাজ্যত বিভক্ত হৈ পৰে আৰু গুপ্ত বংশৰ এটা ঠালে মগধত শাসন কৰিবলৈ লয়। ইয়াৰ পিছতে ৭ম শতিকাৰ প্ৰথমভাগত বৰ্ধন বংশৰ হৰ্ষবৰ্ধনে হৰ্ষ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে।
বহু ইতিহাসবিদৰ মতে গুপ্ত ৰাজবংশটো এক বৈশ্য ৰাজবংশ আছিল।[13][14] ইতিহাসবিদ ৰাম চৰন শৰ্মাৰ মতে দমনকাৰী শাসনকৰ্ত্তাসকলৰ বিৰোধকাৰী এক প্ৰতিক্ৰিয়া হিচাপে গুপ্তসকলৰ অভ্যুত্থান ঘটে।[15] ইতিহাসবিদ তথা পুৰাতত্ত্ববিদ অনন্ত সদাশিৱ আলটেকাৰে প্ৰাচীন ভাৰতীয় আইনী লিপিৰ পৰা ঠাৱৰ কৰিছে যে গুপ্তসকল বৈশ্য বৰ্ণৰ। কিয়নো এই লেখনিসমূহত উল্লেখ থকা মতে গুপ্ত উপাধিযুক্ত লোকসকল বৈশ্য বৰ্ণৰ অন্তৰ্গত।[16] ইতিহাসবিদ মাইকেল চি. ব্ৰেনিংটনৰ মতে গুপ্ত সাম্ৰাজ্যৰ উত্থান আছিল প্ৰাচীন ভাৰতীয় বৰ্ণ ব্যৱস্থাৰ এক লেখত ল’বলগীয়া ব্যতিক্ৰম।[14] গুপ্তসকলৰ মূল সম্পৰ্কে মতভেদ দেখা যায়। কিছুসংখ্যক ইতিহাসবিদৰ মতে গুপ্তসকল বৰ্তমানৰ বাংলাদেশৰ ভৰেন্দ্ৰীৰ পৰা আহিছিল। একাংশৰ মতে মুৰ্চিদাবাদ তেওঁলোকৰ মূল বাসস্থান। [17]
মহাৰাজ শ্ৰীগুপ্তৰ ৰাজত্বকাল সম্ভৱতঃ ২৪০ চনৰ পৰা ২৮০ চনলৈকে আছিল।[18] তেওঁৰ পুত্ৰ ঘটোৎকচৰ আনুমানিক ৰাজত্বকাল ২৮০-৩১৯ চন। তেওঁৰ পুত্ৰ তথা পৰৱৰ্ত্তী ৰজা প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজধিৰাজ উপাধি গ্ৰহণ কৰাৰ বিপৰীতে শ্ৰীগুপ্ত আৰু ঘটোৎকচে মহাৰাজ উপাধি লৈছিল।[19] ৫ম শতিকাৰ আৰম্ভণিতে গুপ্তসকলে মগধত (বৰ্তমানৰ বিহাৰৰ আশে-পাশে) কিছুসংখ্যক হিন্দু ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল।[20]
প্ৰথম চন্দ্ৰগুপ্ত (ৰাজত্বকাল ৩২০-৩৩৫ চন) গুপ্তৰাজ ঘটোৎকচৰ (ৰাজত্বকাল ২৮০-৩১৯ চন) পুত্ৰ। মগধৰ সৈতে হোৱা এক সন্ধি অনুসাৰে লিচ্চভি ৰাজকন্যা কুমাৰাদেৱীৰ সৈতে প্ৰথম চন্দ্ৰগুপ্তৰ বিবাহ হয়। নেপালৰ লিচ্চভি গোষ্ঠীৰ মিত্ৰতাৰে চন্দ্ৰগুপ্তই মগধ, প্ৰয়াগ আৰু সকেটৰ প্ৰায়ভাগ অঞ্চল জয় কৰে। ৩২১ চনলৈ তেওঁ গংগা নদীৰ পৰা প্ৰয়াগলৈকে (বৰ্তমানৰ এলাহাবাদ) ৰাজ্য বিস্তাৰ কৰে। প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজধিৰাজ উপাধি গ্ৰহণ কৰিছিল।
পিতৃৰ পিছত ৩৩৫ চনত সমুদ্ৰগুপ্ত পৰাক্ৰমাংক ৰাজপাটত বহে আৰু ৩৮০ চনলৈকে প্ৰায় ৪৫ বছৰ জুৰি ৰাজত্ব কৰে। ৰাজত্বৰ আৰম্ভণিতে তেওঁ অহিচত্ৰ আৰু পদ্মাৱতী জয় কৰে। পৰৱৰ্ত্তী কালত তেওঁ মালৱা, যৌধেয়, অৰ্জুনায়ন, মডুৰা (মথুৰা) আৰু অভিৰ ৰাজ্য জয় কৰে। ৩৮০ চনলৈকে সমুদ্ৰগুপ্তই একুৰিতকৈয়ো অধিক ৰাজ্য নিজ সাম্ৰাজ্যৰ ভিতৰুৱা কৰে। তেওঁৰ সাম্ৰাজ্য হিমালয়ৰ পৰা নৰ্মদা নদীলৈকে আৰু ব্ৰহ্মপুত্ৰৰ পৰা যমুনা নদীলৈকে বিস্তৃত আছিল। ইতিহাসবিদ ভিনচেণ্ট আৰ্থাৰ স্মিথে তেওঁক ভাৰতৰ নেপোলিয়ন আখ্যা দিছে।[21] সমুদ্ৰগুপ্তই অশ্বমেধ যজ্ঞও সম্পাদন কৰিছিল।
সমুদ্ৰগুপ্তই কলা আৰু সাহিত্যৰো পৃষ্ঠপোষকতা কৰিছিল। তেওঁ বৰ্তমানৰ কাশ্মীৰ আৰু আফগানিস্তানলৈকে ৰাজ্য বিস্তাৰ কৰিছিল।[22] তেওঁ নিজে এজন কবি তথা সংগীতজ্ঞ আছিল। তেওঁ বিষ্ণুক উপাসনা কৰিছিল। তেওঁ আন ধৰ্মৰ প্ৰতি উদাৰ মনোভাৱাপন্ন আছিল আৰু শ্ৰীলংকাৰ বৌদ্ধ ৰজা শ্ৰীমেঘৱন্নক বোধ গয়াত এক বৌদ্ধস্তূপ সাজিবলৈ অনুমতি দিছিল। [23]
সমুদ্ৰগুপ্তই ৰাণী দত্তদেৱীৰ পুত্ৰ দ্বিতীয় চন্দ্ৰগুপ্তক নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰে। দ্বিতীয় চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যই ৩৭৫ চনৰ পৰা ৪১৫ চনলৈকে ৰাজত্ব কৰে। তেওঁ কুন্তলৰ কদম্ব ৰাজকন্যা আৰু নাগ বংশৰ এক ৰাজকন্যক্ বিয়া কৰায়। তেওঁ নিজ পুত্ৰ প্ৰথম কুমাৰগুপ্ত আৰু কন্যা প্ৰভাৱতীৰ যোগেদি ডেক্কান প্ৰদেশৰ ভকটক ৰজা আৰু কৰ্নাটকৰ কদম্ব ৰাজপৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰে।[24] দ্বিতীয় চন্দ্ৰগুপ্তই মালৱাৰ শাকসকলৰ ৰাজ্য, বঙ্গ (তৃতীয় ৰূদ্ৰসিংহ) আৰু সৌৰাষ্ট্ৰ জয় কৰি ৰাজ্যৰ সীমা বিস্তাৰ কৰে। সেই সময়ৰ ৰচনাসমূহত বিক্ৰমাদিত্যই একৈশখন ৰাজ্য জয় কৰাৰ উল্লেখ পোৱা যায়।[6][25][26][27] তেওঁ উজ্জয়িনীত ৰাজধানী পাতিছিল।
গুপ্ত শাসনকালছোৱা, বিশেষকৈ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকাল স্বকীয় শৈলীৰ হিন্দু কলা, সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানৰ বাবে জনা যায়। উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশৰ দেওগড়ত থকা দশাৱতাৰ মন্দিৰৰ কথা ক’ব পাৰি। এই সময়ছোৱাত ভাৰতত বৌদ্ধ আৰু জৈন সংস্কৃতিয়েও যথেষ্ট বিকাশ লাভ কৰিছিল। বিক্ৰমাদিত্যৰ ৰাজসভাত কালিদাসকে আদি কৰি নৱৰত্নই শোভা পাইছিল। চীনদেশৰ পৰিব্ৰাজক ফা-হিয়েনৰ টোকাবহীত এই বিষয়ে যথেষ্ট সমল পোৱা গৈছে।
স্কন্দগুপ্তৰ পিছত যথাক্ৰমে পুৰুগুপ্ত, দ্বিতীয় কুমাৰগুপ্ত, বুদ্ধগুপ্ত, নৰসিংহগুপ্ত, তৃতীয় কুমাৰগুপ্ত, বিষ্ণুগুপ্ত, ভান্যগুপ্ত আৰু ভানুগুপ্ত ৰজা হয়। ৪৮০ চনত মধ্য এচিয়াৰ পৰা হেফথেলিট বা শ্বেত হুনসকলৰ আগমণ ঘটে আৰু উত্তৰ-পশ্চিম প্ৰান্তৰে এওঁলোকে গুপ্ত ৰাজ্যত প্ৰৱেশ কৰে। ৫০০ চনমানলৈ গুপ্ত সাম্ৰাজ্য ভগ্নপ্ৰায় হয়।[28][29]
গুপ্ত যুগৰ বিদ্বান লোকসকলৰ ভিতৰত বৰাহমিহিৰ আৰু আৰ্যভট্টৰ নাম বিশেষভাৱে উল্লেখযোগ্য। আৰ্যভট্টৰ দ্বাৰা শূন্যৰ আৱিষ্কাৰ প্ৰাচীন ভাৰতীয় গাণিতিক চিন্তা-চৰ্চাৰ এক অন্যতম মাইলৰ খুঁটি। বিক্ৰমাদিত্যৰ ৰাজসভাৰ মহাকবি কালিদাসে অভিজ্ঞানম শকুন্তলম, ৰঘূবংশ আদি নাট ৰচনা কৰিছিল। সংস্কৃত সাহিত্যই এই সময়ছোৱাতে উন্নতিৰ চৰম শিখৰত অৱস্থান কৰিছিল বুলি কোৱা হয়। আয়ুৰ্বেদিক ঔষধৰ বিশদ বিৱৰণ তথা অস্ত্ৰোপচাৰৰ অধ্যায় সম্বলিত সুশ্ৰুত সংহিতাৰ ৰচনাকালো গুপ্ত যুগতেই বুলি ঠাৱৰ কৰা হৈছে।
দবাখেলৰ জন্মও এই সময়ছোৱাতে হৈছিল বুলি কোৱা হয়[30] য’ত দবাখেলৰ ৬ষ্ঠ শতিকাৰ প্ৰাথমিক সংস্কৰণক চতুৰংগ (অৰ্থাৎ সৈন্যবাহিনীৰ চাৰিটা ভাগ: পদাতিক, অশ্বাৰোহী, হস্তী আৰু ৰথ) বুলি কোৱা হৈছিল। চিকিৎসকসকলে চিকিৎসাৰ বিভিন্ন সা-সঁজুলি আৱিষ্কাৰ কৰাৰ লগতে আনকি অস্ত্ৰোপচাৰো সম্পন্ন কৰিছিল। গুপ্ত শাসনকালতে বাৎসায়নে সংস্কৃত ভাষাত কামসূত্ৰ ৰচনা কৰিছিল। গণিতজ্ঞ আৰ্যভট্টই কৈছিল যে পৃথিৱী ঘূৰণীয়া আৰু ই সূৰ্যৰ চৌপাশে প্ৰদক্ষিণ কৰে। তেওঁ সেই সময়ত প্ৰচলিত ৰাহু আৰু কেতুৰ ধাৰণা নুই কৰি ইয়াকো কৈছিল যে চন্দ্ৰকে ধৰি আন গ্ৰহসমূহে সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰিহে আলোকিত হয় আৰু সূৰ্যৰ পোহৰ বাধাগ্ৰস্ত হ’লেই চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ সংঘটিত হয়।[31]
গুপ্ত যুগক উত্তৰ ভাৰতীয় শিল্পকলাৰ চূড়ান্ত শিখৰ বুলি গণ্য কৰা হয়। চিত্ৰবিলাকৰ বিষয়সমূহ বিভিন্নধৰণৰ আছিল। স্থাপত্য আৰু শৈল ভাস্কৰ্যসমূহত হিন্দু দেৱ-দেৱী, বুদ্ধমূৰ্ত্তি আৰু জৈন তীৰ্থংকৰৰ প্ৰতিকৃতি দেখা যায়। মথুৰা আৰু গান্ধাৰত এনে ভাস্কৰ্য বহুল পৰিমাণে দেখা পোৱা যায়। পূৰ্বতে ৰাজত্ব কৰা কুশনসকলৰ দৰে দক্ষিণ সত্ৰপ বা ইয়াৰদ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ বাদে গুপ্ত মোহৰসমূহত কোনো ৰজাৰ প্ৰতিকৃতি চিহ্নিত নাছিল।[32]
গুপ্তশৈলীৰ প্ৰখ্যাত কীৰ্ত্তিচিহ্নসমূহৰ ভিতৰত অজন্তা গুহা, এলিফেণ্টা গুহা আৰু ইলোৰা গুহা (যথাক্ৰমে বৌদ্ধ, হিন্দু আৰু মিশ্ৰিত [জৈনকে ধৰি]) পৰৱৰ্ত্তী সময়ত নিৰ্মাণ কৰা হৈছিল যদিও ইয়াত গুপ্তশৈলীৰ প্ৰভাৱ আৰু প্ৰাধান্য বিদ্যমান।[33] উদয়গিৰিৰ হিন্দু গুহাসমূহে গুপ্ত সাম্ৰাজ্য আৰু বিষয়াবৰ্গৰ সৈতে ইয়াৰ সম্পৰ্ক চিহ্নিত কৰে। [34] দেওৰাগড়ৰ বিষ্ণু মন্দিৰো ইয়াৰ অন্যতম উদাহৰণ।[35]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.