From Wikipedia, the free encyclopedia
টেগ বাহাদুৰ (১ এপ্ৰিল ১৬২১ - ২৪ নৱেম্বৰ ১৬৭৫)[4][5] আছিল দহজন শিখ ধৰ্মগুৰুৰ নৱম জন। ১৬২১ চনত অমৃতসৰত তেওঁৰ জন্ম হয়। তেওঁ গুৰু হৰ গোবিন্দ চাহিবৰ একেবাৰে সৰুজন সন্তান আছিল। জীৱিত অৱস্থাত ১৬৬৫ ৰ পৰা ১৬৭৫ চনলৈ তেওঁক গুৰু বুলি সম্বোধন কৰা হয়। গুৰু গ্ৰন্থ চাহিবত তেওঁৰ এশ পোন্ধৰটা শ্লোক সন্নিবিষ্ট আছে।
গুৰু টেগ বাহাদুৰ | |
---|---|
১৮শ শতিকাৰ এখন চিত্ৰত গুৰু টেগ বাহাদুৰ | |
ব্যক্তিগত | |
জন্ম | (বাবা) ত্যাগ মল ১ এপ্ৰিল ১৬২১ |
মৃত্যু | ২৪ নৱেম্বৰ ১৬৭৫ |
মৃত্যুৰ কাৰণ | মুণ্ড ছেদন |
ধৰ্ম | শিখ ধৰ্ম |
দাম্পত্যসংগী | মাতা গুজৰী |
সন্তান | গোবিন্দ সিং |
পিতৃ-মাতৃ | গুৰু হৰগোবিন্দ আৰু মাতা নানকী |
জনা যায় |
|
ধৰ্মীয় জীৱনকাল | |
কাৰ্যালয়ত সময় | ১৬৬৫ – ১৬৭৫ |
পূৰ্বসূৰী | গুৰু হৰ কৃষাণ |
উত্তৰসূৰী | গুৰু গোবিন্দ সিং |
ঔৰংগজেৱৰ আদেশত গুৰু টেগ বাহাদুৰক গৰিহনা দিয়াৰ বহু তথ্য আছে। শিখ ঐতিহ্যত কোৱা হৈছে যে গুৰুৱে কাশ্মীৰী পাণ্ডীতসকলৰ অধিকাৰৰ বাবে থিয় হৈছিল, তেওঁ সম্ৰাটৰ সৈতে তেওঁলোকৰ পক্ষত পৰামৰ্শ ল'বলৈ তেওঁৰ ওচৰলৈ আহে আৰু তেওঁক অলপতে আৰোপ কৰা জিজিয়া শুল্ক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই।[6] ইয়াৰ পিছতেই ৰজাৰ আদেশ নমনা আৰু ৰজাক প্ৰত্যাহ্বান জনোৱাৰ অপৰাধত ১৬৭৫ চনত দিল্লীত তেওঁক ৰাজহুৱা ভাৱে মৃত্যুদণ্ড দিয়া হয়।[7][8]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.