গেইয়া
From Wikipedia, the free encyclopedia
গ্ৰীক কিংবদন্তি অনুসাৰে, গেইয়া (ইংৰাজী: Gaia);[1] (ভূমি বা পৃথিৱীৰ কাব্যিক নাম)[2] হৈছে পৃথিৱীৰ মূৰ্ত্তমান ৰূপ[3] আৰু গ্ৰীকসকলৰ আদি দেৱ-দেৱীসকলৰ অন্যতম। গেইয়া সকলো জীৱৰে মাতৃ। তেওঁ ইউৰেনাচ অৰ্থাৎ আকাশৰো মাতৃ আৰু তেওঁৰ সৈতে মিলনৰ ফলস্বৰূপে গেইয়াই বহুকেইজন অলিম্পিয়ান দেৱ-দেৱীৰ পিতৃ-মাতৃ টাইটানসকলৰ লগতে চাইক্ল'পচসকল, দানৱসমূহ আৰু প'নটাচ অৰ্থাৎ সমুদ্ৰৰ জন্ম দিয়ে। সমুদ্ৰৰ সৈতে গেইয়াৰ মিলনৰ ফলত আদি সমুদ্ৰ দেৱতাসকলৰ জন্ম হয়। গেইয়াৰ সমকক্ষ ৰোমানসকলৰ দেৱী হৈছে টেৰা।[4]
ক্ষিপ্ৰ তথ্য গেইয়া, নিবাস ...
গেইয়া | |
---|---|
ভূদেৱী | |
এনচেম ফিউয়াৰবেকৰ গেইয়া (১৮৭৫) শীৰ্ষক ছবি | |
নিবাস | পৃথিৱী |
সঙ্গী | ইউৰেনাচ (আকাশ), প'ণ্টাছ (সমুদ্ৰ), ইথাৰ আৰু টাৰটাৰাচ |
পিতৃ-মাতৃ | পিতৃ-মাতৃহীন, বা কেঅ'চ (মহাশূন্য), বা ইথাৰ আৰু হেমেৰা |
সহোদৰ | সহোদৰহীন, বা নাইক্স, ইৰেবাচ, টাৰটাৰাচ, ইৰ'চ, বা ইউৰেনাচ, থালাচা |
সন্তান | ইউৰেনাচ, প'নটাচ, টাইটানসকল, চাইক্ল'পচসকল আদি |
ৰোমান সমাৰ্থক | টেৰা |
হিন্দু সমাৰ্থক | ভূদেৱী |
বন্ধ কৰক