গ্ৰেভিটী
From Wikipedia, the free encyclopedia
গ্ৰেভিটী (ইংৰাজী: Gravity) ২০১৩ চনত মুক্তিপ্ৰাপ্ত কল্প-বিজ্ঞান কাহিনীৰ ওপৰত আধাৰিত[3][4] আৰু মহাকাশত সংঘটিত কাহিনীৰে নিৰ্মিত এখন ত্ৰিমাত্ৰিক (3D) শিহৰণকাৰী চলচ্চিত্ৰ।[5][6] ছবিখনৰ পৰিচালনা, সহ-প্ৰযোজনা আৰু সহ-সম্পাদনা Alfonso Cuarón-ৰ। মূল চৰিত্ৰত অভিনয় কৰিছে ছান্দ্ৰা বুলক(ইংৰাজী:Sandra Bullock) আৰু জৰ্জ ক্ল'নী(ইংৰাজী:George Clooney)য়ে। কক্ষপথত পৰিভ্ৰমণৰত অৱস্থাতে ধ্বংসপ্ৰাপ্ত হোৱা এখন মহাকাশযানৰ দুগৰাকী মহাকাশচাৰীৰ চৰিত্ৰতো দুয়ো অভিনয় কৰিছে। মহাকাশযানখনৰ ধ্বংসৰ পিছত দুয়ো পৃথিৱীলৈ ঘূৰি আহিবলৈ কৰা প্ৰচেষ্টাৰে ছবিখনৰ কাহিনীভাগ বৰ্ণিত হৈছে।
গ্ৰেভিটি | |
---|---|
ছবিখনৰ পোষ্টাৰ | |
পৰিচালক | আলফ'নছ' কুৱেৰন |
ৰচনা | আলফ'নছ' কুৱেৰন জ'নাচ কুৱেৰন |
প্ৰযোজক | আলফ'নছ' কুৱেৰন ডেভিদ হেইমেন |
অভিনয়ত | ছান্দ্ৰা বুলক জৰ্জ ক্লুনী |
চিত্ৰগ্ৰহণকাৰী | ইমানুৱেল লুবেজকি |
সম্পাদনা | আলফ'নছ' কুৱেৰন মাৰ্ক চেংগাৰ |
সংগীত পৰিচালক | ষ্টিভেন প্ৰাইচ |
প্ৰযোজনা কোম্পানীসমূহ |
Esperanto Filmoj Heyday Films |
পৰিবেশক | Warner Bros. Pictures |
মুক্তি |
আগষ্ট ২৮, ২০১৩ (2013-08-28) (Venice) অক্টোবৰ ৪, ২০১৩ (2013-10-04) (US) নৱেম্বৰ ৮, ২০১৩ (2013-11-08) (UK) |
দৈৰ্ঘ্য |
৯০ মিনিট[1] |
দেশসমূহ | আমেৰিকা যুক্তৰাষ্ট্ৰ[2] United Kingdom[2] |
ভাষা | ইংৰাজী |
বাজেট | ১০০ মিলিয়ন ডলাৰ[3] |
সৰ্বমুঠ আয় | $642,271,195[3] |
Cuarón আৰু তেওঁৰ পুত্ৰ Jonás Cuarón-ই ছবিখনৰ কাহিনীভাগ ৰচনা কৰাৰ পিছত ইউনিভাৰ্চেল ষ্টুডিঅ'(ইংৰাজী:Universal Studios)ত প্ৰস্তুত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। প্ৰকল্পটোৰ স্বত্ব ৱাৰ্ণাৰ ব্ৰাডাৰ্ছ(ইংৰাজী:Warner Bros.)বিক্ৰী কৰাৰ পিছতহে এই প্ৰকল্পটোৱে গতি লয়। ষ্টুডিঅ'টোৱে বহুকেইগৰাকী অভিনেত্ৰীক ছবিখনৰ মূল চৰিত্ৰত অভিনয়ৰ বাবে অনুৰোধ জনাই ওচৰ চপাৰপি ছত শেষত ছান্দ্ৰা বুলকক সেই চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰে। মূল পুৰুষ চৰিত্ৰৰবাবে প্ৰথমে ৰ'বাৰ্ট ডাউনী জুনিয়ৰ (ইংৰাজী:Robert Downey Jr.) জড়িত হৈছিল যদিও তেওঁ প্ৰকল্পটোৰ পৰা আতঁৰি যায় আৰু জ'ৰ্জ ক্ল'নীৰ দ্বাৰা সেই চৰিত্ৰ ৰূপায়িত হয়।
২০১৩ চনৰ ৭০ তম ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ্ৰেভিটী ছবিখন প্ৰথম প্ৰদৰ্শিত হৈছিল। [7] ইয়াৰ তিনিদিন পিছত টেলুৰাইছ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ উত্তৰ আমেৰিকা প্ৰিমিয়াৰ সম্পন্ন হৈছিল। ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত ছবিখন মুক্তি দিয়া হয়। সমগ্ৰ বিশ্বজুৰি ছবিখনে দৰ্শক আৰু সমালোচকৰ বিপুল জনপ্ৰিয়তা আৰু প্ৰশংসা লাভ কৰে।[8] সমালোচক-দৰ্শক উভয়েই ইমানুৱেল লুবেজকি(Emmanuel Lubezki)ৰ চিনেমেট'গ্ৰাফী(cinematography), ষ্টিভেন প্ৰাইচ(Steven Price)ৰ সংগীত, কুৱেৰনৰ পৰিচালনা আৰু বুলকৰ অভিনয়ৰ উচ্চ প্ৰশংসা কৰে।