From Wikipedia, the free encyclopedia
চন্দ্ৰমুখী বসু (১৮৬০-১৯৪৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা মহিলা। ১৮৬০ চনত ইউনাইটেড প্ৰভিনছ অফ আগ্ৰা এণ্ড অৱধৰ এক বঙালী-খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰমুখী বসু ১৮৮২ চনত কাদম্বিনী গাংগুলীৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হয়। তেওঁলোকৰ ডিগ্ৰী ১৮৮৩ চনৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰদান কৰা হৈছিল। তাৰপিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰায়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বেথুন কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। তেওঁ ব্ৰিটিছ সম্ৰাজ্যেৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰথম গৰাকী মহিলা আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰথম মহিলা অধ্যক্ষ।
চন্দ্ৰমুখী বসু | |
---|---|
জন্ম | ১৮৬০ ডেহৰাডুন, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৯৪৪ ডেহৰাডুন, ব্ৰিটিছ ভাৰত |
শিক্ষানুষ্ঠান | ডাফ কলেজ কলিকতা বিশ্ববিদ্যালয় |
পেচা | শিক্ষাবিদ |
দাম্পত্যসঙ্গী | পণ্ডিত কেশৰানন্দ মামগেইন |
১৮৬০ চনত ব্ৰিটিছ ভাৰতৰ ইউনাইটেড প্ৰভিনছ অফ আগ্ৰা এণ্ড অৱধৰ এক বঙালী-খ্ৰীষ্টান পৰিয়ালত চন্দ্ৰমুখী বসুয়ে জন্মগ্ৰহণ। তেওঁৰ পিতৃ আছিল ভুৱন মোহন বসু। ১৮৮০ চনত তেওঁ ডেহৰাডুনৰ এক স্থানীয় খ্ৰীষ্টান বিদ্যালয়ৰ পৰা ফাৰ্ষ্ট আৰ্টছ পৰীক্ষা উত্তীৰ্ণ হয়।[1] সেই সময়ত একমাত্ৰ মহিলাৰ বাবে উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আছিল কলিকতাৰ বেথুন কলেজ। তেওঁ তাত নামভৰ্তি কৰিবলৈ বিচাৰিছিল যদিও বেথুন কলেজত অহিন্দু সম্প্ৰদায়ৰ ছোৱালীৰ নামভৰ্তি নিষেধ আছিল। সেয়ে তেওঁ ডাফ কলেজত নামভৰ্তি কৰে।[2] ১৮৭৬ চনত বিষয়া সকলৰ লিংগ বৈষম্যৰ বাবে তেওঁক এফ.এ. পৰীক্ষা দিবলৈ বিশেষ অনুমতি লবলগীয়া হৈছিল। সেই বছৰত অকল তেওঁ এই পৰীক্ষাত বহা একমাত্ৰ মহিলা আছিল আৰু তেওঁ এই পৰীক্ষাত প্ৰথম স্থান লাভ কৰে। কিন্তু বিশ্ববিদ্যালয়ে তেওঁৰ ফলাফল প্ৰকাশ কৰিবলৈ কেইবাটাও সভাত বহিবলগীয়া হৈছিল। কাদম্বিনী গাংগুলীৰ আগতেই ১৮৭৬ চনত এণ্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ হৈছিল যদিও বিশ্ববিদ্যালয়ে তেওঁক সফল পৰীক্ষাৰ্থী হিচাপে স্বীকৃতি দিবলৈ অমান্তি হৈছিল। ১৮৭৮ চনত বিশ্ববিদ্যালয়ে নিজৰ নীতিৰ সংশোধন কৰে আৰু তেওঁক উচ্চশিক্ষাৰ অনুমতি প্ৰদান কৰে।[3][4] এফ. এ. পাছ কৰাৰ পিছত তেওঁ আৰু কাদম্বিনী গাংগুলী, দুয়ো বেথুন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে।[1] স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৮৮৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ব্ৰিটিছ সম্ৰাজ্য আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ লাভ কৰা প্ৰথম মহিলা।[1]
চন্দ্ৰমুখী বসুয়ে ১৮৮৬ চনত বেথুন কলেজত প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। সেই সময়ত ই বেথুন স্কুল অংশ আছিল। ১৮৮৮ চনত বেথুন কলেজ আৰু স্কুলৰ পৃথকীকৰণ হয়।[1] তাৰ পিছত তেওঁ বেথুন কলেজৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। ইয়াৰ লগতে তেওঁ দক্ষিণ এছিয়াৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ প্ৰথম মহিলা অধ্যক্ষ হৈ পৰিল।
১৮৯১ চনত তেওঁ স্বাস্থ্যজনিত কাৰণত বেথুন কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰপিছত তেওঁ ডেহৰাডুনত থাকিবলৈ লয়।[1]
তেওঁৰ দুগৰাকী ভগ্নী বিধুমুখী আৰু বিন্দুবাসিনী দুয়োগৰাকী বিখ্যাত। বিধুমুখী বসু আৰু ভিৰ্জিনিয়া মেৰী মিত্ৰ ১৮৯০ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে দ্বিতীয় ভগ্নী বিন্দুবাসিনীয়ে ১৮৯০ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[5] তেওঁ পণ্ডিত কেশৰানন্দ মামগেইনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। ১৯৪৪ চনত তেওঁৰ ডেহৰাডুনত মৃত্যু হৈছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.