চীনা সৃষ্টিৰ পৌৰাণিক আখ্যান
From Wikipedia, the free encyclopedia
চীনা সৃষ্টিৰ পৌৰাণিক আখ্যান চীনা সকলৰ পৰম্পৰাগত মহাবিশ্ব, পৃথিৱী আৰু জীৱনৰ উৎপত্তিৰ বিষয়ে প্ৰতীকী আখ্যান। এই আখ্যান সংস্কৃতিভেদে বেলেগ বেলেগ। এই পৌৰাণিক আখ্যানৰ বাবে "সৃষ্টিৰ আখ্যান"তকৈ "ব্ৰহ্মাণ্ডিক আখ্যান" বা "উৎপত্তিৰ আখ্যান" শব্দটো অধিক প্ৰযোজ্য, কিয়নো অতি কম সংখ্যক কাহিনীতে সৃষ্টিকৰ্তা দেৱতা বা ঐশ্বৰিক ইচ্ছা জড়িত হৈ থাকে। চীনা সৃষ্টিৰ আখ্যানসমূহ একশ্বৰবাদী পৰম্পৰা যেনে ইহুদী-খ্ৰীষ্টান আদিপুস্তকৰ সৃষ্টিৰ আখ্যানৰ পৰা মৌলিকভাৱে পৃথক। চীনা সাহিত্যসমূহে বহু সংখ্যক আৰু পৰস্পৰ বিৰোধী উৎপত্তিৰ আখ্যান লিপিবদ্ধ কৰিছে। পৰম্পৰাগতভাৱে চীনৰ নৱবৰ্ষত পৃথিৱীখন সৃষ্টি হৈছিল আৰু ইয়াৰ ১৫ দিনত জীৱ-জন্তু, মানুহ আৰু বহুতো দেৱতাৰ সৃষ্টি হৈছিল বুলি বিশ্বাস কৰা হয়।
চীনা মহাবিশ্বৰ তুলনামূলক পৌৰাণিক কাহিনীত কিছুমান চিনাকি বিষয়বস্তু আছে। উদাহৰণস্বৰূপে, বিশৃংখলতাৰ পৰা সৃষ্টি (চীনা হুণ্ডুন আৰু হাৱাইৰ কুমুলিপো), আদিম প্ৰাণীৰ অংগচ্ছেদ কৰা মৃতদেহ (পাংগু, ভাৰত-ইউৰোপীয় ইমো আৰু মেছ'পটেমিয়ান টিয়ামাট), বিশ্বৰ পিতৃ-মাতৃ ভাই-ভনী (ফুছি আৰু নুয়া আৰু জাপানী ইজানাগি আৰু ইজানামি), দ্বৈতবাদী ব্ৰহ্মাণ্ডবিজ্ঞান ( ইয়াং আৰু জৰদস্তৰৰ জিন আৰু আহুৰা মাজদা আৰু আংৰা মাইয়ু)। ইয়াৰ বিপৰীতে কিছু পৌৰাণিক বিষয়বস্তুসমূহ কেৱল চীনা পৌৰাণিক আখ্যানতহে পোৱা যায়। মেছ'পটেমিয়া, ইজিপ্ত আৰু গ্ৰীচৰ মিথসমূহে আদিম পানীৰ "আৰম্ভণি"ক একক মৌল হিচাপে বিশ্বাস কৰিছিল যদিও চীনা ব্ৰহ্মাণ্ডবিজ্ঞানত ক্যি আছিল মূল উপাদান ("শ্বাস; বায়ু; জীৱন শক্তি")। গৱেষক এন বিৰেলে ব্যাখ্যা কৰিছে যে ক্যি পদাৰ্থ, সময় আৰু স্থান নিয়ন্ত্ৰণ কৰা মহাজাগতিক শক্তি বুলি বিশ্বাস কৰা হৈছিল। চীনা পৌৰাণিক কাহিনী অনুসৰি এই শক্তি সৃষ্টিৰ মুহূৰ্ততে বাষ্পৰ নেবুলাছ উপাদানলৈ ৰূপান্তৰিত হৈছিল আৰু ই পুৰুষ আৰু মহিলা, য়িন আৰু ইয়াং, কঠিন আৰু কোমল পদাৰ্থ আদি দ্বৈত মৌলত ভাগ হৈছিল।"[1]