চীনৰ মহাপ্ৰাচীৰ
From Wikipedia, the free encyclopedia
চীনৰ মহাপ্ৰাচীৰ (ইংৰাজী: Great Wall of China) শিল আৰু মাটিৰে নিৰ্মিত এক দীঘল প্ৰাচীৰ। এই মহাপ্ৰাচীৰ "গ্ৰেট ৱাল অফ চাইনা" নামেৰে বিশ্ব বিখ্যাত। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা খ্ৰীষ্টীয় ১৬শ শতিকা লৈকে চীনৰ উত্তৰ সীমান্ত সুৰক্ষিত কৰিবলৈ এই মহাপ্ৰাচীৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰা হৈছিল। অতীতত চীনদেশত খ্ৰীষ্টপূৰ্ব ৭ম শতিকাৰ আৰম্ভণিৰ পৰা কেইবাখনো দেৱাল নিৰ্বাচিত স্থানসমূহত নিৰ্মাণ কৰা হৈছিল।[2] পিছলৈ চীনৰ প্ৰথম সম্ৰাট কিন ছি হুয়াঙে (খ্ৰীষ্টপূৰ্ব ২২০-২০৬) এই দেৱালবোৰ সংযোজিত কৰিছল। কিন্তু কিন ছি হুয়াঙৰ অধীনত নিৰ্মাণ কৰা দেৱালৰ সামান্য অবশিষ্টহে এতিয়া আছে।[3] পিছলৈ বহুতো ৰাজবংশই ক্ৰমান্বয়ে সীমান্তৰ দেৱালৰ একাধিক প্ৰসাৰ, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰি গৈছে। দেৱালখনৰ আটাইতকৈ পৰিচিত অংশবোৰ মিং ৰাজবংশৰ (১৩৬৮-১৫৪৪) সময়তে নিৰ্মিত হৈছিল।
চীনৰ মহাপ্ৰাচীৰ | |
---|---|
萬里長城 / 万里长城 | |
মিং সাম্ৰাজ্যৰ বিশাল প্ৰাচীৰ, জিনচাংলিং | |
Map of all the wall constructions | |
সাধাৰণ তথ্যসমূহ | |
ধৰণ | দুৰ্গ |
দেশ | চীন |
স্থানাংক | 40.68°N 117.23°E / 40.68; 117.23 |
কাৰিকৰী তথ্যসমূহ | |
আকাৰ | ২১,১৯৬ কিলোমিটাৰ (১৩,১৭১ মাইল)[1] |
প্ৰতিৰক্ষাৰ উপৰিও, মহাপ্ৰাচীৰৰ অন্যান্য উদ্দেশ্য হৈছে সীমান্ত নিয়ন্ত্ৰণ; যাৰ দ্বাৰা চিল্ক ৰোডৰ কাষত পৰিবহন কৰা সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা, বাণিজ্য আৰু প্ৰব্ৰজন নিয়ন্ত্ৰণ।[4] মহাপ্ৰাচীৰৰ পথটোৱে পৰিবহন কৰিডৰ হিচাপেও কাম কৰিছিল। তদুপৰি প্ৰহৰীস্তম্ভ, ট্ৰুপ-বেৰেক, গেৰিচন ষ্টেচন নিৰ্মাণ, ধোঁৱা বা জুইৰ জৰিয়তে সংকেত দিয়াৰ সামৰ্থ্যৰ দ্বাৰা মহাপ্ৰাচীৰৰ প্ৰতিৰক্ষামূলক বৈশিষ্ট্য বৃদ্ধি হৈছিল।
এই বিশাল প্ৰাচীৰৰ বিভিন্ন অংশ বিভিন্ন চৈনিক ৰাজবংশৰ দ্বাৰা নিৰ্মিত। সামূহিকভাৱে এই দেৱাল পূবৰ লিয়াওডঙৰ পৰা পশ্চিমৰ লপ হ্ৰদলৈকে, উত্তৰৰ বৰ্তমানৰ চীন-ৰাছিয়ান সীমান্তৰ পৰা দক্ষিণৰ তাও নদীলৈকে (তাওহে) বিস্তাৰিত; মংগোলীয় ষ্টেপৰ কাষত প্ৰায়ে বৰ্ণনা কৰা এটা আৰ্কৰ সৈতে মুঠ ২০,০০০ কিলোমিটাৰতকৈও (১২,০০০ মাইল) অধিক বিস্তৃত।[5] বৰ্তমান এই প্ৰাচীৰৰ প্ৰতিৰক্ষামূলক ব্যৱস্থাক ইতিহাসৰ আটাইতকৈ আকৰ্ষণীয় স্থাপত্য ৰচনা হিচাপে স্বীকৃতি দিয়া হয়।[6]