অসমৰ ডিব্ৰুগড় চহৰত অৱস্থিত ব্যক্তিগত বিদ্যালয় From Wikipedia, the free encyclopedia
ছল্ট ব্ৰুক একাডেমী (ইংৰাজী: Salt Brook Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ১৯৯৫ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন ছল্ট ব্ৰুক একাডেমী চ'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত। বিদ্যালয়খনৰ পৰিচালক হৈছে অশ্বিনী দুৱৰা আৰু বৰ্তমানৰ অধ্যক্ষ হৈছে ৰঞ্জিত বৰুৱা। বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ অন্তৰ্গত।
ছল্ট ব্ৰুক একাডেমী | |
অৱস্থান | |
---|---|
বৈৰাগীমঠ, ডিব্ৰুগড়, অসম, ভাৰত | |
স্থানাঙ্ক | 27°28′14.92″N 94°55′45.01″E |
প্ৰাথমিক তথ্যসমূহ | |
প্ৰকাৰ | ব্যক্তিগত |
নীতি | "Knowledge is Supreme " ("জ্ঞানেই সৰ্বোচ্চ") |
প্ৰতিষ্ঠাকাল | ১৯৯৫ চন |
পৰিচালক | অশ্বিনী দুৱৰা |
অধ্যক্ষ | ৰঞ্জিত বৰুৱা |
উপনাম | SBA |
ৱেবছাইট | www |
১৯৯৫ চনত কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত এই মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। প্ৰথমতে কেৱল ৪৪জন শিক্ষাৰ্থীৰে ছল্ট ব্ৰুক আৰম্ভ কৰা হৈছিল। আৰম্ভণিতে ই অকল বিজ্ঞান শাখাত শিক্ষাদান কৰিছিল। পিছলৈ কলা আৰু বাণিজ্য শাখাতো পাঠদান আৰম্ভ কৰা হল।
ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ বৈৰাগীমঠত অৱস্থিত। বিদ্যালয়খনৰ সন্মুখতে আছে ঐতিহাসিক কনভয় ৰ'ড। ছল্ট ব্ৰুক ডিব্ৰুগড় ৰেল ষ্টেচনৰ নিচেই কাষত অৱস্থিত।
সকলো সা-সুবিধাৰে ভৰা বৰ্তমান ছল্ট ব্ৰুকৰ তিনিটা বিল্ডিং আছে। তাৰে দুটা বিজ্ঞান আৰু এটা কলা আৰু বাণিজ্য বিভাগৰ। ছল্ট ব্ৰুকৰ প্ৰতিটো বিল্ডিংতে আধুনিক পৰীক্ষাগাৰ আৰু পুথিভৰাঁল আছে। তদুপৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, যেনে: JEE (Mains আৰু Advance), AIIMS, NIFT, CLAT, Assam CEE ইত্যাদি আৰু বিভিন্ন উচ্চশিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ইয়াৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ আৰু কেৰিয়াৰ গাইডেন্স দিয়া হয়।[1]
ছল্ট ব্ৰুক একাডেমীয়ে বিজ্ঞান, বাণিজ্য আৰু কলা - এই তিনিটা বিভাগৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান কৰা হয়। তাৰে কলা শাখাত কেৱল ছাত্ৰী সকলৰ নামভৰ্তিৰ সুবিধা আছে। ই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। বৰ্তমানে মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বাণিজ্য বিভাগৰ স্নাতক মহলাত পাঠদান আৰম্ভ কৰিছে।
ছল্ট ব্ৰুক একাডেমী অসমৰ শিক্ষা জগতৰ ভোটাতৰাৰ দৰে। ১৯৯৫ চনত স্থাপিত হোৱা এই কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ১৯৯৯ চনৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আয়োজন কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ দহ জনৰ ভিতৰত প্ৰতিবছৰে স্থান লাভ কৰি এক অভিলেখৰ সৃষ্টি কৰিছে। তদুপৰি দেশ-বিদেশৰ বহু উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছল্ট ব্ৰুকৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছে।[2]
বিদ্যালয়খনত অধ্যয়ন কৰা মেধাবী শিক্ষাৰ্থী সকলক বৃত্তি প্ৰদান কৰাৰো ব্যৱস্থা আছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.