From Wikipedia, the free encyclopedia
ছাহাকদুখ্ট (ইংৰাজী: Sahakdukht অষ্টম শতিকাৰ আৰম্ভণিৰ এগৰাকী আৰ্মেনিয়ান গীতিকাৰ, কবি আৰু শিক্ষাবিদ।[1] আৰ্মেনিয়ান সাহিত্য আৰু সংগীতৰ তেওঁ প্ৰথম সাহিত্যিক আৰু সংগীতজ্ঞ হিচাপে পৰিচিত মহিলা। তেওঁৰ সামান্য পিছৰ বা সমসাময়িক খোছৰোবিদুখ্ট ৰ লগতে তেওঁ ইতিহাসৰ আটাইতকৈ প্ৰাচীন মহিলা সুৰকাৰসকলৰ ভিতৰত অন্যতম। ছাহাকদুখ্ট আৰু তেওঁৰ ভাতৃ ষ্টেপানছ ছিউনেট্চি, যি এজন বিখ্যাত সুৰকাৰ আৰু সংগীত তত্ত্ববিদ হৈ পৰিছিল, তেওঁ ড্ভিন(Dvin)ত শিক্ষা গ্ৰহণ কৰিছিল[1]। তাৰ পিছত তেওঁ জীৱনৰ বাকী কালছোৱা গাৰ্ণি উপত্যকাৰ এটা গুহাত সন্যাসিনীৰ জীৱন কটায় আৰু তাৰেপৰাই তেওঁ সংগীত শিকোৱাৰ উপৰি সাহিত্য সাধনা কৰিছিল।[1][2] যদিও তেওঁ বহু খ্ৰীষ্টান সংগীত, বিশেষকৈ ভাৰ্জিন মেৰীৰ বাবে লিখিছিল বুলি কোৱা হয়, মাত্ৰ এটা শ্বাৰকানহে তেওঁৰ বৰ্তমানে উপলভ্য। এই কামটোৰ লগত সমসাময়িক বাইজেন্টাইন থিয়ট’কিয়ন আৰু কেননৰ সৈতে যথেষ্ট শৈলীগত মিল দেখা গৈছে। যদিও তেওঁৰ লেখাটোৱে সাধাৰণ “শ্বাৰাকান’’ৰ অন্তৰ্ভূক্ত হোৱা নাছিল, সামগ্ৰিকভাৱে ছাহকদুখ্টৰ ৰচনাই পৰৱৰ্তী শ্বাৰকানসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল বুলি ভবা হয়; তেওঁলোকে কিছুমান বাক্যাংশ জনপ্ৰিয় ব্যৱহাৰত প্ৰৱৰ্তন কৰিছিল আৰু নৃতাত্ত্বিক সংগীতবিদ ছাহান আৰ্জৰুনিৰ মতে তেওঁলোকে "পৰৱৰ্তী শতিকাবোৰত এই ধাৰাটোৰ বিকাশ গঢ় দিয়াত সহায় কৰিছিল"।[1]
ছাহকদুখ্টৰ জীৱনৰ বিষয়ে অতি কমেইহে জনা যায়,[2] ইয়াৰ বানান ছাহকদূখ্ট,[2] বা ছহকদুক্সত বুলিও কৰা হয়। উপলব্ধ তথ্যসমূহ মূলতঃ ত্ৰয়োদশ শতিকাৰ ইতিহাসবিদ ষ্টেপানোছ অৰবেলিয়ানৰ বিৱৰণীৰ পৰা লোৱা হৈছে।[2] অষ্টম শতিকাৰ আৰম্ভণিতে সক্ৰিয় তেওঁৰ ভাতৃ আছিল সুৰকাৰ আৰু সংগীত তত্ত্ববিদ ষ্টেপানছ ছিউনেট্চি, যি তেওঁৰ শ্বাৰাকান (কেননিক গীত)ৰ বাবে পৰিচিত।[2] ছাহকদুখ্ট আৰু তেওঁৰ ভাতৃ দুয়োজনেই দ্বিন(Dvin) চহৰৰ এখন কেথেড্ৰেল স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[2] তাৰ পিছত তেওঁ তপস্বী হিচাপে জীৱন কটায়, বৰ্তমানৰ ইয়েৰেভানৰ ওচৰৰ গাৰ্নি উপত্যকাৰ এটা গুহাত (এটা গ্ৰ'ট') বাস কৰিছিল। তাত তেওঁ গীৰ্জাৰ কবিতাৰ লগতে লিটাৰ্জিকেল গীতৰ সৃষ্টি কৰে। ছাহকদুখ্টে গাৰ্ণীৰ শিশু আৰু অপেছাদাৰী প্ৰাপ্তবয়স্কসকলক সংগীত শিকাইছিল বুলি কোৱা হয়। তেওঁৰ সেই সময়ৰ সমাজৰ নীতি-নিয়মৰ বাবে ছাহাকদুখ্টে পৰ্দাৰ আঁৰত বহি এনে নিৰ্দেশনা দিছিল। ১৯০৯ চনত আৰ্মেনিয়ান কবি আৰু লেখক ছিবিলে মহিলাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে ছাহাকদুখ্টৰ শিক্ষক হিচাপে ভূমিকা গ্ৰহণ কৰিছিল,[3] তেওঁ ভাষণত কৈছিল যে:
১২০০ বছৰ আগতেই আৰ্মেনিয়ানসকলে মহিলাৰ শিক্ষাৰ প্ৰতি অতি আগ্ৰহ প্ৰকাশ কৰিছিল। মই আচৰিত হওঁ যে ষ্টেফান ছিউনেট্চিৰ ভগ্নী ছাহাকদুখ্টে অষ্টম শতিকাতেই আৰ্মেনিয়াত সংগীত বিদ্যালয় স্থাপন কৰিছিল; আজি এনে বিদ্যালয়, যি এক জাতিৰ, সভ্যতাৰ চিন বুলি পৰিগণিত, তাৰ অস্তিত্ব নাই। [4]— চিবিল, ১৯০৯ চন৷
ছাহাকদুখ্টক আৰ্মেনিয়াৰ প্ৰথমগৰাকী মহিলা সুৰকাৰ আৰু কবি হিচাপে স্বীকৃতি দিয়া হৈছে,[5] তাৰ পিছত তেওঁৰ সামান্য পিছৰ সমসাময়িক খোছৰোবিদুখ্ট, [3]তেখেতে কথিতভাৱে বহুতো এতিয়া হেৰাই যোৱা খ্ৰীষ্টান ধৰ্মীয় ৰচনা লিখিছিল, য'ত আছিল ksturds (এন্টিফন আৰু গীত), Sarakans আৰু অন্যান্য সুৰৰ সৃষ্টি কৰিছিল।[6] এনে ধাৰাসমূহৰ বাবে কবিতাত ছন্দ আৰু নিৰ্দিষ্ট পদ্য দুয়োটা অন্তৰ্ভুক্ত কৰা হৈছিল।[3] সূত্ৰসমূহে কয় যে এনে গ্ৰন্থসমূহ প্ৰায়ে ভাৰ্জিন মেৰীৰ বাবে লিখা হৈছিল, যাৰ বাবে ইয়াক সমসাময়িক বাইজেন্টাইন পৰম্পৰাৰ থিয়ট'কিয়নৰ সৈতে প্ৰায় সমতুল্য কৰি তোলা হৈছিল।[2]
ছাহাকদুখ্টৰ একমাত্ৰ ৰচনা যিটো প্ৰচলিত আছে, সেয়া হৈছে মেৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা শ্বাৰাকান "Srbuhi Mariam" ("চেন্ট মেৰী")।[7] ই নটা পদৰ এক্ৰ'ষ্টিক পদ্য, যাৰ প্ৰতিটো পদৰ প্ৰথম আখৰ যোটালে 'ছাহাকদুখ্ট' বানান পোৱা যায়।[6] এই টুকুৰা 'Metzatsustse' (Magnificat) ধৰণৰ শ্বাৰাকনৰ সৈতে শৈলীগতভাৱে প্ৰান্তিককৃত।[6] ইয়াৰ উপৰিও "Srbuhi Mariam"—আৰু অনুমানিকভাৱে ছাহাকদুখ্টৰ হেৰুৱা ৰচনাৰ বহুখিনি—তেওঁৰ ভাতৃৰ ৰচনাৰ দৰে বাইজেন্টাইন কেননৰ আৰ্হিত লোৱা হৈছে।[5] ইয়াৰ কাৰণ হ’ব পাৰে যে ষ্টেপানোছে বহু বছৰ ধৰি কনষ্টেন্টিনোপলত বাস কৰিছিল, য’ত প্ৰাথমিক কেননৰ এজন গুৰুত্বপূৰ্ণ সমৰ্থক প্ৰথম জাৰ্মানাছ সক্ৰিয় আছিল।[6] গেভন্ট আলিছান, মালাচিয়া অৰ্মানিয়ান আৰু গ্ৰীগ'ৰ হাকোবিয়ানকে ধৰি কিছুমান পণ্ডিতে "জাৰমানালি ই ইন্টছ" খোছৰোভিদুখ্টৰ শ্বাৰকানৰ পৰিৱৰ্তে ছাহাকদুখ্টৰ বুলি কয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.