জৈৱ ৰসায়ন
From Wikipedia, the free encyclopedia
জৈৱ ৰসায়ন (ইংৰাজী: Biochemistry) হৈছে জীৱিত প্ৰাণীৰ শৰীৰৰ ভিতৰত আৰু শৰীৰৰ লগত জড়িত সকলোধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া[1]। বিংশ শতিকাৰ শেষ দশকৰ পৰা জীৱৰ জীৱন প্ৰক্ৰিয়াৰ জটিলতাসমূহ জৈৱৰসায়নৰ সহায়ত সফলভাৱে বৰ্ণনা কৰিব পৰা হৈছে। আৰু বৰ্তমান সময়ত উদ্ভিদ বিজ্ঞান বা ঔষধ বিজ্ঞান বা বংশগতি বিজ্ঞান আদি জীৱবিজ্ঞানৰ প্ৰায় সকলো শাখা জৈৱ ৰসায়নৰ গৱেষণাৰ লগত জড়িত হৈ পৰিছে[2]। বৰ্তমান সময়ত জৈৱ ৰসায়নৰ মূল লক্ষ্য হৈছে জীৱিত কোষৰ ভিতৰত জৈৱ অণুসমূহে কেনেকৈ বিভিন্ন প্ৰক্ৰিয়া সমাধা কৰে সেই কথা বুজি উঠা[3]। যাৰ সহায়ত গোটেই প্ৰাণীদেহটো বুজি উঠা সম্ভৱ হ’ব।[4]
জৈৱ ৰসায়ন আণৱিক জীৱবিজ্ঞানৰ লগত গভীৰভাৱে জড়িত। য’ত ডি.এন্.এৰ ভিতৰত লুকাই থকা বংশগতিৰ তথ্যসমূহ বাহিৰ কৰি জীৱন প্ৰক্ৰিয়াৰ ৰহস্যসমূহ অধ্যয়ন কৰিবলৈ আণৱিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়[5]। অধিকক্ষেত্ৰতে জৈৱৰসায়নে বৃহৎ জৈৱঅণু যেনে প্ৰ’টিন,কাৰ্বহাইড্ৰেট,নিউক্লিক এচিড আৰু লিপিডৰ গঠন,কাৰ্য আৰু ইহঁতৰ আন্তঃআণৱিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। এই জৈৱ অণুবোৰেই কোষৰ গঠন আৰু জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰায়ভাগ কাম সমাধা কৰে।[6]
জৈৱৰসায়নৰ আৱিষ্কাৰসমূহ চিকিৎসা,পৰিপুষ্টি আৰু কৃষিৰ ক্ষেত্ৰত প্ৰাথমিকভাৱে ব্যৱহাৰ কৰা হয়। চিকিৎসাবিজ্ঞানত জৈৱৰসায়নে ৰোগৰ কাৰণ নিৰ্ণয় কৰা আৰু নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে[7]। পৰিপুষ্টি বিজ্ঞানত জৈৱৰসায়নৰ সহায়ত সুস্বাস্থ্য বজাই ৰখা আৰু বিভিন্ন অভাৱজনিতৰোগৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয়[8]। কৃষিবিজ্ঞানত মাটিৰ গুণাগুণ নিৰ্ণয় কৰা,ৰাসায়নিক সাৰ প্ৰস্তুত কৰা আৰু কীট-পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জৈৱৰসায়নে সহায় কৰে।