From Wikipedia, the free encyclopedia
টাংগান্যিক হ্ৰদ আফ্ৰিকাত অৱস্থিত এটা বৃহৎ হ্ৰদ। এই হ্ৰদ ছাইবেৰিয়াৰ বৈকাল হ্ৰদৰ পিছতেই আয়তনৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহৎ নিৰ্মল পানীৰ হ্ৰদ আৰু গভীৰতাৰ ফালৰ পৰা দ্বিতীয় বুলি গণ্য কৰা হয়।[3] তদুপৰি ই বিশ্বৰ সৰ্বোচ্চ দৈৰ্ঘ্যৰ হ্ৰদ। এই হ্ৰদ চাৰিখন দেশজুৰি বিস্তৃত হৈ আছে- টানজানিয়াত ৪৬%, কংগো (Democratic Republic of the Congo)ত ৪০%, বুৰুণ্ডি (Burundi) আৰু জাম্বিয়া (Zambia)। এই হ্ৰদৰ পানী কংগো নদীলৈ বৈ গৈ অৱশেষত আটলাণ্টিক মহাসাগৰত পৰিছেগৈ।
টাংগান্যিকা হ্ৰদ (Lake Tanganyika) | |
---|---|
Lake Tanganyika from space, June 1985 | |
map | |
স্থানাংক | 6°30′S 29°50′E |
Primary inflows | Ruzizi River Malagarasi River Kalambo River |
Primary outflows | Lukuga River |
Catchment area | 2,31,000 বৰ্গ কি.মি. (89,000 বৰ্গ মাইল) |
Basin countries | Burundi DR Congo Tanzania Zambia |
Max. length | 673 km (418 মাইল) |
Max. width | 72 km (45 মাইল) |
Surface area | 32,900 বৰ্গ কি.মি. (12,700 বৰ্গ মাইল) |
Average depth | 570 মিটাৰ (1,870 ফুট) |
Max. depth | 1,470 মিটাৰ (4,820 ফুট) |
Water volume | সাঁচ:Convert/km3 |
Residence time | 5500 years[1] |
Shore length1 | 1,828 km (1,136 মাইল) |
Surface elevation | 773 মিটাৰ (2,536 ফুট)[2] |
Settlements | Kigoma, Tanzania Kalemie, DRC Bujumbura, Burundi |
References | [2] |
1 Shore length is not a well-defined measure. |
এই হ্ৰদৰ নামৰ অৰ্থ 'the great lake spreading out like a plain', বা 'plain-like lake'."[4]:Vol.Two,71বুলি জনা যায়।
টাংগান্যিকা হ্ৰদ আল্বাৰটাইন প্ৰাচীৰ (Albertine Rift) ৰ ভিতৰত অৱস্থিত। এই প্ৰাচীৰ পূব আফ্ৰিকাৰ প্ৰাচীৰ (East African Rift) ৰ এটা অংশ। আফ্ৰিকাৰ ভিতৰতে সৰ্ববৃহৎ প্ৰাচীৰ হ্ৰদ (rift lake)। এই হ্ৰদে বিশ্বৰ প্ৰায় ১৮% নিৰ্মল পানী ধৰি ৰাখিছে বুলি ধাৰণা কৰা হয়। টাংগান্যিক হ্ৰদ উত্তৰা দক্ষিণাকৈ 676 km (420 মাইল) দীঘল আৰু ইয়াৰ প্ৰস্থ প্ৰায় 50 km (31 মাইল)। হ্ৰদটোৰ মুঠ কালি 32,900 বৰ্গ কি.মি. (12,700 বৰ্গ মাইল), পাৰ (shoreline) 1,828 km (1,136 মাইল) আৰু গড় গভীৰতা 570 মিটাৰ (1,870 ফুট) আৰু সৰ্বোচ্চ গভীৰতা 1,470 মিটাৰ (4,820 ফুট)।[5] হ্ৰদৰ পৃষ্ঠীয় পানীৰ উষ্ণতা ২৫°ছেণ্টিগ্ৰেড আৰু পি এইচ ( pH) ৮.৪।
এই হ্ৰদৰ গভীৰতা আৰু ক্ৰান্তীয় অৱস্থানৰ বাবে ইয়াৰ পানীৰ তৰপবোৰৰ বিশেষ সালসলনি ('turnover' of water masses) নহয়। যাৰ ফলত এই হ্ৰদৰ কিছু গভীৰতাৰ পানী জীবাশ্ম পানী ('fossil water') আৰু অক্সিজেন নাথাকে (anoxic)। এই হ্ৰদৰ অৱবাহিকাৰ কালি ২৩১,০০০ বৰ্গ কিলোমিটাৰ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.