টিপাম
বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গ / From Wikipedia, the free encyclopedia
টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে। আহোম বুৰঞ্জী অনুসৰি স্বৰ্গদেউ চাওল্যুং চুকাফাই চীনৰ দেহং দাই (পূব মুঙ মাও) ত্যাগ কৰি এখন নতুন ৰাজ্যৰ সপোন বুকুত বান্ধি ১৫ বছৰ কাল বিভিন্ন ঠাই ঘূৰি ফুৰিছিল। তাৰ পাছত পৰ্বত পাৰ হৈ বুঢ়ীদিহিঙৰ উত্তৰ পাৰৰ টিপাম দেওশালী পাহাৰৰ সুউচ্চ টিলা চকমকত উপস্থিত হৈ তিনি বছৰ কাল টিপামত আছিল।