From Wikipedia, the free encyclopedia
নাগামিজ (ইংৰাজী: Nagamese) নাগালেণ্ডত প্ৰচলিত এটা মিশ্ৰ ভাষা (Creole)। অসমীয়া ভাষাক ভিত্তি কৰিয়েই ইয়াৰ সৃষ্টি হৈছে। তাৰ লগতে বঙালী, হিন্দী, বিভিন্ন নগা ভাষা আৰু আন আন ভাষাৰো কিছু সমলো ইয়াত দেখা যায়।[1] পাঁচ লাখতকৈও বেছি নাগালেণ্ডৰ বিভিন্ন ভাষাৰ মানুহে ইয়াক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে।[1] অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনৰ লোকসকলে "নাগামিজ" (Naga+Assamese) শব্দটোৰ উদ্ভাৱন কৰে।[2] যদিও নাগালেণ্ড চৰকাৰে ইংৰাজী ভাষাক ৰাজ্যভাষা হিচাপে স্বীকৃতি দিছে, প্ৰশাসনিক কাম-কাজ, বিদ্যালয়, প্ৰচাৰ মাধ্যম আদিত নাগামিজো সমানেই ব্যৱহৃত হয়।
নাগামিজ | |
---|---|
Naga Pidgin | |
থলুৱা অঞ্চল | নাগালেণ্ড-ভাৰত |
জাতীয়তা | নগা জনগোষ্ঠী |
স্থানীয় ভাষিক |
৫,০০,০০০ |
ভাষা পৰিয়াল |
Creole
|
ভাষা সংকেত | |
ISO 639-3 | nag |
১৯৬৩ চনত পৃথক ৰাজ্য ৰূপে স্বীকৃতি পোৱাৰ পূৰ্বে নাগালেণ্ড অসমৰ এখন জিলা আছিল। আহোমৰ শাসনৰ দিনতো অসম আৰু নাগালেণ্ড অঞ্চলৰ মানুহৰ সংস্পৰ্শ ঘটিছিল। অৱশ্যে নগা জনগোষ্ঠীৰ লগত অসমীয়াৰ সম্পৰ্ক আছিল আহোমৰ দিনতে বেছি। কাৰণ ইয়াৰ আগতে চতুৰ্থ আৰু দ্বাদশ শতাব্দীৰ কামৰূপৰ হিন্দু ৰজাসকলৰ দিনত নগাসকলৰ লগত থকা অসমীয়াৰ সম্পৰ্কৰ সাক্ষ্য বুৰঞ্জীয়ে নিদিয়ে। ইতিহাসৰ এই কালছোৱাত অসমত দুই-এক নগাৰ বিচৰণ বাহিৰে কোনো শৃংখলাবদ্ধ উল্লেখ বুৰঞ্জীত পোৱা নাযায়। সেইবাবে নগাসকলৰ লগত অসমীয়াৰ সম্পৰ্ক কথা আলোচনা কৰিবলৈ হ'লে আমি আহোমৰ দিনলৈ পিছুৱাই আহিব লাগিব। হট্ৰন আৰু গেইট চাহাবৰ মতে আহোমসকলৰ প্ৰথম সান্নিধ্যলৈ অহা নগা জনজাতিটো হ'ল পূবৰ নগা জনজাতি। আহোম বুৰঞ্জীত নগা সকলৰ কথা সঘনাই পোৱা যায়। এয়োদশ শতাব্দীৰ আৰম্ভণিতেঅসমত আহোম ৰাজ্য স্থাপন কৰা আদি ৰজা চুকাফা এই নগাভূমিৰ মাজেৰেই অসমলৈ অহাৰ কথা বুৰঞ্জীত পোৱা যায়। সপ্তদশ শতিকাৰ পিনে আহোমসকলৰ লগত নগাসকলৰ সম্পৰ্ক যথেষ্ট উন্নত হোৱা পৰিলক্ষিত হয়। ইয়াৰ পৰৱৰ্তী কালছোৱাত অসমত ইংৰাজ শাসনৰ দিনটো আংগামি নগাসকলৰ বিপক্ষে ব্ৰিটিছ চৰকাৰে দমনৰ বাবে এদলৰ পাছত অন্যদল সৈন্য পঠোৱাৰ কথা মিলৰ ৰিপ'ৰ্টত আছে। তনাপি ঠায়ে ঠায়ে নগাসকলৰ লগত সুন্দৰ সম্মন্ধৰ কথাপোৱা যায়।[3] এই সমগ্ৰ অঞ্চলৰ এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজনতে নাগামিজ গঢ় লৈ উঠা বুলি ভবা হয়।[4]
কোনো কোনোৰ মতে দ্বিতীয় ভাষা হিচাপে অসমীয়া ভাষা বা বঙালী ভাষাৰ আয়ত্তত খুঁত ৰৈ যোৱাৰ ফলতো নাগামিজৰ উদ্ভৱ হ'ব পাৰে।[4] ১৯৩৬ চনতে নাগামিজ ভালদৰে গঢ় লৈ উঠাৰ প্ৰমাণ পোৱা গৈছে।[4]
নাগামিজৰ ১৮টা উপভাষা দেখিবলৈ পোৱা যায়।[4] সেইসমূহৰ শব্দবোৰ একেই, কিন্তু ৰূপ-বিন্যাস বেলেগ বেলেগ। সেইসমূহক তিনিটা ভাগত ভগাব পাৰি:
নাগামিজত দুটা ফলা, দুটা কাল, তিনিটা দৃশ্যগত বৈশিষ্ট্য আছে, কোনো পুৰুষ নাই। ইয়াৰ বেছিভাগ শব্দৰে অসমীয়া ভাষাৰ লগত মিল আছে, কিন্তু ধ্বনিসমূহৰ নগা ভাষাবোৰৰ লগতেহে মিল বেছি। সংস্কৃত তৎসম শব্দৰ সৰলীকৰণ, শব্দৰ অসম্পূৰ্ণ উচ্চাৰণ আদি বৈশিষ্ট্যও ইয়াত দেখিবলৈ পোৱা যায়।[2][4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.