মহৰ্ষি ভৰত From Wikipedia, the free encyclopedia
নীলম সঞ্জীৱ ৰেড্ডী (ইংৰাজী: Neelam Sanjiva Reddy; ১৯ মে' ১৯১৩ – ১ জুন ১৯৯৬) আছিল ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি। ভাৰতীয় কংগ্ৰেছ দলৰ লগত তেওঁ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ হৈছিল আৰু তাৰপিছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। অন্ধ্ৰপ্ৰদেশৰ প্ৰথমজন মুখ্য মন্ত্ৰী, লোকসভাত দুবাৰকৈ অধ্যক্ষ হোৱাৰ উপৰিও তেওঁ ভাৰতৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি আছিল।[1]
নীলম সঞ্জীৱ ৰেড্ডী | |
---|---|
ষষ্ঠ ভাৰতৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৫ জুলাই ১৯৭৭ – ২৫ জুলাই ১৯৮২ | |
প্ৰধানমন্ত্ৰী | মোৰাৰজী দেশাই চৰণ সিং ইন্দিৰা গান্ধী |
উপ ৰাষ্ট্ৰপতি | বাছাপ্পা দানাপ্পা জাত্তি মহম্মদ হেদায়েৎতুল্লা |
পূৰ্বসূৰী | বাছাপ্পা দানাপ্পা জাত্তি (ভাৰপ্ৰাপ্ত) |
উত্তৰসূৰী | জেইল সিং |
চতুৰ্থ লোকসভাৰ অধ্যক্ষ | |
কাৰ্যকাল ১৭ মাৰ্চ ১৯৬৭ – ১৯ জুলাই ১৯৬৯ | |
সহকাৰী | আৰ কে খাদিলকাৰ |
পূৰ্বসূৰী | চৰ্দাৰ হুকুম সিং |
উত্তৰসূৰী | গুৰদয়াল সিং ধীলন |
কাৰ্যকাল ২৬ মাৰ্চ ১৯৭৭ – ১৩ জুলাই ১৯৭৭ | |
সহকাৰী | গডেই মোৰাহাৰী |
পূৰ্বসূৰী | বালি ৰাম ভগত |
উত্তৰসূৰী | কে এছ হেগড়ে |
প্ৰথম অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১২ মাৰ্চ ১৯৬২ – ২০ ফেব্ৰুৱাৰী ১৯৬৪ | |
ৰাজ্যপাল | ভীম সেন ছাচৰ সত্যৱন্ত মালান্নাহ শ্ৰীনাগেশ |
পূৰ্বসূৰী | দামোদৰাম সঞ্জীভায়া |
উত্তৰসূৰী | কাছু ব্ৰহ্মানন্দ ৰেড্ডী |
কাৰ্যকাল ১ নৱেম্বৰ ১৯৫৬ – ১১ জানুৱাৰী ১৯৬০ | |
ৰাজ্যপাল | চন্দুলাল মাধৱলাল ত্ৰিৱেদী ভীম সেন ছাচৰ |
উত্তৰসূৰী | দামোদৰাম সঞ্জীভায়া |
নিৰপেক্ষ আন্দোলনৰ মহাসচিব | |
কাৰ্যকাল ৭ মাৰ্চ ১৯৮২ – ১১ মাৰ্চ ১৯৮৩ | |
পূৰ্বসূৰী | ফকৰুদ্দিন আলী আহমেদ |
উত্তৰসূৰী | জেইল সিং |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯ মে', ১৯১৩ ইল্লুৰ, অনন্তপুৰ জিলা, মাদ্ৰাছ প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত (এতিয়া অন্ধ্ৰপ্ৰদেশ, ভাৰত) |
মৃত্যু | ১ জুন, ১৯৯৬ (৮৩ বছৰ) বাংগালোৰ, কৰ্ণাটক, ভাৰত |
ৰাজনৈতিক দল | জনতা দল (১৯৭৭ চনৰ পৰা) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৭৭ৰ পূৰ্বে) |
দাম্পত্যসঙ্গী | নীলম নগৰতনাম্মা |
শিক্ষানুষ্ঠান | মাদ্ৰাছ বিশ্ববিদ্যালয় |
মাদ্ৰাছ প্ৰদেশৰ (এতিয়া অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলা) এটা তেলেগুভাষী হিন্দু পৰিয়ালত, ১৯১৩ চনৰ ১৯ মে'ত ৰেড্ডীৰ জন্ম হৈছিল। গাঁওখনৰ নাম আছিল ইল্লুৰ।[2][3][4] মাদ্ৰাছত থকা থিয়'ছফিকেল হাইস্কুলত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল আৰু পাছলৈ অনন্তপুৰত থকা মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ চৰকাৰী কলা মহাবিদ্যালয়ত প্ৰাক-স্নাতক হিচাপে নামভৰ্তি কৰিছিল।[5] ১৯৫৮ চনত, শ্ৰী ভেংকটেশ্বৰা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। কাৰণ, বিশ্ববিদ্যালয়খন স্থাপন কৰাত তেওঁৰ বিশেষ ভূমিকা আছিল।[6][7]
নীলম নাগাৰাত্নামাৰ লগত ৰেড্ডীৰ বৈবাহিক জীৱন আৰম্ভ হৈছিল। তেওঁলোকৰ এটি ল'ৰা সন্তান আৰু তিনিগৰাকী কন্যা সন্তান জন্ম হৈছিল।[8]
১৯২৯ চনত অনন্তপুৰলৈ মহাত্মা গান্ধীৰ আগমনৰ পিছতেই ৰেড্ডী স্বাধীনতা সংগ্ৰামৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। ১৯৩১ চনত তেওঁ কলেজ ত্যাগ কৰিছিল। ৰেড্ডীয়ে যুৱ লীগ আৰু সত্যাগ্ৰহতো অংশগ্ৰহণ কৰিছিল। ১৯৩৯ চনত ৰেড্ডীক অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছ সমিতিলৈ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত, তেওঁক কাৰাৰুদ্ধ কৰা হৈছিল। ১৯৪০ৰ পৰা ১৯৪৫ চনলৈকে তেওঁ কাৰাবাস খাটিছিল।[9][10]
১৯৪৬ চনত মাদ্ৰাছ বিধানসভালৈ কংগ্ৰেছৰ দলৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত ৰেড্ডী কংগ্ৰেছ বিধানমণ্ডললৈ সম্পাদক হিচাপে নিৰ্বাচিত হয়।[11] ১৯৪৯ চনৰ পৰা ১৯৫১ চনলৈকে তেওঁ মাদ্ৰাছৰ গৃহ, বন, নিবাৰণ বিভাগৰ মন্ত্ৰী আছিল।[12] ১৯৫১ চনত তেওঁ কমিউনিষ্ট দলৰ টাৰিমেলা নাগি ৰেড্ডীৰ হাতত বিধানসভা সমষ্টিটো হেৰুৱাবলগীয়া হয়।[13]
১৯৫১ চনত এক তীব্ৰ প্ৰতিদ্বন্দিতামূলক নিৰ্বাচনী যুঁজত ৰেড্ডীয়ে এন.জি. ৰাংগাক পৰাভূত কৰি অন্ধ্ৰপ্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়।[14][15] ১৯৫৩ চনত যেতিয়া অন্ধ্ৰপ্ৰদেশ ৰাজ্য হিচাপে গঠিত হ'ল, তেতিয়া টি.প্ৰকাশম মুখ্য মন্ত্ৰী আৰু ৰেড্ডী উপ-মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল।[16] পাছলৈ টেলেংগেনাসহ যেতিয়া ৰাজ্যৰ পুনৰ্গঠন হ'ল, তেতিয়া ৰেড্ডীয়ে নতুন ৰাজ্যখনৰ প্ৰথমজন মুখ্য মন্ত্ৰীৰ পদ অলংকৃত কৰিলে;[17] ১ নৱেম্বৰ ১৯৫৬ চনৰ পৰা ১১ জানুৱাৰী ১৯৬০ চনলৈকে।[18] ১২ মাৰ্চ, ১৯৬২ চনত তেওঁ পুনৰ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু ২০ ফেব্ৰুৱাৰী, ১৯৬৪লৈকে সেই পদত অধিষ্ঠিত হৈ থাকে।[19] নাৰ্গাজুনা সাগৰ বান্ধ আৰু শ্ৰীছৈলাম বান্ধ দুটাৰ ওপৰত নিৰ্মাণ কৰা নদী-উপত্যকা বহুমুখী প্ৰকল্প দুটাৰ কাম তেওঁৰ কাৰ্যকালতেই সম্পূৰ্ণ হৈ উঠে।[20] পৰৱৰ্তী সময়ত অন্ধ্ৰপ্ৰদেশ চৰকাৰে তেওঁলৈ সন্মান যাচি শ্ৰীছৈলাম বান্ধটো "নীলম সঞ্জীৱ ৰেড্ডী সাগৰ" বুলি নামকৰণ কৰে।[21]
তেওঁৰ কাৰ্যকালত কংগ্ৰেছ চৰকাৰে গ্ৰাম্য বিকাশ তথা কৃষিকৰ্মৰ ওপৰত অধিক গুৰুত্ব দিছিল।[22]
ৰেড্ডীয়ে তিনিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ অধিকাৰ কৰে। ১৯৬০চনৰ পৰা ১৯৬২ৰ ভিতৰত তেওঁ যথাক্ৰমে বাংগালোৰ, ভুৱনেশ্বৰ আৰু পাটনাত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়।[11] ১৯৬২ চনত গোৱাত অনুষ্ঠিত হোৱা কংগ্ৰেছ সভাত ৰেড্ডীয়ে প্ৰদান কৰা বক্তৃতাটোৱে উপস্থিত দৰ্শকৰ সমৰ্থন আৰু উৎসাহ আদায় কৰিবলৈ সক্ষম হৈছিল। সেই বক্তৃতাটোত ৰেড্ডীয়ে ভাৰত-চীন যুদ্ধৰ অৱসান ঘটাবলৈ দৃঢ় প্ৰতিজ্ঞ হোৱাৰ কথা বিশ্বাসেৰে ঘোষণা কৰে। তাৰ লগতে গোৱাৰ স্বাধীনতাৰ অখণ্ডনীয় চৰিত্ৰৰ বিষয়টোও উল্লেখ কৰে।[23][24] ১৯৬৪ চনৰ জুনৰ পৰা তেওঁ লাল বাহাদুৰ শাস্ত্ৰী নেতৃত্বাধীন চৰকাৰৰ অধীনত লৌহ আৰু খনি বিভাগৰ মন্ত্ৰিত্ব চম্ভালে। ১৯৬৬ চনৰ পৰা ১৯৬৭ চনৰ মাৰ্চলৈকে ইন্দিৰা গান্ধীৰ আমোলত তেওঁ ভূমি যাতায়াত, নাগৰিক বিমানসেৱা, পৰ্যটন, আৰু জাহাজ দপ্তৰকেইটাৰ দায়িত্ব পালন কৰে।[12][25]
১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত ৰেড্ডীয়ে অন্ধ্ৰপ্ৰদেশৰ হিন্দুপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি জয়বৰণ কৰে।[26] ১৯৬৭ চনৰ ১৭ মাৰ্চত ৰেড্ডী লোকসভাৰ চতুৰ্থগৰাকী অধ্যক্ষৰূপে নিৰ্বাচিত হয়।[27] অধ্যক্ষ পদটো সম্পূৰ্ণ নিৰপেক্ষ আৰু স্বাধীন কৰি ৰাখিবলৈ তেওঁ কংগ্ৰেছ দল ত্যাগ কৰে।[28][29] তেওঁ অধ্যক্ষ হৈ থকা সময়ত পোনপ্ৰথমবাৰৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তাৰ ভিতৰত- ৰাষ্ট্ৰপতিয়ে যুটীয়া সদনক সম্বোধন কৰাৰ দিনটোতে অনাস্থা-প্ৰস্তাৱ গ্ৰহণ,[12] সদনক অৱমাননা কৰা দোষত কাৰাবাসৰ নিৰ্দেশ হস্তান্তৰ,[30] আৰু পিছপৰা শ্ৰেণী(SC আৰু ST)ৰ কল্যাণাৰ্থে এখন সমিতি গঠন কৰা।[12]
সদনত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত ৰেড্ডীয়ে নিজৰ ভূমিকাক "সদনৰ নিৰীক্ষক" হিচাপে গণ্য কৰিছিল।[31] অৱশ্যে সেইসময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ লগত তেওঁ সদনত বহুবাৰ বাদানুবাদত লিপ্ত হৈছিল, যাৰ পৰিণাম ৰেড্ডীয়ে দুবছৰৰ পিছত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত বাৰুকৈয়ে ভুগিবলগীয়া হৈছিল।[32]
১৯৬৯ চনত জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত ৰেড্ডীক ৰাষ্ট্ৰপতি পদৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰক্ষেপিত কৰা হয়। কিন্তু ইন্দিৰা গান্ধীয়ে দলৰ সেই সিদ্ধান্তত সমৰ্থন জনোৱা নাছিল।[33] তেওঁ কংগ্ৰেছ সাংসদসকলক বিবেক ভোট দিবলৈহে অনুৰোধ কৰিছিল আৰু পৰোক্ষভাৱে আনজন নিৰপেক্ষ প্ৰতিদ্বন্দ্ব্ব্বী ভিভি গিৰিক সমৰ্থন কৰিছিল।[34] ১৯৬৯ চনৰ ১৬ আগষ্টত হোৱা প্ৰতিদ্বন্দিতামূলক যুঁজখনত ভিভি গিৰিয়ে ৰেড্ডীতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় আৰু ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ নামটো নিশ্চিত হয়।[35][36] ৰাষ্ট্ৰপতিৰ এই নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ দলটোৰ মাজত ১৯৬৯ চনত এক ঐতিহাসিক ফাঁটৰ সৃষ্টি কৰিলে; তেওঁলোকৰ ভিতৰচ'ৰাত এক অস্বস্তিকৰ মতভেদৰ জন্ম হ'ল আৰু ভাৰতীয় ৰাজনীতিত ইন্দিৰা গান্ধীৰ উত্থান সুনিশ্চিত হ'ল।[37][38]
নিৰ্বাচনৰ পিছত ৰেড্ডীয়ে সক্ৰিয় ৰাজনৈতিক পথাৰ ত্যাগ কৰি অনন্তপুৰলৈ যায় আৰু কৃষিকৰ্মত আত্মনিয়োগ কৰে।[39]
জয়প্ৰকাশ নাৰায়ণৰ দ্বাৰা ঘোষিত হোৱা বিহাৰ আন্দোলন অথবা সম্পূৰ্ণ বিপ্লৱলৈ সমৰ্থন জনাই ৰেড্ডীয়ে ১৯৭৫ চনত ৰাজনৈতিক বনবাসৰ পৰা ওলাই আহে। ১৯৭৭ চনৰ জানুৱাৰীত তেওঁ জনতা দলৰ সমিতিৰ এজন সদস্য হিচাপে নামভুক্ত হয় আৰু মাৰ্চ মাহত তেওঁ অন্ধ্ৰপ্ৰদেশৰ ননদয়াল লোকসভা সমষ্ঠিৰ পৰা নিৰ্বাচনী যুদ্ধত নামে। অন্ধ্ৰপ্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ অকংগ্ৰেছী প্ৰাৰ্থীজন ৰেড্ডীয়েই আছিল।[40][41] সিপিনে ইন্দিৰা গান্ধীৰ চৰকাৰৰ ত্ৰিছবছৰীয়া শাসনৰ অন্ত পৰে।[42] ১৯৭৭ চনৰ ২৬ মাৰ্চত ৰেড্ডী বিনা প্ৰতিদ্বন্দিতাৰে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। অৱশ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ যুঁজ দিয়াৰ আকাংক্ষাৰে তেওঁ সেই পদত বেছি দিন নাথাকিল আৰু তিনি মাহ সোতৰ দিনৰ সৰু কাৰ্যকালৰ পাছতেই তেওঁ অধ্যক্ষৰ পদ ত্যাগ কৰে। ৰেড্ডীৰ সেইছোৱা কাৰ্যকালেই হৈছে সংসদীয় অধ্যক্ষৰ ভাৰতীয় ৰাজনীতিত আটাইতকৈ চুটি সময়।[12][43][44]
কাৰ্যকাল শেষ হোৱাৰ আগতেই ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে ১৯৭৭ চনত মৃত্যুবৰণ কৰে। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে ভাৰতীয় নৃত্যবিদ ৰুক্মিনী দেৱী অৰণদালেক সেই পদৰ বাবে আমন্ত্ৰণ জনাইছিল যদিও তেওঁ সেই আহ্বান নাকচ কৰে।[45] ৰেড্ডী বিনা প্ৰতিদ্বন্দিতাৰে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় আৰু বিপক্ষৰ কংগ্ৰেছ দলৰ পৰাও তেওঁ সমৰ্থন লাভ কৰে। ৬৪ বছৰ বয়সত তেওঁ ভাৰতৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি পদটোৰ বাবে দুবাৰকৈ প্ৰতিদ্বন্দিতা কৰা তেঁৱেই আছিল একমাত্ৰ প্ৰাৰ্থী।[46][47] উল্লেখযোগ্য যে, পদটোৰ বাবে ৩৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল; কিন্তু নিৰ্বাচনী বিষয়াই ৩৬খন মনোনয়নেই নাকচ কৰিছিল। যাৰ পৰিণতিত ৰেড্ডীয়ে এটা প্ৰতিদ্বন্দিতাবিহীন নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল আৰু এনেদৰেই তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে ৰাষ্ট্ৰপতিৰ পদত বহা একমাত্ৰ ভাৰতীয় হিচাপে গণ্য হৈছিল।[48][49]
১৯৭৭ চনৰ ২১ জুলাইত ৰেড্ডী দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ২৫ জুলাইত তেওঁ দেশৰ ষষ্ঠজন ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰে।[50] ৰেড্ডীয়ে তিনিখন চৰকাৰ আৰু তিনিজন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, চৰণ সিং আৰু ইন্দিৰা গান্ধীৰ লগত কাম কৰাৰ সুযোগ লাভ কৰে।[51] ভাৰতৰ ত্ৰয়োদশ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰেড্ডীয়ে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰস্থান কৰি এটা সৰু আৱাহগৃহত থকাৰ কথা ঘোষণা কৰে; লগতে দেশবাসীৰ দৰিদ্ৰতালৈ লক্ষ্য কৰি তেওঁ নিজৰ বেতনৰ পৰা ৭০% কৰ্তন কৰাৰো সিদ্ধান্ত লয়।[52][53]
ৰেড্ডীয়ে লিখা "উইডাউট ফিয়েৰ এণ্ড ফেভাৰ: ৰিমিনিচেঞ্চেছ এণ্ড ৰিফ্লেকছনছ্ অৱ এ প্ৰেছিডেণ্ট" শীৰ্ষক গ্ৰন্থখন ১৯৮৯ চনত প্ৰকাশিত হয়।[54]
১৯৯৬ চনত নিউম'নিয়াত আক্ৰান্ত হৈ নীলম সঞ্জীৱ ৰেড্ডীৰ দেহাৱসান ঘটে। সেইসময়ত তেওঁৰ বয়স আছিল ৮৩।[55] বাংগালোৰত থকা কলপাল্লী সমাধি ক্ষেত্ৰত তেওঁক সমাধিস্থ কৰা হয়।[56]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.