নৃত্য
সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি / From Wikipedia, the free encyclopedia
নৃত্য হৈছে “সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি”[1]ৰ দ্বাৰা প্ৰকাশ কৰা এক প্ৰকাৰৰ পৰিবেশ্য কলা। এই অঙ্গ সঞ্চালনসমূহৰ নান্দনিক আৰু প্ৰতীকী মূল্য থাকে।[2] নৃত্যক ইয়াৰ নৃত্য পৰিচালনা, ভঙ্গিমাৰ সমাসাৰ বা উৎপত্তিৰ ঐতিহাসিক সময় অথবা স্থানৰ দ্বাৰা শ্ৰেণীভুক্ত আৰু বৰ্ণনা কৰিব পাৰি।[3] নৃত্যৰ উপৰিও মানুহৰ অন্য বহু ক্ৰিয়াকলাপ যেনে সমৰ কলা, জিমনাষ্টিকছ, চিয়াৰলিডিং, ফিগাৰ স্কেটিং, সমন্বিত সাঁতোৰ, মাৰ্চিং বেণ্ড আদিৰ দৰে বহুতো ক্ৰীড়াত নৃত্যসূলভ গুণ থকা দেখা পোৱা যায়।