প'ণ্টাছ
From Wikipedia, the free encyclopedia
গ্ৰীক আখ্যানমতে প'ণ্টাছ (আক্ষৰিক অৰ্থত "সাগৰ") হৈছে এক প্ৰাচীন, প্ৰাক-অলিম্পিয়ান সাগৰ-দেৱতা। তেওঁ গ্ৰীকসকলৰ আদি দেৱতাসকলৰ মাজৰ এজন। প'ণ্টাছ গেইয়াৰ পুত্ৰ আছিল আৰু তেওঁৰ কোনো পিতৃ নাই। গ্ৰীক কবি হেচিঅ'ডৰ মতে তেওঁ যৌন মিলনৰ অবিহনে জন্ম গ্ৰহণ কৰিছিল।[1] অৱশ্যে হাইজিনাছৰ মতে প'ণ্টাছ হৈছে ইথাৰ আৰু গেইয়াৰ পুত্ৰ।[2]