পুডুছেৰী
From Wikipedia, the free encyclopedia
পুডুছেৰী (তামিল: புதுச்சேரி, অৰ্থ: নতুন চহৰ) বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্বৰ ফ্ৰান্সৰ অধিকৃত চাৰি অঞ্চল পণ্ডিচেৰী, কাৰিকল, মাহে আৰু য়ানাম একত্ৰিত কৰি পুডুছেৰী গঠন কৰা হৈছিল। ইয়াৰ নাম বৃহত্তম জিলা পুডুছেৰীৰ নামেৰে নামকৰণ কৰা হৈছে। ঐতিহাসিক ভাবে পণ্ডিচেৰী নামে জনাজাত ইয়াৰ নাম ২০০৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে পুডুছেৰী কৰা হ'ল।[7][8]
পুডুছেৰী | |||
---|---|---|---|
— কেন্দ্ৰীয় শাসিত অঞ্চল — | |||
Rock beach aerial view.jpg | |||
|
|||
ভাৰতৰ মানচিত্ৰত পুডুছেৰীৰ অৱস্থান (ৰঙা ৰঙেৰে চিহ্নিত) | |||
দেশ | ভাৰত | ||
গঠন | ১ নৱেম্বৰ ১৯৫৪ | ||
ৰাজধানী আৰু বৃহত্তম নগৰ | পণ্ডিচেৰী | ||
জিলা | ৪ খন | ||
চৰকাৰ | |||
- উপৰাজ্যপাল | কিৰণ বেদী[1] | ||
- মুখ্যমন্ত্ৰী | ভি. নাৰায়ণস্বামী[2] | ||
- মুখ্যসচিব | অশ্বিনী কুমাৰ, আইএএছ[3] | ||
- আৰক্ষীৰ মহানিৰ্দেশক | এছ. সুন্দৰী নন্দ, আইপিএছ | ||
- বিধানসভা | একসদনীয় (৩০*খন আসন)[4] | ||
মাটিকালি | |||
- মুঠ | ৪৮৩ কি.মি.২ (১৮৬.৫ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৩৩তম | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ১২,৪৪,৪৬৪ জন | ||
- স্থান | ২৯তমতম | ||
- জনঘনত্ব | ২,৫৭৬.৫ প্ৰতি বৰ্গ কি.মি. (৬,৬৭৩.২ প্ৰতি বৰ্গ মাইল) |
||
বিশেষণ | পুডুছেৰীয়ান, পণ্ডিচেৰীয়ান, পণ্ডিয়ান | ||
ভাষা | |||
- চৰকাৰী | তামিল ভাষা, ইংৰাজী ভাষা[5] | ||
- অতিৰিক্ত | মালয়ালম ভাষা (মাহে জিলাত), তেলেগু ভাষা (য়ানাম জিলাত), ফৰাচী ভাষা[6] | ||
সময় অঞ্চল | IST (গ্ৰী.মা.স.+০৫:৩০) | ||
পিনক'ড | ৬০৫০১৪ | ||
আই এচ অ’ ৩১৬৬ কোড | IN-PY | ||
যানবাহনৰ নম্বৰ | PY 01, PY 02, PY 03, PY 04, PY 05, PY 05V | ||
ৱেবছাইট | www.py.gov.in | ||
^* ৩০ গৰাকী নিৰ্বাচিত, ৩ গৰাকী মনোনীত |
কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী দক্ষিণ ভাৰতত অৱস্থিত। পুডুছেৰী জিলা আৰু কাৰিকল জিলাক তামিলনাডুয়ে আগুৰি আছে। সেইদৰে য়ানাম জিলা অন্ধ্ৰ প্ৰদেশ আৰু মাহে জিলা কেৰালায়ে আগুৰি আছে। পুডুছেৰী ভাৰতৰ ২৯তম জনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াৰ জন ঘনত্বত ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি আছে। ইয়াৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি ₹ ২১০ শ কোটি (২.৯৪ বিলিয়ন ডলাৰ) আৰু ই ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত ২৫তম স্থানত অৱস্থিত।[9]