From Wikipedia, the free encyclopedia
চৈয়দ ফাৰুখ আহমেদ (বাংলা: সৈয়দ ফৰৰুখ আহমদ; ১০ জুন ১৯১৮ – ১৯ অক্টোবৰ ১৯৭৪), পিছলৈ কেৱল ফাৰুখ আহমেদ নামেৰে জনাজাত, এগৰাকী বাংলাদেশী কবি আৰু লেখক। তেওঁক সাধাৰণতে ইছলামিক নৱজাগৰণৰ কবি বুলি জনা যায়, কিয়নো তেওঁৰ বহুতো কবিতাই বংগত উপনিবেশ স্থাপন কৰা মুছলমানসকলৰ হৃদয়ত পুনৰুত্থানৰ আত্মাক মূৰ্ত কৰি তুলিছে।[1] আধুনিক বংগৰ ইছলামিক চিন্তাধাৰাৰ এজন বিশিষ্ট বাহক হোৱাৰ বাহিৰেও, তেওঁৰ কবিতাসমূহ ইয়াৰ শব্দ-নিৰ্বাচন আৰু সাহিত্যিক মূল্যৰ বাবেও গুৰুত্বপূৰ্ণ। ৰোমাণ্টিকতাৰ পৰা আধুনিকতাবাদলৈ পৰিৱৰ্তন তেওঁৰ কবিতাত স্পষ্ট আৰু তেওঁ তেওঁৰ সাহিত্য জীৱনৰ উল্লেখযোগ্য কৃতি সাত সাগৰেৰ মাঝিৰ বাবে সৰ্বাধিক জনাজাত।
ফাৰুখ আহমেদ | |
---|---|
জন্ম | ১০ জুন, ১৯১৮ মাঝাইল, শ্ৰীপুৰ, মাগুৰা জিলা, বেংগল প্ৰেসিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৯ অক্টোবৰ, ১৯৭৪ (৫৬ বছৰ) ঢাকা, বাংলাদেশ |
পেচা | কবি, সম্পাদক |
ভাষা | বঙালী ভাষা |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
মাতৃশিক্ষায়তন | খুলনা জিলা স্কুল সুৰেন্দ্ৰনাথ কলেজ স্কটিছ চাৰ্চ কলেজ চিটি কলেজ |
ধৰণ | কবিতা |
বিষয় | মানৱতাবাদ, ইছলামিক নৱজাগৰণ |
সাহিত্যিক বিপ্লৱ | ৰোমাণ্টিছিজিম |
উল্লেখনীয় কৰ্মৰাজি | সাত সাগৰেৰ মাঝি, Naufel O Hatem, মুহূৰ্তেৰ কবিতা |
উল্লেখযোগ্য বঁটা | বাংলা একাডেমী লিটাৰেৰী এৱাৰ্ড, ইণ্ডিপেণ্ডেট ডে এৱাৰ্ড, একুশেয় পদক |
দাম্পত্যসংগী | চৈয়দ তেইবা খাতুন |
১৯১৮ চনৰ ১০ জুনত, মাগুৰাৰ শ্ৰীপুৰৰ মাঝেইল গাঁৱৰ চৈয়দসকলৰ এটা বঙালী মুছলমান পৰিয়ালত আহমেদৰ জন্ম হৈছিল। এই অঞ্চলটো তেতিয়া বেংগল প্ৰেচিডেন্সিৰ জেচোৰ জিলাৰ অধীনত আছিল। তেওঁৰ আইতাকে দিয়া তেওঁৰ উপনাম আছিল ৰমজান, কিয়নো ইছলামিক কেলেণ্ডাৰ মতে তেওঁৰ জন্ম ৰমজান মাহত হৈছিল।[2] পৰিয়ালটোৱে ইছলামৰ চতুৰ্থ খলিফা আলিৰপৰা তললৈ নমা বুলি দাবী কৰিছিল। তেওঁ আৰক্ষী পৰিদৰ্শক খান চাহেব চৈয়দ হাতেম আলি আৰু বেগম ৰৌচন আখটাৰৰ দ্বিতীয় পুত্ৰ আছিল।[3]
তেওঁ ১৯৩৭ চনত খুলনা জিলা বিদ্যালয়ৰপৰা মেট্ৰিকুলেচন পৰীক্ষাত উৰ্ত্তীণ হয় আৰু ১৯৩৯ চনত কলকাতাৰ ৰিপন কলেজৰ পৰা আই এ কৰে। তাৰ পিছত তেওঁ দৰ্শন আৰু ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লবলৈ স্কটিছ চাৰ্চ কলেজত নাম ভৰ্তি কৰে, কিন্তু তাত পঢ়া শুনা সম্পূৰ্ণ কৰাত অসফল হয়।[4] পৰৱৰ্তী সময়ত, তেওঁ চিটি কলেজত অধ্যয়ন কৰিছিল।
১৯৪৩ চনত তেওঁ কাৰাগাৰৰ ইন্সপেক্টৰ জেনেৰেল (আই জি) হিচাপে তেওঁৰ পেছাদাৰী জীৱন আৰম্ভ কৰে। ১৯৪৪ চনত কিছু দিনৰ বাবে তেওঁ অসামৰিক যোগানৰ বাবে কাম কৰিছিল।[2]
এজন শিক্ষাৰ্থী হিচাপে, ফাৰুখ আহমেদ মানবেন্দ্ৰ নাথ ৰয়ৰ উগ্ৰ মানৱতাবাদৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু বামপন্থী ৰাজনীতিত অংশগ্ৰহণ কৰিছিল। অৱশ্যে চল্লিশৰ দশকৰ পৰা তেওঁ পাকিস্তান আন্দোলনক সমৰ্থন কৰিছিল, এই আন্দোলনে এখন স্বাধীন মুছলমান ৰাষ্ট্ৰৰ বাবে ওকালতি কৰিছিল। তেওঁ ১৯৫২ চনত বঙালী ভাষা আন্দোলনৰ লগতে ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ এজন উৎসাহী সমৰ্থক আছিল।[5]
তেওঁৰ কবিতাবোৰ আৰবী আৰু পাৰ্চী শব্দৰে পৰিপূৰ্ণ আছিল। সাত সাগৰেৰ মাঝি[6] আছিল আহমেদৰ উল্লেখযোগ্য সাহিত্য কৃতি। তেওঁ ব্যংগ কবিতা আৰু চনেটও লিখিছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.