![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/61/Guru_Hargobind_is_released_from_Gwalior_Fort_by_Jahangir%2527s_order.jpg/640px-Guru_Hargobind_is_released_from_Gwalior_Fort_by_Jahangir%2527s_order.jpg&w=640&q=50)
বন্দী ছোড় দিৱস
From Wikipedia, the free encyclopedia
বন্দী ছোড় দিৱস (ইংৰাজী: Bandi Chhor Divas) শিখ ধৰ্মাৱলম্বী সকলে উদযাপন কৰা উৎসৱ। এই দিনা শিখসকলৰ ষষ্ঠ গুৰু, গুৰু হৰগোৱিন্দক গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়া হৈছিল। মোগল সম্ৰাট জাহাংগীৰে তেওঁক কেইবা মাহ ধৰি গ্বালিয়ৰ দুৰ্গত বন্দী কৰি ৰাখিছিল। বৰ্তমান এই দুৰ্গৰ যি স্থানত গুৰুক বন্দী কৰি ৰখা হৈছিল তাতে এটা শিখ গুৰুদ্বাৰা গুৰুদ্বাৰ দাতা বন্দী ছোড় চাহিব অৱস্থিত। 'বন্দী ছোড় দিৱস'ৰ আক্ষৰিক অৰ্থ হৈছে 'মুক্তি দিৱস' বা 'বন্দী এৰি দিয়া দিন'। এই দিন শৰৎ ঋতুত পৰে আৰু প্ৰায়ে পঞ্জাবত উদযাপন কৰা পোহৰৰ উৎসৱ হিন্দু উৎসৱ দেৱালীৰ সৈতে একে দিনত উদযাপন কৰা হয়। ঐতিহাসিকভাৱে তৃতীয় শিখ গুৰু অমৰ দাসৰ সময়ৰ পৰা দেৱালী, বৈশাখী আৰু এনে অন্যান্য উৎসৱসমূহত শিখ আৰু হিন্দুসকলৰ গুৰুআসনৰ ওচৰত একত্ৰিত হৈছিল।[1][2][3] ২০ শতিকাৰ শেষভাগত শিখ ধৰ্মীয় নেতা আৰু শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিয়ে শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ তদানীন্তন সভাপতি অধ্যাপক কিৰপাল সিং বাদুংগাৰৰ অধীনত ২০০৩ চনত নানকশাহী কেলেণ্ডাৰ অনুসৰি এই দিনক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।[4]
বন্দী ছোড় দিৱস | |
---|---|
![]() ষষ্ঠ শিখ গুৰু হৰগোৱিন্দজীক মোগল সম্ৰাট জাহাংগীৰৰ আদেশত গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়াৰ চিত্ৰণ | |
পালন কৰে | শিখ সকল |
প্ৰকাৰ | সাংস্কৃতিক, ধৰ্মীয় |
তাৰিখ | কাৰ্তিক মাহৰ অমাবস্যা |
উদযাপন | পোহৰৰ উৎসৱ হিচাপে বন্তি প্ৰজ্বলন, লংগৰ, গৃহসজ্জা, ধৰ্মীয় অনুষ্ঠান |
সম্পৰ্কিত | দেৱালী |
দেৱালী উৎসৱ সমগ্ৰ ভাৰত আৰু বিশ্বব্যাপী হিন্দু, জৈন আৰু শিখ ধৰ্মালম্বী লোকসকলে উদযাপন কৰে। ইয়াৰ গুৰুত্ব হিন্দু ধৰ্মৰ প্ৰাচীন ঘটনা আৰু শাস্ত্ৰৰ ওপৰত আধাৰিত। আনহাতে বন্দী ছোড় দিৱসে ষষ্ঠ গুৰু হৰগোৱিন্দৰ সৈতে সম্পৰ্কিত এটা শিখ ঐতিহাসিক অনুষ্ঠান। ঐতিহাসিক তথ্য অনুসৰি এই দিনটোতে গুৰু হৰগোৱিন্দে মোগল সম্ৰাট জাহাংগীৰৰ দ্বাৰা বন্দী ৫২জন ৰজাৰ মুক্তি সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল।[5][6][7]
বন্দী ছোড় দিৱস ব্যক্তিগত ঘৰ আৰু গুৰুদ্বাৰাত উদযাপন কৰা হয়। শোভাযাত্ৰা বা নগৰ কীৰ্তন আৰু লংগৰ বা সম্প্ৰদায়ৰ পাকঘৰৰ লগতে সকলো ঠাই পোহৰেৰে আলোকিত কৰি উদযাপন কৰা হয়। বৈশাখী, হলা মোহল্লা আৰু গুৰুপৰ্বৰ সৈতে এয়া এক গুৰুত্বপূৰ্ণ শিখ উৎসৱ।[4][8]