![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/bd/Bagua_Zhao_Huiqian.jpg/640px-Bagua_Zhao_Huiqian.jpg&w=640&q=50)
বাগুৱা
চীনা পৰম্পৰাগত প্ৰতীক / From Wikipedia, the free encyclopedia
বাগুৱা (চীনা ভাষা: 八卦) হ'ল কিছুমান বিপৰীতমুখী চীনা প্ৰতীকৰ সমষ্টি যি বাস্তৱিকতাৰ প্ৰকৃতি দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। বাগুৱা তিনিডাল আচ মিলি গঠিত হয়। তাৰে কিছমান আচ ভগা আৰু কিছুমান নভগা থাকে যি য়িন আৰু য়াংক বুজাই।[1]প্ৰতিডাল আচে দুটা অৱস্থাৰ সম্ভাৱনা দেখুৱাই যি মুঠ ২×২×২=৮ টা ট্ৰাইগ্ৰাম বুজাই যাৰ গণনা আৰু বৈশিষ্ট্য নিৰ্ণয়ে চীনা দৰ্শন আৰু ব্ৰহ্মাণ্ডবিজ্ঞানত বৃহৎ প্ৰভাৱ পেলাইছিল।
ত্ৰিগ্ৰামসমূহ আই চিঙত বৰ্ণনা কৰা ভৱিষ্যদ্বাণী প্ৰথাৰ সৈতে জড়িত যি শ্বাং আৰু ঝৌ বংশৰ ৰাজধৰ্মৰ অনুশীলন আছিল। লগতে ই টাইজিৰ ধাৰণা আৰু পৰম্পৰাগত চীনা আধ্যাত্মিকবিজ্ঞানৰ পাঁচটা উপাদানৰ সৈতেও জড়িত।[2]
ট্ৰাইগ্ৰামসমূহ জ্যোতিৰ্বিজ্ঞান, ভৱিষ্যদ্বাণী, ধ্যান, জ্যোতিষ, ভূগোল, ভূ-বিজ্ঞান (ফেংছুই), শৰীৰবিজ্ঞান, সজ্জা কলা, পৰিয়াল, যুদ্ধ কলা (বিশেষকৈ টাইজিকুয়ান আৰু বাগুয়াজাং), চীনা চিকিৎসা আৰু অন্যান্যৰ কিছু প্ৰথাৰ সৈতে মিল আছে।[3] [4]
বাগুৱা এটাকৈ বা কেইবাটাও মিলি থাকিব পাৰে। ইয়াক সাধাৰণতে দুটা ভিন্ন অৱস্থাত দেখা যায়: আদিম (先天八卦), "আগতীয়া স্বৰ্গ", বা "ফু ছি" বাগুৱা (伏羲八卦) আৰু প্ৰকাশিত (後天八卦) , "শেহতীয়া স্বৰ্গ", বা "স্বৰ্গদেউ ৱেনৰ" বাগুয়া।[5]
আই চিঙত দুটা ট্ৰাইগ্ৰাম একেলগে গোট খুৱাই ছয় শাৰীৰ আকৃতি সৃষ্টি কৰা হয় যাক হেক্সাগ্ৰাম বুলি জনা যায়। ইয়াৰ ৬৪টা সম্ভাৱ্য ক্ৰমবিন্যাস আছে। ৬৪টা হেক্সাগ্ৰাম আৰু ইয়াৰ বৰ্ণনাই আই চিঙ কিতাপখন গঠন কৰিছে। ত্ৰিগ্ৰামৰ প্ৰতীকবাদৰ সহায়ত হেক্সাগ্ৰামৰ চিত্ৰ আৰু লিখনীৰ ব্যাখ্যা কৰিব পাৰি। হেক্সাগ্ৰাম ১৯ ধাৰাবাহিকৰ পৰা এটা উদাহৰণ: "হ্ৰদৰ ওপৰৰ পৃথিৱী: ধাৰণাৰ প্ৰতিমূৰ্তি। সেয়ে মহান ব্যক্তি জ্ঞান দি নাভাগৰে, আৰু তেওঁৰ জনসাধাৰণৰ প্ৰতি সহনশীলতা আৰু সুৰক্ষা সীমাহীন।"[6]ট্ৰাইগ্ৰামসমূহ তলত দেখুওৱা দৰে য়ীজিং চাৰ্টসমূহ সংগঠিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।