From Wikipedia, the free encyclopedia
বিশ্ব ৰক্তদাতা দিৱস (ইংৰাজী: World Blood Donor Day) প্ৰতি বছৰে ১৪ জুন তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ২০০৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে এই দিৱস উদযাপন কৰিছিল।
বিশ্ব ৰক্তদাতা দিৱস | |
---|---|
পালন কৰে | ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে |
তাৰিখ | ১৪ জুন |
উদযাপন | সজাগতা সৃষ্টি, ৰক্তদান শিবিৰ |
পৰৱৰ্তী তাৰিখ | প্ৰতিবছৰে একেদিনা |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বিশ্ব ৰক্তদাতা দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হ’ল বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্ছ দিৱস, বিশ্ব মেলেৰিয়া দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.