বিশ্বনাৰায়ণ শাস্ত্ৰী
From Wikipedia, the free encyclopedia
বিশ্বনাৰায়ণ শাস্ত্ৰী (ইংৰাজী: Biswanarayan Shastri) আছিল একাধাৰে ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী(১৯৮৬) নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ ১৯৮৭ চনৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ ১৯৫৩-৫৮ চনলৈকে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষও আছিল।[1] তেওঁৰ লিখা মুঠ গ্ৰন্থৰ সংখ্যা ৪০ খন। [2] অন্যহাতে তেওঁ এজন সফল অনুবাদকো আছিল। ইংৰাজী সাহিত্যতো তেওঁ বহুকেইখন গ্ৰন্থ লিখি থৈ গৈছে। হাতেলিখা পাণ্ডুলিপিৰ পৰা উদ্ধাৰ কৰি কালিকাপুৰাণ, কামাখ্যাতন্ত্ৰ আৰু যোগিনীতন্ত্ৰৰ দৰে মূল্যবান সাহিত্য সম্পদ তেওঁ সম্পাদনা কৰি ইংৰাজীত আগকথা আৰু পাদটীকাসহ প্ৰকাশ কৰি থৈ গৈছে।[3] সেইদৰে ইংৰাজীলৈ কালিকাপুৰাণৰ অনুবাদ, অসমীয়ালৈ 'বিমান আৰু হৰ্ষ'ৰ অনুবাদ, উত্তৰ-পূবাঞ্চলৰ জনজাতীয় লোককথাৰ সংকলন আদিও তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ।[1]তেখেতে অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷