From Wikipedia, the free encyclopedia
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আতাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল। কিন্তু প্ৰকৃত বেংগলত বংগ অঞ্চলহে সামৰা হয়, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশ। ফ'ৰ্ট ৱিলিয়ামৰ আশে-পাশে বিকশিত মহানগৰ কলিকতা আছিল বেংগল প্ৰেচিডেঞ্চিৰ ৰাজধানী। এসময়ত বেংগলৰ ৰাজ্যপালেই আছিল ভাৰতৰ ভাইচেৰয় আৰু কলিকতা ১৯১১ চনলৈকে ভাৰতৰ অনানুষ্ঠানিক ৰাজধানী আছিল।[3]
বেংগল প্ৰেচিডেঞ্চিৰ উৎস মোগল সম্ৰাট জেহাংগীৰৰ শাসনত ১৬১২ চনত বংগ চুবাহত স্থাপিত কিছুমান বাণিজ্য কেন্দ্ৰ।[4] ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আন আন ইউৰোপীয় কোম্পানীৰ মাজত বংগ অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ প্ৰতিযোগিতাৰ সূচনা হৈছিল। ১৭৫৭ চনৰ পলাশীৰ যুদ্ধত বংগৰ নৱাবৰ ক্ষমতাৰ অন্ত[5][6] আৰু ১৭৬৪ চনৰ বক্সৰৰ যুদ্ধৰ[7] পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণ প্ৰায় সমগ্ৰ ভাৰতীয় উপমহাদেশত বিস্তাৰ হ'ল। ই ভাৰতত কোম্পানীৰ শাসনৰ আৰম্ভণি আছিল, আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতীয় উপমহাদেশৰ আতাইতকৈ শক্তিশালী সামৰিক শক্তি হৈ পৰিল। ব্ৰিটিছ সংসদে লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ একাধিকাৰ আঁতৰাবলৈ ধৰিলে। ১৮৫০ৰ দশকত কোম্পানীটোৰ বিত্তীয় সমস্যা বাঢ়িবলৈ ধৰিলে।[8] তেনেতে ১৮৫৭ চনত চিপাহী বিদ্ৰোহ ঘটিল,[9][10] যাৰ পাছত ব্ৰিটিছ চৰকাৰে নিজেই ভাৰতৰ শাসনৰ ভাৰ গ্ৰহণ কৰিলে। বেংগল প্ৰেচিডেঞ্চিক পুনৰ্গঠিত কৰা হ'ল, আৰু বিংশ শতিকাৰ আগ ভাগত ই হৈ পৰিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ মূল কেন্দ্ৰ।[11] তদুপৰি, বেংগল প্ৰেচিডেঞ্চিয়েই বংগৰ নৱজাগৰণৰো স্থল।[12]
বেংগল আছিল ব্ৰিটিছ ৰাজৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু শৈক্ষিক কেন্দ্ৰ। আদ্য-ঔদ্যোগীকৰণৰ সময়ত বংগই ঔদ্যোগিক বিপ্লৱত বিশেষ ভূমিকা পালন কৰিছিল, যদিও শীঘ্ৰে তিপু চুলতানৰ মাইচুৰ ৰাজ্যই আতাইতকৈ দমনীয় অৰ্থনৈতিক শক্তিৰ খিতাপ ল'লে।[13] বেংগলৰ পুনৰ্গঠনত পেনাং, চিংগাপুৰ আৰু মালাক্কাক আঁতৰ কৰা হ'ল ১৮৬৭ চনত।[14] ব্ৰিটিছ বাৰ্মা প্ৰথমে ব্ৰিটিছ ভাৰতৰ এক পৃথক প্ৰদেশ হ'ল আৰু পাছলৈ এক পৃথক উপনিৱেশ। পশ্চিমত চিডেড এণ্ড কংকুৱাৰ্ড টেৰিট'ৰিজ (উত্তৰ প্ৰদেশ, কুমাঊঁ, গঢ়ৱাল আদি) তথা পাঞ্জাবক পুনৰ্গঠিত কৰা হ'ল। উত্তৰ-পূবৰ অঞ্চল হ'লগৈ পৃথক ঔপনিৱেশিক অসম। ১৯৪৭ চনৰ ভাৰত বিভাজনত বেংগলকো দুভাগ কৰা হ'ল ধাৰ্মিক আধাৰত।[15]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.