![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fb/Metallurgical_diffusion.png/640px-Metallurgical_diffusion.png&w=640&q=50)
ব্ৰঞ্জ যুগ
From Wikipedia, the free encyclopedia
ব্ৰঞ্জ যুগ (ইংৰাজী: Bronze Age) হৈছে মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু চিহ্ন লিপিৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fb/Metallurgical_diffusion.png/640px-Metallurgical_diffusion.png)
ব্ৰঞ্জ যুগ |
---|
↑ নৱ প্ৰস্তৰ যুগ |
প্ৰাচ্য (৩৩০০–১২০০ খ্ৰী:পূ:)
দক্ষিণ এচিয়া (৩০০০–১২০০ খ্ৰী:পূ:)
ইউৰোপ (৩২০০–৬০০ খ্ৰী:পূ:)
চীন (২০০০–৭০০ খ্ৰী:পূ:)
|
আৰ্চেনিকেল ব্ৰঞ্জ |
↓লৌহ যুগ |
ব্ৰঞ্জ যুগত তামৰ আকৰৰ পৰা তাম আহৰণ কৰি ইয়াক টিন, আৰ্ছেনিক বা অন্য ধাতুৰ সৈতে মিহলাই মিশ্ৰ ধাতু যেনে ব্ৰঞ্জ তৈয়াৰ কৰা হৈছিল। ব্ৰঞ্জৰ উৎপাদন কৰা ঠাই আৰু আন ঠাইৰ মাজত ধাতুবিধৰ আদান-প্ৰদান কৰা চলিছিল। তাম-টিনৰ আকৰ সহজতে পোৱা নগৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দত আমদানি নোহোৱালৈকে পশ্চিম এচিয়াত এই আকৰসমূহ নাছিল। সেয়ে বিশ্বৰ প্ৰায়ভাগ ঠাইতে নৱ্য প্ৰস্তৰ যুগৰ (ইংৰাজী: Neolithic) পিছতে ব্ৰঞ্জ যুগৰ আৰম্ভণি হোৱাৰ বিপৰীতে কোনো কোনো অঞ্চলত তাম্ৰ যুগে সেই ঠাই লৈছিল। কিছু ঠাইত আনকি নৱ্য প্ৰস্তৰ যুগৰ পিছতে লৌহ যুগৰ আৰম্ভণি ঘটিছিল।[1]