ভাইৰাছ
From Wikipedia, the free encyclopedia
ভাইৰাছ (ইংৰাজী: Virus) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল বিষ (প্ৰাণীৰ পৰা উৎপন্ন হোৱা বিষ)। নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত অকোষীয়, ৰোগ সৃষ্টিকাৰী, অবিকল্পী পৰজীৱী, অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু, যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে, কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে। বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে। ১৮৯৬ খ্ৰীষ্টপূৰ্বত উইলিয়াম বাইজিৰিংকেয়ে ধঁপাত পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে।[1]